এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত প্ৰকাশ কৰা
১.আনৰ ভাল দেখিব নোৱাৰা— পৰশ্ৰীকাতৰ, চকু-চৰহা।
২.যি আনৰ অধীন নহয়—স্বাধীন।
৩.যি আনৰ অধীন—পৰাধীন।
৪.যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে—ডকাইত।
৫.যি লােকে বিশ্বাস ৰাখিব নােৱাৰে— অবিশ্বাসী।
৬.যি মাটিৰ উৎপাদিকা শক্তি নাই— অনুৰ্বৰা।
৭.যি মাটিত সাৰ নাই— অসাৰুৱা।
৮.ঘাঁহেৰে ভৰা যি ঠাই—ঘাঁহনি।
৯.যি কথাৰ অৰ্থ নাই— নিৰর্থক, অর্থহীন, অর্থশূন্য।
১০.খাবলৈ অনা কল-পুলি— পচলা,
১১.কনেৰে নুশুনা যি মানুহ — কলা
১২.যি পথৰপৰা বিচলিত হৈছে- পথভ্রষ্ট।
১৩.যি দেশৰ হকে মৃত্যুবৰণ কৰে– শ্বহীদ (ছহিদ)।
১৪. যি তিৰােতাই কাপােৰ ব'ব জানে—শিপিনী।
১৫.গৰু বন্ধা ঠাই— গােহালি।
১৬.ম’হ বন্ধা ঠাই–খুঁটি।
১৭.যি মাগি খায় — মগনিয়াৰ।
১৮.যি খুজি খায়— খােজনিয়াৰ।
১৯.যি দীর্ঘকাল জীয়াই থাকে— দীর্ঘজীৱী।
২০.গােটেই জীৱন জুৰি—আজীৱন।
২১.যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে— আত্মনিৰ্ভৰশীল, স্বাৱলম্বী।
২২.যি পৰৰ ওপৰত নিৰ্ভৰ কৰি চলে— পৰনিৰ্ভৰশীল,
২৩.যি বস্তু দিব পৰা নাযায় —অদেয়।
২৪.যি কথা জনা নাযায়— অজ্ঞাত, অজানিত।
২৫.যাক সহজতে লাভ কৰা যায়- সুলভ, অনায়াসলভ্য, সহজলভ্য।
২৬.যাক সহজতে লাভ কৰিব নােৱাৰি— দুর্লভ।
২৭.নােহােৱা বস্তু উদ্ভাৱন কৰােতা— আৱিষ্কাৰক, আৱিষ্কর্তা।
২৮.যি আনৰ মুখলৈ বাট চাই থাকে—পৰমুখাপেক্ষী। ২৯.যাৰ বল আছে—বলী।
৩০.যি মানুহৰ নিজাপী ঘৰ বাৰী নাই বা
একে ঠাইতে থিতাপি হৈ নথকা এজাতি মানুহ — অঘৰী
৩১.যি জন্তু ঘৰত পােহা হয়— পােহনীয়া।
৩২.যি অতিশয় দীঘল নহয়—নাতিদীর্ঘ।
৩৩.যি জুইত পুৰি নাযায়— অদাহ্য।
৩৪.যি আগেয়ে শুনা নাই—অশ্রুতপূর্ব।
৩৫.যি ঘটনা আগেয়ে ঘটা নাই— অভূতপূর্ব।
৩৬.যি চিঠি বিলায়— পিয়ন।
৩৭.যি জনে বিয়া কৰােৱা নাই— অবিবাহিত, আবিয়ৈ।
৩৮.যি মানুহে দেশক ভাল পায়— দেশপ্রেমিক।
৩৯.যাৰ ধন আছে—ধনী।
৪০.যি মানুহ দেশৰ ভক্ত— দেশভক্ত ।
৪১.যাৰ বল নাই— নির্বলী, দুর্বল।
৪২.যি জন কর্মত বীৰৰ তুল্য- কর্মবীৰ।
৪৩.যাৰ মান আছে— মানী।
৪৪.যি জন সাহিত্যত সম্রাটৰ তুল্য —সাহিত্য-সম্রাট।
৪৫.যি দুয়ােটা চকুৰে দেখা নাপায়— অন্ধ।
৪৬. ঘৰত থকা জন্তু— ঘৰচীয়া।
৪৭.যি গুণীৰ গুণ বুজিব পাৰে— গুণগ্রাহী।
৪৮.যি বিদেশৰপৰা আহে— বিদেশী।
৪৯.যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে- কৃতজ্ঞ।
৫০.যি এটা চকুৰে নেদেখে— কণা।
৫১.বাটেৰে যােৱা মানুহ— বাটৰুৱা।
৫২.সাহ যাৰ আছে— সাহসী, সাহিয়াল।
৫৩.বটা সাৰিয়হেৰে কৰা চাটনি- কাহুঁদী।
৫৪.বিহুৰ আগ দিনা— উৰুকা।
৫৬.খাৰণি সমা সৰিয়হৰ গুৰি —খাঁৰলি, বেহুৱা।
৫৭.মাটিৰ নিচেই সৰু টেকেলি- ভুৰুকা।
৫৮.আনৰ দোষ দেখা স্বভাৱ —অসূয়া।
৫৯.ঠেং নােহােৱা ভেকুলী পােৱালি— লালুকী।
৬০.যাৰ পিতৃ-মাতৃ দুয়াে মৰিছে— ঘাট মাউৰা।
৬১.য'ত বহুতাে ল'ৰা-ছােৱালীয়ে পঢ়ে—পঢ়াশালি, বিদ্যালয়।
৬২.যি ঠাই অতি ঠাণ্ডাও নহয়, গৰমাে নহয়— নাতিশীতােষ্ণ।
৬৩.যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায়— দুর্লংঘ্য।
৬৪.যাক লংঘন কৰিব নােৱাৰি— অলংঘ্য, অলংঘ্যনীয়
৬৫.বৰষুণ নােহােৱা যি বতৰ— খৰাং ।
৬৬.বনত থকা বস্তু বা জন্তু —বনৰীয়া।
৬৭.যাৰ একোৱেই নাই— অকিঞ্চন, নিঃস্ব।
৬৮.যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত— প্রাতঃ স্মৰণীয়।
৬৯.যি সহজতে জীণ নাযায়—গুৰুপাকী, দুষ্পচ্য।
৭০.আহাৰ জীর্ণ নােযাৱা কাৰণে হােৱা বেমাৰ— অজীর্ণ।
৭১.যি তিৰােতাই ধান ৰােৱে— ৰোৱনী।
৭২.যি তিৰােতাই ধান দায়— দাৱনী।
৭৩.যাক সহজে বুজা যায়— সহজবােধ্য।
৭৪.যাক বুজিব পাৰি— বােধগম্য।
৭৫.যি যন্ত্ৰেৰে হাতেৰে সূতা কাটে— যঁতৰ।
৭৬.হঠাতে হােৱা যি ঘটনা— আকস্মিক।
৭৭.ৰং আছে য'ত —ৰঙালী।
৭৮.জুই ধৰি ৰখা যি ঠাই— জুহাল।
৭৯.সােণৰ দৰে বৰণ যাৰ—সােণালী, সােণাৱালী।
৮০.ৰূপৰ দৰে বৰণ যাৰ —ৰূপােৱালী, ৰূপালী।
৮১.ভােগ আছে যত—ভােগালী।
৮২ৰন্ধা বঢ়া কৰা যি ঠাই— ৰান্ধনি-শাল।
৮৩.যি একে গােত্ৰৰ—সগােত্র।
৮৪.গধূলি চকুৰে যি নেদেখে— কুকুৰীকণা।
৮৫.যি সঁচা কথা কয়— সত্যবাদী।
৮৬.যি ইন্দ্রিয় জয় কৰিব পাৰে— জিতেন্দ্রিয়।
৮৭.মাটিৰে যি নির্মিত—মৃন্ময়।
৮৮.যি তিৰােতাৰ স্বামী মৰিছে – বিধৱা, বাঁৰী।
৮৯.মেলত যি পাৰ্গত —মেলেকী।
৯০.যি পুৰুষৰ ঘৈণীয়েক মৰিছে– বৰলা, বিপত্নীক।
৯১.যি অনুষ্ঠান শৰৎ কালতে হয়— শাৰদীয়।
৯২.মিছা কথা যি কয়–মিছলীয়া।
৯৩.যি কৰ্তব্য স্থিৰ কৰিব নােৱাৰে—কিংকৰ্তব্যবিমূঢ়, হতবুদ্ধি।
৯৪.যি মাতৃৰ মাত্র এটাহে সন্তান— কাকবন্ধ্যা।
৯৫.একে মাকৰ যি সন্তান— সহােদৰ, সােদৰ।
৯৬.একে সময়তে হােৱা — সমসাময়িক।
৯৭.এবাৰ গুটি লাগি মৰা গছ—ঔষধি।
৯৮.স্বামী থকা তিৰােতা— আয়তী, সধৱা ।
৯৯.লােকক দেখি পাছত যি কৰা যায়— অনুকৰণ।
১০০.লােকক দেখি পিছে পিছে যােৱা— অনুসৰণ।
১০১.লােকৰপৰা পােৱা নিন্দা— লােকনিন্দা।
১০২.যাক ভেদ কৰিব নােৱাৰি— অভেদ্য।
১০৩.পি খােৱা যি বস্তু- পেয়।
১০৪.যাক সহজে ভেদ কৰিব নােৱাৰি — দুর্ভেদ্য ১০৫.চেলেকি খােৱা বস্তু— লেহ্য।
১০৬.যি ঈশ্বৰক বিশ্বাস নকৰে— নাস্তিক।
১০৭.যি কষ্ট সহিব পাৰে —কষ্টসহিষ্ণু।
১০৮.যি পৰৰ ঠাইত বাস কৰে– প্রবাসী।
১০৯.যি ঈশ্বৰক বিশ্বাস কৰে — আস্তিক।
১১০.যাৰ পিতৃ-মাতৃ দুয়ো মৰিছে — ঘাট মাউৰা।
১১১.যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে— অকৃতজ্ঞ, কৃতঘ্ন।
১১২.যি পৰিণাম চিন্তা কৰি কাম কৰে— পৰিণামদর্শী।
১১৩.যাক সহজতে ভাঙিব পাৰে— ভংগুৰ।
১১৪.যি কোনাে কাম কৰিব নােৱাৰে— অকর্মণ্য, অসাঁঠন।
১১৫.যি কথা কোৱা উচিত নহয়— অকথনীয়, অকথ্য।
১১৬.যি বিধিসম্মত— বৈধ।
১১৭.যি বিধি সম্মত নহয় বা বিধিৰ বিৰােধী— অবৈধ।
১১৮.দৰ্মহা নােলােৱাকৈ কৰা কাম— অবৈতনিক।
১১৯.প্রাণক পণ কৰি— প্ৰাণপণে।
১২০.চোবাই খােৱা যি বস্তু— চৰ্ব্য।
১২১.যি ক্ষয় হ'বলৈ ধৰিছে— ক্ষয়িষ্ণু।
১২২.যি ভৱিষ্যত চিন্তা কৰিব পাৰে — দূৰদৰ্শী।
১২৩.যি ভবিষ্যত চিন্তা কৰিব নােৱাৰে— অদূৰদৰ্শী।
১২৪.যি বাঢ়িবলৈ ধৰিছে– বাৰ্দ্ধিষ্ণু।
১২৫.যাৰ সকলাে বস্তু অঁটাকৈ আছে — আটন্তিয়াৰ। ১২৬.যাৰ ঋণ আছে—ঋণী।
১২৭.এটা সন্তান হােৱাৰপৰা আন এটা হােৱালৈকে সময়— আনজ।
১২৮.যাৰ হাত আঠুৰ তললৈকে পৰা —আজানুলম্বিত।
১২৯.যাৰ মৰণ নাই—অমৰ।
১৩০.কোনাে কার্য কৰিবলৈ স্থিৰ কৰা —কৃতসংকল্প।
১৩১.যি নিজে নিজে হয়— স্বয়ম্ভূ।
১৩২.কাৰাে নাম নধৰাকৈ পৰা গালি- গুৱাল-গালি। ১৩৩.যাৰ ধাৰ আছে— ধৰুৱা।
১৩৪.যি দুই হাত সমানে চলাৰ পাৰে— সব্যসাচী।
১৩৫.যাৰ সীমা নাই— অসীম।
১৩৬.যি আনফালে মন দিয়ে অন্যমনস্ক।
১৩৭.যাক বধ কৰা উচিত— বধ্য।
১৩৮.যাক নিৰাৰণ কৰিব নােৱাৰি— অনিবার্য।
১৩৯.যাৰ ধৰ্মলৈ ভয় আছে— ধর্মভীৰু।
১৪০.যাক বর্ণনা কৰিব নােৱাৰি— অবর্ণনীয়।
১৪১.যাৰ আদি নাই— অনাদি।
১৪২.যাক পৰিত্যাগ কৰিব নােৱাৰি— অপৰিহাৰ্য বা অপৰিত্যাজ্য।
১৪৩.যাক কল্পনা কৰিব নােৱাৰি— কল্পনাতীত, অকল্পনীয়।
১৪৫.বধ কৰিবৰ ইচ্ছা— জিঘাংসা।
১৪৬.যাৰ ৰিৱেচনা শক্তি নাই— অবিবেচক।
১৪৭.যি নিশাহে চৰে— নিশাচৰ।
১৪৮.যি জানিব খােজে বা জানিবলৈ আগ্ৰহী— জিজ্ঞাসু।
১৪৯.যিটো সুধিবলগীয়া— জিজ্ঞাস্য।
১৫০.যাক মূল্য দি কিনিব নােৱাৰি —অমূল্য।
১৫১.মাগিলেও ভিক্ষা নােপােৱা সময়— দুর্ভিক্ষ।
১৫২.যি কাৰাে পক্ষৰ বা ফলীয়া নহয়— নিৰপেক্ষ।
১৫৩.কোনাে কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ —সঁজাতী।
১৫৪.একেজন গুৰুৰে শিষ্য- সতীর্থ, হৰিভকত।
১৫৫.যাৰ আগমন আহ্বান কৰা হয়— স্বাগত।
১৫৬.যাক বধ কৰা অনুচিত- অবধ্য।
১৫৭.যাৰ সীমা আছে বা যি সীমাবদ্ধ— সসীম।
১৫৮.যাৰ অন্ত নাই— অনন্ত
১৫৯.যি নিয়ম মতে খৰচ কৰে— মিতব্যয়ী।
১৬০.যাৰ আশ্ৰয় নাই— নিৰাশ্রয়।
১৬১.যি সহ্য কৰিব পাৰে— সহিষ্ণু।
১৬২.যি গােচৰ তৰে— গুচৰীয়া।
১৬৩.যাৰ ওপৰত গােচৰ তৰে —পদকীয়া।
১৬৪.যি বিষ্ণুক উপাসনা কৰে- বৈষ্ণৱ।
১৬৫.যি শক্তিক উপাসনা কৰে— শাক্ত ।
১৬৬.যি শিৱক উপাসনা কৰে— শৈৱ।
১৬৭.যি একো নাজানে— অজ্ঞ।
১৬৮.যি ভাষাত পাৰ্গত— ভাষাবিদ।
১৬৯.যি কণীৰপৰা জন্মে– অণ্ডজ।
১৭০.যি একেলগে পঢ়ে— সহপাঠী।
১৭১.যি নিজৰ পেটলৈহে চিন্তা কৰে— আপােনপেটীয়া, স্বার্থপর।
১৭২.যি সমাপ্ত হােৱা নাই— অসমাপ্ত।
১৭৩.যত কোনাে মানুহ নাই- জনশূন্য।
১৭৪.য'লৈ যােৱা কষ্টসাধ্য— দুর্গম।
১৭৫.যি অনাই বনাই ঘূৰি ফুৰে —যাযাবৰ।
১৭৬.যাৰ পূর্বজন্মৰ কথা মনত আছে — জাতিস্মৰ।
১৭৭.যি মাটি ফুটি ওলায় —উদ্ভিদ।
১৭৮.যি কথা বিশ্বাস কৰিব নােৱাৰি– অবিশ্বাস্য।
১৭৯.যাৰ কথাৰ সাঁচ নাই— লপা।
১৮০.যি মৰাে মৰো অৱস্থা হৈছে— মুমূর্য।
১৮১.য'ত মানুহ বেছি —জনবহুল।
১৮২.যাৰ মূৰত চুলি নাই —তপা।
১৮৩.যি ভিক্ষা কৰি জীৱন নির্বাহ কৰে— ভিক্ষাৰী।
১৮৪.যি ধন খৰচ নকৰে— কৃপণ।
১৮৫.যি মাছ-মাংস খায়— আমিষাহাৰী।
১৮৬.যি মাছ-মাংস নাখায়— নিৰামিষাহাৰী।
১৮৭.যি যােগৰপৰা ভ্রষ্ট হৈছে— যােগভ্রষ্ট।
১৮৮.যি অলপতে ভয় খায়— ভয়াতুৰ।
১৮৯.যি ঘৰত ধান থয় বা ধান থােৱা ঘৰ —ভঁৰাল।
১৯০.যি অলপতে শুনে— শহাকণীয়া।
১৯১.যি নানা অভাৱত থাকে— অভাৱগ্রস্ত, অভাৱী। ১৯২.জন্তুৰ নিচিনা— জান্তৱ।
১৯৩.যাৰ নাম নাই— অনামী, অনামা।
১৯৪.যি নিয়মমতে খৰচ নকৰে— অমিতব্যয়ী।
১৯৫.নাম নিদিয়াকৈ দিয়া (চিঠি আদি)— বেনামী।
১৯৬.পনীয়া গাখীৰ দিয়া গাই— জলাহী।
১৯৭.বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা, খাদ্যবস্তু —খৰিচা।
১৯৮.মিহি নােহােৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি— খৰচি।
ঘৰলৈ সোমোৱা বাট
ReplyDeleteবাটচৰা হব
Deleteকাপোৰ বোৱা লোক
ReplyDeleteবোৱনী
DeleteKapoor Bowa loke
ReplyDeleteগৰু বন্ধা ৰছী and যি ৰাতি nedekhe
ReplyDeleteগৰু বন্ধা ৰচী
Deleteযাক জিনিব নোৱাৰি
ReplyDeleteকোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ
ReplyDeleteনাম উল্লেখ নকৰাকৈ লিখা চিঠি কি বোলে
ReplyDelete