অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

 অনুৰূপ শব্দঃ আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবােৰক অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, চাহ-তাহ, ডা-ডাঙৰীয়া, ভাত-চাত, ঘৰ-চৰ ইত্যাদি।


     অনুৰূপ শব্দ তিনি প্রকাৰৰঃ

(ক) অনুকাৰ অনুৰূপঃ মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অর্থশূন্য যিবােৰ শব্দ যােগ কৰা হয়, সেইবােৰক অনুকাৰ অনুৰূপ শব্দ বােলে। যেনেঃ মাছ-তাছ, ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, পুথি-চুথি ইত্যাদি।


(খ) দ্বিৰুক্ত অনুৰূপঃ কেতিয়াবা মূল শব্দৰ আদিধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দ দ্বিৰুক্ত অনুৰূপ শব্দ বােলে। যেনেঃ জা-জলপান, পা-পইচা, বা-বাতৰি, ডা- ডাঙৰীয়া ইত্যাদি।


(গ) যুৰীয়া বা অনিয়মিত অনুৰূপঃ কেতিয়াবা বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবােৰক যুৰীয়া বা অনিয়মিত অনুৰূপ বােলে। যেনে‍ঃ চাকৰ নাকৰ, তেল-কুৰ, ৰূপ-বান, মা-মছলা, জা-জলপান ইত্যাদি।


অনুকাৰ শব্দ বা ধ্বন্যাত্মক শব্দঃ কোনাে ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, তাক অনুকাৰ শব্দ বােলে। 

যেনেঃ কেৰ কেৰ, মেৰ মেৰ, হিৰ হিৰ, কা কা, টং

টং, ফোঁচ্ ফোঁচ ইত্যাদি।


সংগৃহীত ৰচনা বিচিত্ৰা 

ধৰ্ম সিংহ ডেকা।





Comments

  1. Thanks for this valuable information.... Sara Axom

    ReplyDelete
  2. Thanks for publishing this article and also visit Guwahati Latest Jobs for new recruitment in guwahati Assam

    ReplyDelete

Post a Comment

Popular posts from this blog

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।