সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰম্ভণি: নতুন পৃথিৱীৰ নতুন দিগন্তত, ন চকু যুৰিত দীপ্তি ঢালি লৈ, পুৰণি পৃথিৱীক ন দৃষ্টিৰে চাই অসমীয়া ভাষা-সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে যেনে বিনন্দীয়াকৈ বেজবৰুৱা দেৱে সজাই থৈ গ'ল, তাৰ দৃষ্টান্ত অতি বিৰল। জন্ম: ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ-মধুৰ জ্যোৎস্না ভৰা শুভ পৱিত্ৰ লগ্নত “ভূমিষ্ঠ নহৈ নৌকাস্থ হােৱা”, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ পুত্র লক্ষ্মীনাথে যি জ্যোতিৰ মালাৰে পৰিবৃত হৈ জন্মগ্রহণ কৰিছিল, সেই জ্যোতিৰ মালাৰেই অসমীয়া ভাষা-সাহিত্যৰ জগৎ উদ্ভাসিত কৰি থৈ গৈছে। শিক্ষা: পিতৃ-মাতৃৰ বৈষ্ণৱাদৰ্শই শৈশৱৰেপৰা বেজবৰুৱাক প্ৰভাৱাম্বিত কৰিছিল। তেওঁ তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বেৰে উত্তীর্ণ হৈ কলিকতাত প্রথমে ৰিপন কলেজত আৰু পাছত চিটি কল...