মহৎ লোকৰ বাণী ( ৩য় খণ্ড )
মহৎ লোকৰ বাণী ( ৩য় খণ্ড )
১.“ধ্যানত স্নান কৰা, ধ্যানতে ডুবি যােৱা, চৈতন্য হৈ থাকি নিজৰ মনৰূপী অস্ত্র ধাৰণ কৰা ; এবাৰ মাত্র চৈতন্যতা জাগৃত হ’বলৈ পালে তােমাৰ দুখ দুৰ্গুণ নিজেই দূৰ হৈ যাব।”
👉 ভগৱান বুদ্ধ।
২.“বিপুল বেদনাই মানুহক মহান কৰে।”
👉 লাৰুছােফুকো।
৩.“কাম এটা যিমানেই কৃতিত্বপূর্ণ নহওক কিয়, মহৎ কাম বুলি ধৰিব নালাগে যদিহে ইয়াৰ অৰালত এক মহৎ উদ্দেশ্য নাথাকে।”
👉 লা ৰছফ’কল্ড।
৪.“বসয় যিমানে বাঢ়ে আমি আমাৰ কর্ম দক্ষতাৰ সীমাবদ্ধতাৰ কথা উপলব্ধি কৰাে।"
👉 ফ্রয়ড।
৫.“নাৱিক নিপুণ হ'লে সামুদ্রিক বতাহ আৰু ঢৌবােৰেও তেওঁক সহায়
কৰে।”
👉 গিবন।
৬.“মানুহ হয় নিজে ভাল হ’ব লাগিব, অথবা ভাল মানুহক অনুসৰণ কৰিব লাগিব।”
👉 ডিমক্রিটাছ।
৭.“যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হােৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্রয়ােজন আৰু কিমান কাম কৰিবলৈ বাকী আছে।”
👉 ষ্টিফেন হকিং।
৮.“আচল ৰােমাণ্টিক অনুভূতি হ’ল আমাৰ পৰা পলাব খােজা জীৱনটোক বাধা দি ৰখাটো।”
👉 টমাচ উলফ।
৯. “ভাগ্যই সেই সকলকহে সহায় কৰে যি সকলৰ ভাল বিচাৰ বুদ্ধি আছে।”
👉 ইউৰি পাইডিছ।
১০. “আমাৰ সদায় এটা ভুল ধাৰণা আছে যে নিজতকৈ আনৰ শক্তি বেছি বুলি ভাবাে।”
👉 নুফিল্ড।
১১.“সংসাৰত কোনাে কাম কৰিবলৈ হ'লে মানুহক ভাবিবলৈ বাধ্য কৰাব লাগিব যে সেই কাম তেওঁলােকৰ বাবেই কৰা হৈছে।”
👉 লাসুৱেৰ।
১২. “যদি মানৱ জাতিক ভাল পাব খােজা তেন্তে তেওঁলােকৰ পৰা বেছিকৈ পাবলৈ আশা নকৰিবা।"
👉 হেল ভেচিয়চ।
১৩. “সকলাে মানুহেই নিশ্চয়তা আৰু মানসিক প্রশান্তি বিচাৰে। কিন্তু নিশ্চয়তা কেতিয়াও সুনিশ্চিত নহয় আৰু মানসিক প্রশান্তি মানুহৰ ভাগ্যত লিখা নাই।”
👉 অলিভাৰ ওৱেণ্ডেল হােমছ।
১৪.“যিকোনাে মানুহেই মাজে সময়ে দুই-এটা বাহাদুৰিৰ কাম কৰিব পাৰে ; কিন্তু ভদ্রলােক হ’বলৈ হ'লে এজন মানুহ সকলাে সময়তেই ভদ্রলােক হৈ থাকিব লাগিব।”
👉 লুইজি পিবানদেল্লো।
১৫.“সভ্য মানুহে যি কোনাে বিষয়েই কথা পাতিব পাৰে। তেওঁলােকৰ কাৰণে নিষিদ্ধ বিষয় একো নাই।”
👉 ক্লাইৱ বেল।
১৬.“প্ৰতিটো ক্ষেত্ৰতেই মধ্যম পন্থাটোৱেই উত্তম ; সকলাে ক্ষেত্ৰতেই মাত্রাধিক্যই মানুহলৈ দুখহে কঢ়িয়াই আনে।”
👉 প্লাউটাচ পছি।
১৭. “কাৰ কি জাতি ভগৱানে খবৰ নকৰে, কোনে কি কৰে তাকেহে খবৰ কৰে।”
👉 গুৰু নানক।
১৮.“এটা কুৎসিৎ মনতকৈ এখন কুৎসিৎ মুখমণ্ডল অধিক গুণে উত্তম।”
👉 টমাচ ইলিচ।
১৯.“যি বন্ধুত্ব কেৱল কোনাে লক্ষ্য লৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বর্তি নাথাকে।"
👉 পুলিৎজাৰ।
২০.“মই বিদেশী শাসকক কেতিয়াও প্রণাম নজনাওঁ। তুমি এই বিষয়ে আৰু মােক একো নক'বা।”
👉 শিৱাজী।
২১. “দেহা ৰক্ষা কৰাতকৈ দেশ ৰক্ষা কৰাহে সবাতােকৈ ডাঙৰ কাম।”
👉 লাচিত বৰফুকন।
২২. “অভাৱ, দাৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনাে গণতন্ত্র সহকাল তিষ্ঠিব নােৱাৰে।"
👉 জৱাহৰলাল নেহৰু।
২৩.“মানুহ হৈছে স্বভাৱতে অস্থিৰ মনৰ। বিবাদ গ্রস্ত হলে তেওঁলােক হতাশ হৈ পৰে আৰু ঐশ্বর্যশালী হ’লে কৃপণ হৈ পৰে।”
👉 কোৰাণ ; ৭০; ১৯-২৬
২৪. “জীৱনটোৰ সৈতে চিনাকি হ'বলৈ মানুহ এবাৰৰ বাবে হলেও জেললৈ যােৱা উচিত।”
👉 হেম বৰুৱা।
২৫.“মই ঘৰত তিনিখন চকী ৰাখাে। এখন নির্জনতাৰ কাৰণে, এখন বন্ধুৰ কাৰণে আৰু এখন সমাজৰ কাৰণে।”।
👉 হেনৰি ডেভিদ থৰাে।
২৬.“যিকোনাে এটা হেঁপাহৰ বস্তু পােৱাৰ আগমুহুৰ্তলৈকে সেই বস্তুটোৰ প্রতি মানুহৰ আসক্তি থাকে। বস্তুটো পােৱাৰ পাছত মানুহ পুনৰ নতুন আকাংক্ষাৰ দাস হয়।”
👉 মহাভাৰত।
২৭.“কোনাে মানুহক কিবা বিষয় শিকাব বিচাৰিলে কেতিয়াও নিশিকে।”
👉 জর্জ বানার্ডশ্ব।
২৮.“নিজকে অতি তুচ্চ আৰু নিকৃষ্ট বুলি গণ্য কৰাটো একপ্রকাৰ আত্মঘাটী বেপাৰ।”
👉 চেমুৱেল স্মাইলচ।
২৯.“বিদেশী সাহিত্যৰ জ্ঞানাে দৰকাৰী। আচলতে সৃষ্টিশীল সাহিত্যৰ মৰ্ম বস্তু সকলাে দেশৰ, সকলাে মানুহৰ একেটাই।”
👉 মেক্সিম গৰ্কী।
৩০.“বস্তুতান্ত্রিক মন সদায় পদার্থ আহৰণৰ চাৰিসীমাৰ মাজত আবদ্ধ। সৃষ্টিকাৰ্যৰ বাবে এটা বন্ধনহীন মনৰ আৱশ্যক।”
👉 হেম বৰুৱা।
৩১.“ধূর্ত মানুহে যি দেশত জ্ঞানী বুলি স্বীকৃত হয়, সেই দেশেই আটাইতকৈ দুর্ভাগ্যৰ বােজা বহন কৰিবলগীয়া হয়।”
👉 বেকন।
৩২.“যন্ত্রণাৰ অনুভূতি থাকিলে মানুহে ত্যাগ কৰিব নােৱাৰে ত্যাগত অনাবিল আনন্দ আছে।”
👉 সুভাষ চন্দ্র বসু।
৩৩.“সৃষ্টিৰ আটাইতকৈ সুন্দৰ বস্তুটো হ’ল ফুল। কিন্তু তাৰাে শিপাবােৰ থাকে মাটি আৰু গােবৰত।”
👉ডি.এইচ.লৰেন্স।
৩৪.“মুক্তি বিচৰাসকলৰ দীক্ষাৰ প্ৰয়ােজন হয়।”
👉 ৰবীন্দ্রনাথ ঠাকুৰ।
৩৫.“যি বস্তুৰ বাবে মানুহ সমগ্র জীৱন প্রতীক্ষাৰত হৈ থাকে সেয়া নােপােৱালৈকে ক্ষান্ত হােৱাৰ কোনাে যুক্তি নাই।” 👉হেছ জোনছ।
৩৬.“মই প্লেটোক ভাল পাওঁ, কিন্তু প্লেটোতকৈও বেছি ভাল পাওঁ সত্যক।”
👉 এৰিষ্টটল।
৩৭.“মানুহ হৈছে সপােন দিঠকলৈ পৰিনত কৰা শিল্পী। পৃথিৱীখন শিল্পীৰ ঘৰ। শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্রদর্শনী। ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব।”
👉জ্যোতিপ্ৰসাদ আগৰৱালা।
৩৮. “সুযােগে চোৰৰ সৃষ্টি কৰে।”
👉বেকন।
৩৯.“মই ভগৱানৰ পেন্সিল। এই সৰু পেন্সিলডালেৰে তেওঁ যি ইচ্ছা তাকে লিখে। আমি আহিলা হিচাপে নিখুঁত নহ'লেও আমাৰ জৰিয়তে তেওঁ সুন্দৰভাৱে লিখে।”
👉মাডাৰ টেৰেছা।
৪০.“সাহিত্য শৈলীৰ প্রথম তিনিটা আৱশ্যকীয় কথা হ’ল কল্পনা, কল্পনা আৰু কল্পনা।”
👉এ জে বাইছ।
৪১. “যি অর্থনীতিৰ দ্বাৰা জনতাই সংস্কৃতি গঢ়িবলৈ সুবিধা নাপায় সেই অর্থনীতি অনুপযােগী, সংস্কৃতিক অর্থনীতি নহয়, যি দুস্কৃতিমূলক অর্থনীতি।”
👉জ্যোতিপ্ৰসাদ আগৰৱালা।
৪২.“জীৱনৰ পথত বাট বুলিলে কেতিয়াবা কেতিয়াবা উদাসীনতাও বজাই চলিব জানিব লাগিব।”
👉স্বপেন হাওৱাৰ।
৪৩.“টান কাম তাকেই বােলে যিটো কৰিবলৈ অলপ সময় লাগে। অসম্ভৱ কাম হ’ল সেইটো যিটো কৰিবলৈ আৰু অলপ বেছি সময় লাগে।”
👉ফিত্ তজফ নানছেন।
৪৪.“আনে যিবােৰ কথা আমাৰ পৰা গােপন কৰে সেইবােৰ আমি নিজৰ মাজতে আৱিস্কাৰ কৰাে আৰু আমি যিবােৰ কথা আমাৰ পৰা গােপন কৰাে সেইবােৰ আবিস্কাৰ কৰাে আনৰ মাজত।”
👉ভকেনাৰ গুছ।
৪৫.“কবিতা মানুহৰ ভাষাত লিখা হয়। ভাষা হৈছে সমাজৰ এটা উপাদান, ই এটা মাধ্যম যাৰ দ্বাৰা মানুহে ভাব বিনিময় কৰে আৰু পাৰস্পৰিক বুজাবুজি গঢ়ি তােলে। গতিকে দেখা যায় যে অধ্যয়নৰ দ্বাৰা সমাজক নিলগাই ৰাখি কবিতাৰ উৎস অধ্যয়ন কৰিব নােৱাৰি।”
👉ক্রিষ্ট'ফাৰ ক'ডুৱেল।
৪৬.“তীক্ষ কল্পনা শক্তিয়ে পাৰ্থিৱ জীৱনক মধুৰ কৰে। ইয়াৰ অবিহনে সংসাৰখন এটা জকাঁৰ দৰে দেখায়। শুকান, নিস্প্ৰাণ, ৰস-পম নােহােৱা জকাঁৰ দৰে।”
👉পার্থছ।
৪৭.“যিহেতু মানুহে হাবিৰ পশুপক্ষীৰ মাজত থাকি কোনাে মহৎ কার্য সাধিব নােৱাৰে, সেয়ে দুখপূর্ণ মানুহৰ মাজত থাকি মানুহৰ দুখ অশান্তি দূৰ কৰাই হ’ব লাগিব মানুহৰ ঘাই কর্তব্য।”
👉কনফুচিয়াছ।
৪৮.“মানুহৰ ক্ষেত্ৰত যিটো কথা সত্য, কিতাপৰ ক্ষেত্ৰটো সেই একে কথাই সত্য, মানুহৰ দৰে খুব কমসংখ্যক কিতাপেহে ইতিহাসত বিৰাট ভূমিকা পালন কৰে।”
👉ভল্টেয়াৰ।
৪৯.“বাতৰি কাকতৰ শক্তিৰ কথা খুব বেছিকৈ কোৱা হয় কিন্তু বাতৰি কাকতৰ শক্তি ক্ষণস্থায়ী। কিতাপৰ শক্তিৰ কথা খুব কমেইহে কোৱা হয়, অথচ কিতাপৰ শক্তি যুগ যুগ ধৰি মানুহে অনুভৱ কৰি থাকে।”
👉ষ্টেনলি বল্ডুইন।
৫০.“মানুহে যেতিয়া সমালােচনা বিচাৰে, তেতিয়া জানিব লাগে যে তেওঁলােকে প্রশংসাহে বিচাৰিছে।”
👉ছমাৰচেট মম।
৫১.“চৰকাৰ খনেই একমাত্র জাহাজ যিখন ওপৰৰ ফালে ফুটা।”
👉জেইমছ বেষ্টন।
৫২.“পৃথিৱীৰ ডাঙৰ সমস্যা এয়ে যে মুখবােৰ সদায় দৃঢ় নিমিতে হৈ থাকে, আৰু বুধিয়কবােৰৰ মনত সদায় সন্দেহ।”
👉বাৰ্ট্ৰণ্ড ৰাছেল।
৫৩.“এজনৰ মৃত্যু হলে সেইটো ট্রেজেডি কিন্তু লক্ষজনৰ মৃত্যু হলে সেয়া পৰিসংখ্যা।”
👉যােছেফ ষ্টেলিন।
৫৪.“সমালােচকসকলে কি কয় তালৈ মন নকৰিব। সমালােচকৰ নামত কেতিয়াও কোনেও স্মৃতি সৌধ নাসাজে।”
👉জাঁ ছাইৰােলয়াছ।
৫৫.“শব্দবােৰৰ ওজন আছে, ধ্বনি আছে আৰু আছে চেহেৰা। এই আটাইকেইটা কথা মনত ৰাখিলেহে এটা ভাল বাক্য ৰচনা কৰাটো সম্ভৱ যিটো বাক্য দেখিবলৈ ভাল আৰু শুনিবলৈ শুৱলা।”
👉ছমাৰছেট মম।
৫৬.“পৰিবৰ্তনৰ মাজত শৃংখলাক আৰু শৃংখলাৰ মাজত পৰিবৰ্তনক ৰক্ষা কৰাটোৱেই হ'ল প্ৰগতিৰ প্রধান লক্ষ্য।”
👉আলফ্রেড হােৱাইট হেড।
৫৭.“আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ ঘটনাটো ঘটে তেতিয়া— যেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাওঁ।”
👉এমাৰছন।
৫৮.“যি মানুহে কেৱল নিজকে লৈ থাকিবলৈ ভাল পায় তেওঁ হ’ল নিজৰ আটাইতকৈ ভাল বন্ধু। আন হাতে যি মানুহে নিসংগতাক ভয় কৰে আৰু নিজৰ একো গুণ বা দক্ষতা থকা বুলি দাবী কৰিব নােৱাৰে তেওঁ হ'ল নিজৰ আটাইতকৈ ডাঙৰ শত্রু।”
👉এৰিষ্টটল।
৫৯.“অকলশৰীয়া মানুহবােৰে যেতিয়া ইজনে সিজনৰ লগত কথা পাতে, তেতিয়া তেওঁলােকে ইজনে সিজনক আৰু বেছি অকলশৰীয়া কৰি তােলে।”
👉উইলিয়াম হেলমেন।
৬০.“বেছিভাগ মানুহেই জীৱনৰ সৰহখিনি সময় উচৰ্গাকৰে এনেবােৰ কামত, যিবােৰ কামৰ দ্বাৰাই তেওঁ জীৱনৰ বাকী থকা বছৰবােৰ অসুখী কৰি তুলিব পাৰে।”
👉জা দ্য লা ব্ৰুয়াৰ।
৬১. “আমাক সেই শিক্ষা লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা শক্তি বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে।”
👉স্বামী বিবেকানন্দ।
৬২. “ভালকামবােৰ কেনেকৈ কৰা হয় সেইটো বুজা নিচেই সহজ। কিন্তু ডাঙৰ কামবােৰ, মহৎকামবােৰ কেনেকৈ কৰা হয় সেইটো জনা বা বুজাতাে সাধাৰণ মানুহৰ পক্ষে সাধ্যতীত।”
👉চার্লছ ফিশ্বাৰ।
৬৩.“জীৱনক ভাল পােৱানে? তেনেহ'লে সময়ৰ অপব্যয় নকৰিবা। কাৰণ জীৱন সেই বস্তুৰেই গঢ়া।”
👉বেঞ্জামিন ফ্ৰেংকলিন।
৬৪.“ৰাজনীতি হ'ল ৰক্তপাত নকৰাকৈ কৰা যুদ্ধ, আৰু যুদ্ধ হ’ল ৰক্তপাত কৰা ৰাজনীতি।”
👉মাও চে টুং।
৬৫.“শক্তিশালী মনে বশ্যতা স্বীকাৰ কৰিলে মর্যাদা সহকাৰে কৰে।”
👉এক্সাইলাছ।
৬৬. “শৰীৰৰ বাবে খাদ্য যেনে আত্মাৰ বাবে প্রার্থনা তেনে।”
👉জে. পি. ভস্বোনী।
৬৭.“অস্থিৰতাৰ বাবে অসন্তুষ্টিৰ সৃষ্টি হয় আৰু এই অসন্তুষ্টিয়েই হ’ল উন্নতিৰ প্রথম চর্ত।”
👉থমাছ আলভা এডিচন।
৬৮. “তােমাৰ ক্ষুধাৰ পৰা তুমি শাস্তি পােৱাৰ আগতে সেই ক্ষুধাক শাস্তি দিয়াৰ ব্যৱস্থা কৰা।”
👉ষ্টাইৰিয়াছ মেক্সিমাছ।
৬৯.“মাৰাণাস্ত্ৰতকৈ ভাল পােৱাই মানুহক অধিক নিৰাপত্তা দিব পাৰে।”
👉তছলিমা নাছনি।
৭০.“যিবােৰে বস্তুমাত্রকে মায়া বুলি কয় তেওঁলােকে ধূলি মাকতিকো মায়া বুলি ক'ব আৰু ফলত নিজৰ ল'ৰা ছােৱালীক মৃত্যুমুখত পেলাব।”
👉বাৰ্ট্রাণ্ড ৰাছেল।
৭১.“আধুনিক সমাজত মৌলিক পৰিৱৰ্তনত শ্রমিক শ্ৰেণীয়ে নির্নয়কাৰী ভূমিকা পালন কৰিব লাগিব।”
👉কার্ল মাক্স।
৭২.“মােৰ হাতলৈ অলপ ধন আহিলেই মই কিতাপ কিনাে। কিতাপ কিনাৰ পিছতো যদি ধন ৰাহি হয়, তেতিয়া সেই ধনেৰে মই আহাৰ আৰু কাপােৰ কিনাে।”
👉দেছিদোৰিয়াছ ইৰাছমাছ।
৭৩.“অহংকাৰী নহবা, কাৰণ অহংকাৰক মানুহ আৰু ঈশ্বৰেও ঘৃণা কৰে।”
👉আনন্দৰাম ঢেকিয়াল ফুকন।
৭৪. “তুমি যেতিয়া জন্মিছিলা তেতিয়া তুমি কান্দিছিলা আৰু আনবােৰে হাঁহিছিল, এতিয়া তুমি পৃথিৱীত এনে কিছুমান কাম কৰা যাতে তুমি পৃথিৱীৰ পৰা এদিন হাঁহি হাঁহি গুছি গ'লে আনবিলাকে কান্দে।”
👉তুলসী দাস।
৭৫."অহংকাৰী মানুহ এটা কুকুৰাৰ দৰে সি ভাবে যে সি ডাক দিয়া বাবেহে ৰাতি পুৱাল।"
👉জৰ্জ ইলিয়াট।
৭৬.“এদিন মােৰ নির্দোষিতা প্রমাণিত হ'ব।"
👉ৰাজীৱ গান্ধী।
৭৭.“ভৱিষ্যতৰ কথা মই কেতিয়াও নাভাবাে। কাৰণ, ভৱিষ্যৎ তৎক্ষণাত আহি পায়।”
👉আলবার্ট আইনষ্টাইন।
৭৮.“আপুনি নিজে যদি কিবা কথা ভালকৈ জানে তেন্তে সেই কথা আনক শিকাব।”
👉ট্রায়ন এডৱাৰ্ডছ।
৭৯.“তুমি কি কৰিছা সেইটো তাৎপর্য পূর্ণ কথা নহয় কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।”
👉মহাত্মা গান্ধী।
৮০.“কিবা কাম ভালকৈ কৰাটো বিছাৰিলে নিজে কৰিব লাগে।”
👉বৰ এডৱাৰ্ডছ।
৮১.“বিয়া নকৰােৱালৈকে মানুহ অসম্পূর্ণ হৈ থাকে বিয়া কৰালে সকলাে শেষ।”
👉চা চা মােৰৰ।
৮২.“মাছ মাৰিবলৈ ইচ্ছা নাথাকিলে মিছাকৈ বৰশীত টোপ পেলাব নালাগে, তাত নিজৰাে হয় সময় নষ্ট আৰু মাছৰাে হয় মহা কষ্ট।”
👉হিতেশ ডেকা।
৮৩.“প্রতিজন মানুহে ভােগ কৰে যেতিয়া তেওঁ উৎপাদনাে কৰিব লাগিব।”
👉এমার্চন।
৮৪."মুকলি আৰু সত্য আলােচনাই হ’ল সত্যৰ আটাইতকৈ ডাঙৰ।”
👉জি. কেম্পেৱেল।
৮৫.“শাৰীৰিক, মানসিক আৰু সামাজিক কুশলতাই হৈছে স্বাস্থ্য।”
👉বিশ্ব স্বাস্থ্য সন্থা।
৮৬.“আশা পােষণ কৰা সবাতােকৈ ভালটোৰ বাবে, অতি শোচনীয়টোৰ বাবে সাজু থাকা আৰু যি পােৱা তাকেই আনন্দেৰে গ্ৰহণ কৰা।”
👉প্রবাদ।
৮৭.“সকলাে প্ৰকাৰৰ আনন্দৰ ভিতৰত আনক সুখী কৰিবলৈ চেষ্টা কৰাটোৱেই সর্বোৎকৃষ্ট আনন্দ।”
👉ল্যা ৰুইয়াৰ।
৮৮."সাহিত্যত ধর্ম আৰু নীতিৰে মর্যাদা ৰক্ষা কৰিব লাগিব। কোনােবাই অধার্মিক বা অনীতিমূলক কাম কৰিলে তাৰ শাস্তি আৰু বিনিময়ৰ পৰিণামৰ কথা সাহিত্যত দেখুৱাব লাগিব। নহ'লে পাঠক-পাঠিকাৰ মনত ধাৰণা হ’ব যে অন্যায় আৰু অধৰ্মৰ শাস্তি নাই। এনে ধাৰণা প্রচাৰ হ'লে সমাজত বিশৃঙ্খলৰ সৃষ্টি হ'ব।”
👉ডঃ সূৰ্য্যকুমাৰ ভূঞা।
৮৯.“যি জাতিয়ে পূর্ব পুৰুষ সকললৈ ঘূৰি নাচায়, সেই জাতিয়ে ভৱিষ্যতলৈও নাচায়।”
👉এডমাণ্ডৱার্ক।
৯০.“ৰণাঙ্গনত আমি যেনেকৈ সাহসিকভাৱে যুঁজিছিলাে, শান্তিৰ বাবেও আমি তেনেকৈ যুজিব লাগিব।”
👉লালবাহাদুৰ শাস্ত্রী।
৯১.“অহিংসা হৈছে চূড়ান্ত সাহস, ইয়াত কাপুৰুষালি বা দুর্বলতাৰ স্থান নাই। কাপুৰুষালিতাকৈ হিংসাক গ্ৰহণ কৰাই অধিক শ্রেয়। কাৰণ কোনােবা দিনা হিংস্র মানুহজন অহিংস হােৱাৰ আশা আছে কিন্তু তেনে আশা কাপুৰুষ জনৰ নাই।”
👉মহাত্মা গান্ধী।
৯২.“দুর্বলমনে অণুবীক্ষণ যন্ত্ৰৰ নিচিনা সৰু সৰু বস্তুবােৰ ডাঙৰ কৰি দেখুৱায় কিন্তু ডাঙৰবােৰ ইয়াৰ দৃষ্টিত ধৰা নপৰে।”
👉চেষ্টাৰ ফিল্ড।
৯৩.“কামেই উপাসনা কিন্তু হাঁহিয়েই জীৱন, যিজনে জীৱনত সুখ আৰু দুখ দুয়ােতাকে হৰ্ষমনে গ্ৰহণ কৰিব পাৰে তেওঁহে জীৱনত সৌন্দৰ্য্য ভােগ কৰিব পাৰে।”
👉চৰ্দাৰ পেটেল।
৯৪.“প্ৰতিখন কিতাপৰ আঁৰত একোখন মানুহ আছে, মানুহজনৰ আঁৰত এটা জাতি আছে। জাতিটোৰ আঁৰত প্রকৃতি আৰু সামাজিক বাতাবৰণ আছে। অজ্ঞতাসাৰে এই আটাইবােৰৰ প্ৰভাৱ একোখন কিতাপত প্রতিফলিত হয়।"
👉লভ।
৯৫.“গুৰু লাগে মই শিক্ষিত শিষ্য
জগতত জাননী দিলাে
জগতৰ গুৰু শঙ্কৰ ঘৰতেই
অন্ধলাই নিচিনিলাে।” 👉বেজবৰুৱা।
৯৬.“জয় গুৰু শঙ্কৰ সর্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তােহাৰি চৰণকু ৰেণুশত কোটি
বাৰেক কৰােহো প্রণাম।”
👉মাধৱদেৱ।
৯৭."ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।"
👉মহাত্মাগান্ধী।
৯৮.“মই নিজেই শিক্ষার্থী, স্বার্থ সিদ্ধিৰ কাৰণে কৰিবলগীয়া মােৰ একো নাই, মই যেতিয়াই সত্যৰ সন্ধান পাওঁ, তাক তেতিয়াই গ্রহণ কৰো আৰু সেইদৰে কাম আৰম্ভ কৰাে।”
👉গান্ধীজী।
৯৯.“ভগৱান যদি মুছলমানৰ মছজিদত ৰ'ল নাইবা হিন্দু মন্দিৰতেই ৰ’ল তেন্তে বাহিৰৰ এই মহা বিশ্বত কোন থাকিব?”
👉কবিৰ।
১০০.“আপােনালােকে মাতৃভূমিৰ প্ৰগতিৰ হকে পৰিশ্ৰম কৰিব লাগিব। মাতৃভূমিৰ মন প্রফুল্লিত ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব।”
👉শ্রীঅৰবিন্দ।
১০১.“অতি সাধু হােৱা বিপদজনক।”
👉বার্নাডশ্ব।
১০২.“পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা।”
👉যীশুখ্রীষ্ট।
১০৩.“স্বাধীনতা আমাৰ জন্মগত অধিকাৰ”।
👉তিলক।
১০৪.“চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি, নিজৰ দোষ কুটিবােৰ লুকাই ৰখা জনহে প্ৰকৃতাৰ্থত অন্ধ।”
👉মহাত্মাগান্ধী।
১০৫.“আমি কৰা প্ৰতিটো সৎ কামৰ বাবে একোজন সৎ দেৱদূতৰ আৰু প্ৰতিটো অসৎ কামৰ বাবে একোজন অসৎ দেৱদূতৰ জন্ম হয়।”
👉ৰেবি উলফ।
১০৬.“মই একেৰাহে কেইবাদিনাে উপবাসে থাকিব পাৰাে কিন্তু ইশ্বৰক প্রর্থনা। নকৰাকৈ মই এদিনাে থাকিব নােৱাৰাে।”
👉মহাত্মাগান্ধী।
১০৭.“পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পােৱা যায়।”
👉সত্যনাথ বৰা।
১০৮.“সােণৰ দ্ৰাবক সুৱগা, কামৰ দ্রাবক অভ্যাস।”
👉সত্যনাথ বৰা।
১০৯.“বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা।”
👉 সত্যনাথ বৰা।
১১০.“ভাবতকৈ ভাষা আগতে ব্যক্ত হয়। গতিকে আগৰটিতকৈ পাছৰটি সদায় এখােজ আগ। সেই দৰে দূৰ ভৱিষ্যতৰ সম্পৰ্কত ভাষাতকৈ সাহিত্য সদায় এখােজ আগ বাঢ়ি যায় আৰু কোনাে এটা জাতিয়ে জাতীয়ত্ব চিনাকী দিবলৈ হ'লে জাতীয় ভাষা আৰু সাহিত্যইহে আগধৰি সেই চিনাকি দিয়ে।”
👉 পদ্ধনাথ গোঁহাই বৰুৱা।
১১১.“কোনাে মানুহ বা কোনাে জীতিয়ে আনক ঘিণা কৰি বৰ্তি থাকিব নােৱাৰে।”
👉 স্বামী বিবেকানন্দ।
১১২.“খঙৰ বশীভূত হৈ কাম কৰিব নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।”
👉 কনফুচিয়াচ।
১১৩.“মােৰ মতে মাজে-সময়ে বিক্ষোভ আদি হােৱা ভাল। প্রাকৃতিক জগতত ধুমুহা যেনেকুৱা, ৰাজনৈতিক জগতত বিক্ষোভ তেনেকুৱা। ইয়াৰ অন্তিমফল শুভ"।
👉 টমাছ জেফাৰছন।
১১৪.“যশৰ আকাঙ্খাই হ’ল আটাইতকৈ চৰম অহংকাৰৰ চিন”।
👉 চান্টায়ানা।
১১৫.“জ্ঞানী মানুহ তিনিটা বিষয়ত সদা সতর্ক, যৌৱন কালত লালসাৰ প্রতি, দেহত শক্তি থকাৰ সময়ত কাজিয়া পেচাল প্রতি আৰু বুঢ়া কালত লােভৰ প্রতি।”
👉 কনফুচিয়াচ।
১১৬.“বিদ্ৰোহৰ বাবে সংখ্যা গৰিষ্ঠ নালাগে, লাগে মাথাে কেইজনমান দৃঢ়চিতিয়া নায়ক আৰু এটা উপযুক্ত কাৰণ।”
👉এ.এন. মেক্লেন।
১১৭.“কিছুমান কিতাপৰ সােৱাদ ল’ব লাগে আৰু কিছুমান লাগে চোবাব আৰু হজম কৰিব”।
👉বেকন।
(বিভিন্ন কিতাপৰ পৰা সংগৃহীত)
Comments
Post a Comment