মহৎ লোকৰ বাণী (৪ৰ্থ খণ্ড)
মহৎ লোকৰ বাণী (৪ৰ্থ খণ্ড)
১.“নিজৰ ইচ্ছা অনুসাৰে যশস্যা বৃদ্ধি কৰিব পৰা নাযায়।”
👉স্মিথ।
২.“মনৰ শান্তি অৱস্থাতহে মানুহ সৃষ্টিশীল কার্যত প্রবৃত্ত হ'ব পাৰে, অর্থাৎ সৃষ্টিশীল কার্য হ’ল এক মানসিক শান্তি।”
👉এৰিক খাইহিল।
৩.“শুদ্ধ কাম কৰি প্ৰতাৰিত হােৱাতকৈ, ভুল কাম কৰি বিবেক দংশনত ভােগাই ভাল।”
👉ছেমুৱেল জনছন।
৪.“ৰাজনীতিবিদৰ বাবে সত্যৰ সংজ্ঞা পৃথক।”
👉 মাইক কিনছেল।
৫.“সাহস প্রতিফলিত হয় কার্যত।”
👉ভগ হল।
৬.“গুণ কেতিয়াও ধৰ্মৰ সমান সম্মানী নহয়।”।
👉মার্ক টোৱেইন।
৭.“শান্ত সাগৰত দক্ষ নাৱিকৰ সৃষ্টি নহয়।”
👉ফুগাজি।
৮.“ধর্ম মানুহৰ মনতহে থাকে আঁঠুত নাথাকে।”
👉ছক্ৰেটিছ।
৯.“সুখে মানুহৰ মানসিক শক্তি বৃদ্ধি কৰে, কিন্তু মানুহৰ আধ্যাত্মিক শক্তি বৃদ্ধি কৰে বিষাদে।”
👉 মার্চেল প্ৰুষ্ট।
১০.“দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ।”
👉 মাও-চে-তুঙ।
১১. “যি জাতিৰ সাহিত্য নাই সেই জাতি জীয়াই থাকিও মৰাৰ দৰে।”
👉 তুলসী দাস।
১২.‘আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভােগ কৰিবা।”
👉 তুলসী দাস।
১৩.“এইটো আচৰিত কথা নহয় যে মহাকাশ বিশাল, আচৰিত কথা এইটোহে মানুহে মহাকাশ জুখিব পাৰে।”
👉 আনাতােলা ফ্রা।
১৪.“মূৰ্খ লােকে সুন্দৰ পােছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়। কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে থাকে, যেতিয়ালৈকে তেওঁ মুখ নােখােলে।”
👉 চাণক্য।
১৫.“আমি চৰাইৰ দৰে উৰিবলৈ শিকিছাে, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছাে কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই।
👉 মার্টিন লুথাৰ।
১৬.“দহােটা আঙুলিয়েই এজন মানুহৰ প্রকৃত বন্ধু।”
👉 ৰবাৰ্ট কালিস্মাৰ।
১৭. “খঙৰ বশীভূত হৈ কাম কৰিব নাপায়, খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।”
👉 ৰবাৰ্ট কালিস্মাৰ।
১৮.“উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকেই লাভ কৰে তেনে নহয় সৰস্বতীকো লাভ কৰে।”
👉ৰবীন্দ্র নাথ ঠাকুৰ।
১৯.“জীৱনটোত যদি ঘাট প্রতিঘাটেই নাথাকে তন্তে সেইটো জীৱনেই হ’ব নােৱাৰে। জীৱনটো হৈছে এটা কলা। ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাঙ্খাৰ প্ৰেৰণাই হৈছে জীৱনৰ অঙ্গ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকাই।”
👉নেহেৰু।
২০.“গীতা বিপদ আপদৰ বন্ধু ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ শান্তি দাতা আৰু মানুহৰ মনৰ ভাব চিন্তাৰ ফলদাতা।”
👉নেহেৰু।
২১.“ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে।”
👉নেহেৰু।
২২.“কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সজকাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূর্ণশক্তি প্রয়ােগ কৰিব পাৰাে।”
👉 বিবেকানন্দ।
২৩.“অসৎ কল্পনা অসৎ কর্মৰ দৰে বেয়া। অর্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চস্তৰলৈ নিয়ে।”
👉বিবেকানন্দ।
২৪.“কাম কৰিবলৈ মানুহৰ জন্ম হৈছে। যি মানুহে কাম নকৰে, তেওঁ মানুহেই নহয়।"
👉 জোছেফ কনৰাত্।
২৫.“দেখা নাই শুনা নাই তুমি এটি মােৰ হৃদয়ৰ নজনা বাসনা। মনেৰে ধুনীয়া কৰা মনেৰেই সজা তুমি মােৰ পবিত্র কল্পনা।”
👉দুর্গেশ্বৰ শৰ্মা।
২৬.“চলন্ত পৃথিৱী এখনত আমি স্থবিৰ হৈ থাকিব নােৱাৰাে।”
👉 নেহেৰু।
২৭.“বিশ্বাসে আনন্দ দিয়ে, প্রেমেৰে যৌৱন বয়সে নকৰে বুঢ়া, পাপেহে উছন।”
👉 বেজবৰুৱা।
২৮.“আমি বিশেষ কোনাে জাতি ধর্ম বা আদর্শবাদৰ সপক্ষে নহওঁ, মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য।”
👉ডাঃ ৰাধাকৃষ্ণন।
২৯.“ইটা শিলৰ আৰ্হি চাই চাই গাঠি গ'লেহে ঘৰ হয়গৈ। সজ কথা, সজ উপদেশ এটা এটাকৈ কামত লগাই পৈনত অভ্যাস হ'লেহে চৰিত্ৰই গঢ় লয়।”
👉 বেজবৰুৱা।
৩০.“মিছাৰ সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু মিছা পৰিহাৰ কৰি বিপদৰ সম্মুখীন হ'লে অসীম আনন্দ পােৱা যায়।”
👉এডৱার্ড মন্টেগু।
৩১.“ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।”
👉 চক্ৰেটিছ।
৩২.“এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ।” 👉 টিৰুক কুৰাল।
৩৩.“জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্রয়ােজন।”
👉 আব্রাহাম লিংকন।
৩৪.“শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বােৱাই আনিব পাৰে।”
👉 এৰিষ্টটল।
৩৫.“শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি”।
👉 চক্রেটিছ।
৩৬.“সকলাে কথাতে সাধুতা বজাই ৰাখিব লাগে”। 👉 কনফুচিয়াচ।
৩৭.“তুমি ঈশ্বৰক ভাল পাব খােজানে? তেনেহ'লে প্রথমে মানুহক ভালপােৱা”।
👉 হজৰত মহম্মদ।
৩৮.“ব্রাহ্মণ, শূদ্র, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলাে সমান”।
👉 গুৰুনানক।
৩৯.“লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নির্দোষী কৰাটো তাতােকৈ বুদ্ধিমানৰ কাম”।
👉 মহাত্মা গান্ধী।
৪০.“আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপাে সৰু নহয়। কর্তব্যৰ ধৰণ দেখি নহয়, কর্তব্য সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব
লাগে”
👉 স্বামী বিবেকানন্দ।
৪১.“অধৈর্য আৰু অলসতাই আটাইবােৰ পাপৰ উৎস”। 👉 ফ্রানছ কাফকা।
৪২.“ঘৰ সাজিবলৈ ওখ ভেটি কৰি ল'ব লাগে। সেইদৰে কথা প্রকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰি লােৱা উচিত”।
👉 ইভানবুনিন।
৪৩.“শিশুৰ সৰলতা হেৰুৱাই নেপেলােৱা জনেই প্রকৃততে মহৎ লােক”।
👉 মেনছিয়াছ।
৪৪.“সুখে দৈহিক আনন্দ দিয়ে। কিন্তু একমাত্র যন্ত্রণাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে"।
👉 মার্চেল প্ৰাউস্ত।
৪৫. “আদর্শহীন মানুহ গুৰি বঠা নােহােৱা নাৱৰ দৰে”। 👉 মহাত্মা গান্ধী।
৪৬.“জাতীয় জীৱনৰ সন্ধিক্ষণত আমি ব্রহ্মাস্ত্র নিক্ষেপ কৰিব নােৱাৰিলেও মাজে-সময়ে দুই এটা বাটলুগুটীকে দলিয়াব লাগিব।”
👉 অম্বিকাগিৰী ৰায়চৌধুৰী।
৪৭.“মানুহেই মানুহক অন্ধকাৰৰ পৰা পােহৰলৈ আনিব পাৰে। মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে।
👉 মামনি ৰয়ছম গােস্বামী।
৪৮.“সাক্ষৰতা আৱশ্যকীয়। কিন্তু কেৱল সাক্ষৰতাই নহয়। যদি মানুহৰ শিক্ষাৰ লগত জ্ঞানৰ সম্বন্ধ নাথাকে, তেন্তে শিক্ষা অভিশাপ স্বৰূপহে হয়।”
👉 ৰাধাকৃষ্ণন।
৪৯.“দৃঢ় সংকল্প নহ'লে কোনাে ভাল কাম কৰা সম্ভৱপৰ নহয়।”
👉 মহাত্মা গান্ধী।
৫০.“মাত্র এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ’ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্থ বুলি প্রমাণিত হ'ব পাৰে গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হােৱা উচিত।”
👉 কনফুচিয়াচ।
৫১.“সুৰা পানে মানুহক বিবেকহীন কৰে আৰু আনি দিয়ে এক পশুত্ব। এই পশুত্বৰ কবলৰ পৰা ৰক্ষা কৰি নাৰীসকলক ৰক্ষণাবেক্ষণ দিবলৈ সকলাে জাতি ধর্ম নির্বিশেষে সকলাে শ্ৰেণীৰ মানুহক আগবাঢ়ি অহাটো গান্ধীজীয়ে বাঞ্চা কৰিছিল।”
👉 স্বামী বিবেকানন্দ।
৫২.“নিৰক্ষৰতা মানেই জ্ঞান বিহীনতা নহয়।”
👉 ৰবীন্দ্র নাথ ঠাকুৰ।
৫৩.“আত্মহনন হ’ল মৃত্যুৰ বিৰুদ্ধে বিদ্রোহ।”
👉 হেমিংওৱে।
৫৪.“অলপ মুৰ্খামী, প্ৰচুৰ কৌতুহলেই হ’ল প্রথম প্রেম।”
👉 জর্জ বার্নার্ডশ্ব।
৫৫.“আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে।”
👉 স্বামী বিবেকানন্দ।
৫৬.“মানৱ জাতিৰ ইতিহাস মহাপুৰুষসকলৰ জীৱন কাহিনী মাথােন।”
👉 কার্লাইল।
৫৭.“মই চিন্তা কৰাে, সেইবাবেই মােৰ অস্তিত্ব আছে।”
👉 ডেকার্টে।
৫৮.“জীৱনক ভাল পালে, সময়ৰ অপব্যৱহাৰ নকৰিবা।”
👉 ফ্রেংকলিন।
৫৯.“শিশু হ’ল এখন কিতাপ, যাৰ প্ৰতিটো পৃষ্ঠা শিক্ষকে অধ্যয়ন কৰিব লাগিব।
👉 ৰুছো।
৬০.“মানুহ কেনেকৈ মৰে সেয়া গুৰুত্বপূৰ্ণ কথা নহয়, কেনেকৈ জীয়াই থাকে সেয়াহে আচল কথা।”
👉 ড° জনচন।
৬১.“ভাল সঙ্গ আৰু ভাল কথােপকথন বৰ সৰল গুণ।”
👉 ৱালটন।
৬২. “আপুনি এজন বন্ধু নির্বাচন কৰাৰ দৰেই আপােনাৰ প্রিয় সাহিত্যিকজনকো বাছি লওঁক।”
👉 আৰ্ল অৱ বচকমন।
৬৩.‘মানুহে সত্যক ভয় কৰে, ভাগ্যক ভয় কৰে, মৃত্যুক ভয় কৰে আৰু ইজনে সিজনক ভয় কৰে।”
👉 এমাছ।
৬৪.“প্রেম বিহীন জীৱন শলিতা নােহােৱা চাকিৰ দৰে।” 👉 মহাত্মা গান্ধী।
৬৫.“বিনা চিন্তাই কৰা অধ্যয়ন মাথোঁ পণ্ডশ্রম।” 👉 কনফুচিয়াচ।
৬৬. “তুমি বৰফৰ নিচিনা শুভ্র নিষ্কলংক হলেও কেতিয়াও নিন্দাৰ হাত সাৰিব নােৱাৰিবা।"
👉 শেক্সপীয়েৰ।
৬৭.“অসত্যৰ প্রতি মুহূর্ততেই হতাশা আছে।” 👉 কাৰ্লাইল।
৬৮.“শব্দই মানুহক মুক্ত কৰে। নিজকে প্ৰকাশ কৰিব নােৱাৰা মানুহজন দাসৰ বাহিৰে আন একো নহয়। কথা ক’ব পৰাটোৱেই এক প্ৰকাৰ মুক্তি।"
👉 ৰেগিক্ৰো।
৬৯.“আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা, কাৰণ কাইলৈ তােমাৰ অৱস্থা কি হ’ব তুমি নাজানা।"
👉 হজৰত মহম্মদ।
৭০.“দৰিদ্ৰতাৰ সন্মুখত সকলাে আদর্শ অর্থহীন হৈ পৰে।” 👉 নিৎসে।
৭১.“যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপৰাগ, সেইজনে সােনকালেই দুখ ভােগ কৰিব লাগিব।”
👉 কনফুচিয়াচ।
৭২.“পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু।”
👉 মহাবীৰ।
৭৩.“মাতৃৰ হৃদয়খনেই হৈছে সন্তানৰ শ্ৰেণী কোঠা।” 👉 হেনৰী বাৰ্ড।
৭৪.“শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে।”
👉 এৰিষ্ট'টল।
৭৫.“নােপােৱাটোত অসন্তোষ নহ’বা আৰু পােৱাটোত অহংকাৰ নকৰিবা।”
👉 কোৰান।
৭৬.“অতীতৰ অনুশােচনা, ভৱিষ্যতৰ দুঃচিন্তা এৰি বৰ্তমানটো যাপন কৰা।”
👉 বুদ্ধদেৱ।
৭৭.“নৈতিক সদগুণ আৰু প্রশান্তিৰ সহায়েৰে মানুহে সমগ্র জগত জিনিব পাৰে।"
👉 লাউৎসে।
৭৮.“খং নকৰিবা নিজৰেই সর্বনাশ ; অহংকাৰ নকৰিবা পতন হ’ব ; কাকো ঘৃণা নকৰিবা নিজেই ঘৃণিত হ’বা।”
👉 স্বামী বিবেকানন্দ।
৭৯.“মােৰ ধৰ্মৰ ভিত্তি হ’ল— সত্য আৰু ভগৱানক লাভ কৰাৰ একমাত্র উপায় হ’ল অহিংসা।”
👉 মহাত্মা গান্ধী।
৮০.“তােমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তােমালােকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চোৱা।”
👉 যীচুখ্রীষ্ট।
৮১.“শিক্ষা এপাট অস্ত্র। ইয়াৰ প্রক্রিয়া নির্ভৰ কৰে যাৰ হাতত এই অস্ত্র থাকে আৰু যাৰ উদ্দেশ্যে ইয়াৰ ব্যৱহাৰ কৰা হয়।”
👉 ষ্টেলিন৷
৮২.“জীৱনত বিশেষকৈ এই বিলাক গুণৰ দৰ্কাৰ যেনে— সাহস, উচ্চাকাংক্ষা, ব্যৱসায়-বুদ্ধি, পৰিয়ালৰ প্রতি দায়িত্ব, স্বদেশ প্রেম, ধৰ্মৰ প্রতি ভাৱ আৰু প্রতিযােগিতামূলক ভাৱ।”
👉 হেম বৰুৱা।
৮৩.“মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে মৰমৰ শক্তি জানে।”
👉 মহাত্মা গান্ধী।
৮৪.“তােমাৰ সন্মুখত থকা কর্তব্য যদি অৱহেলা কৰা, তেন্তে ই তােমাৰ নৈতিক সাহসৰ অভাৱহে সূচনা কৰিব।”
👉 কনফুচিয়াচ।
৮৫.“সাহিত্যই জাতীয়ত্বৰ আচল চিনাকী, সাহিত্যই জাতীয়তাৰ প্ৰকৃত জীৱন, সাহিত্য অবিহনে কোনাে জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই।”
👉 পদ্মনাথ গোঁহাই বৰুৱা।
৮৬.“মই সেইজন মানুহকেই মােৰ আটাইতকৈ উপকাৰী বন্ধু বুলি গণ্য কৰোঁ— যিজন মানুেহে মই আগতে নপঢ়া এখন ভাল কিতাপৰ খবৰ মােক দিয়ে। মই জানিবলৈ বিচৰা সকলাে কথা কেৱল কিতাপতহে আছে।”
👉 আব্রাহাম লিংকন।
৮৭.“সুখী হােৱাৰ সহজ উপায়- ৰাস্তাৰ কাষৰ দুর্দশাগ্রস্তজনৰ লগত নিজক তুলনা কৰক।”
👉 কনফুচিয়াচ।
৮৮.“অকলে খােজ কঢ়া মানুহজনেহে আটাইতকৈ খৰকৈ খােজ কাঢ়িব পাৰে।”
👉 ৰুডিয়ার্ড কিপলিং।
৮৯.“সুখে তাৰ দীর্ঘতাৰ অভাৱখিনি পূৰণ কৰি লয় তাৰ উচ্চতাৰ দ্বাৰা।”
👉 ৰবার্ট ফ্রাষ্ট৷
৯০.“ডিগ্রীধাৰী শিক্ষিতৰ সংখ্যা বাঢ়িছে সঁচা কথা, সেই অনুপাতে সৃজনীমূলক অভিযান পূৰঠ হৈছে কিমান দূৰ?”
👉 হেম বৰুৱা।
৯১.“আটাইতকৈ কৌশলপূর্ণ ছদ্মবেশী উপায়েৰে ৰক্তপাত নােহােৱাকৈ কৰা হত্যা কলমৰ দ্বাৰা কৰা হয়।”
👉 মাও-চেতুঙ।
৯২.“ঘৰ হ’ল এনে এখন ঠাই তালৈ তুমি যাবই লাগিব আৰু তােমাক আদৰি ল’বই।”
👉 ৰবাৰ্ট লি ফ্রষ্ট।
৯৩.“বিদেশী সাহিত্যৰ জ্ঞানাে:দৰকাৰী। আচলতে সৃষ্টিশীল সাহিত্যৰ মর্মবস্তু সকলাে দেশৰ সকলাে মানুহৰ একেটাই।”
👉 মেক্সিম গৰ্কী।
৯৪.“মােৰ জাতীয়তাবাদ হ’ল তীব্র আন্তর্জাতিকতাবাদ। ধৰ্মৰ লগত ধৰ্মৰ আৰু জাতিৰ লগত জাতিৰ সংঘৰ্ষক মই সমূলি সহ্য কৰিব নােৱাৰোঁ।”
👉 মহাত্মা গান্ধী।
৯৫“খৰখেদাকৈ লেখা সাহিত্যই হ’ল সাংবাদিকতা।”
👉 ম্যেথু আর্নল্ড।
৯৬.“খঙৰ পৰা মােহ হয়, মােহৰ পৰা স্মৃতি ভ্রম হয়। স্মৃতি ভ্ৰমৰ পৰা বুদ্ধি নাশ আৰু বুদ্ধি নাশৰ পৰা সকলাে নাশ হয়।”
👉 গীতা।
৯৭.“জ্ঞান সাধকৰ দোৱাতৰ চিয়াঁহী তেজতকৈও বেছি পৱিত্ৰ।”
👉 হজৰত মহম্মদ।
৯৮.“জুইয়ে শুকান খৰি পুৰি ছাঁই কৰাৰ দৰে ঈর্ষাইয়াে সকলো ভাল কাম নষ্ট কৰি পেলায়।”
👉 হজৰত মহম্মদ।
৯৯. “মানুহে এই বুলি ক'ব নােৱাৰে— “মই কবিতা ৰচনা কৰিম”। আনকি শ্রেষ্ঠতম কবিজনেও এইষাৰ কথা কব নােৱাৰে ; কাৰণ সৃষ্টি কার্যত ব্যস্ত মন এচপৰা নুমাই অহা কয়লাৰ নিচিনা, যাক এক অদৃশ্য প্ৰভাৱে মাজে-মাজে বৈ অহা এজাক বতাহৰ দৰে নশ্বৰ উজ্জ্বলতাৰে প্ৰদীপ্ত কৰে।”
👉 শ্যেলী।
১০০.“প্ৰকৃতিৰ নিয়মেই হৈছে সামঞ্জস্য, সকলাে সমান হৈ থাকিব লাগে। গছ বাঢ়ি লগত গছবােৰতকৈ ওখ হলেও তাক বতাহে ভাঙি পেলায়।”
👉 মহর্ষি কমলাকান্ত ভট্টাচার্য।
১০১. “অতীতলৈ উভতি চোৱাৰ প্ৰয়ােজন নাই— আগবাঢ়া, আগফালে চোৱা, আমাক লাগে অসীম শক্তি, অদম্য উৎসাহ, দুর্জয় সাহস, অসীম ধৈর্য।তেতিয়াহে আমি মহৎ কার্য সাধন কৰিব পাৰিম।”
👉 স্বামী বিবেকানন্দ।
১০২.“সত্য সদায় নিৰাপদ। সত্যৰ বাহিৰে একোৱেই নিৰাপদ নহয়। যি মানুহে সমাজৰ আন লােকৰ পৰা সত্য গােপন কৰে তেওঁলােক হয় কাপুৰুষ নহয় অপৰাধী বা দুয়ােটাই।”
👉 মেক্স মূলাৰ।
১০৩.“সহাৰ সীমা ৰাখি লােকক আমনি কৰিবা, তােমাৰ হেঁচা সহিব পৰাকৈ বন্ধুক ব্যৱহাৰ কৰিবা, অসমর্থ হােৱাকৈ মগজু ব্যৱহাৰ নকৰিবা।”
👉 হাবার্ট স্পেনচাৰ।
১০৪.“ল'ৰা-ছােৱালীবােৰে জানিব লাগিব যে জীৱন যুদ্ধত প্ৰেমৰ দ্বাৰা ঘৃণা, সত্যৰ দ্বাৰা অসত্য আৰু আত্ম নির্যাতনৰ দ্বাৰা অত্যাচাৰ জয় কৰিব পাৰি। প্রকৃত শিক্ষাৰ ই অপৰিহার্য অংগ।”
👉 হাবার্ট স্পেনচাৰ।
১০৫.“ঔষধ নহ'লেও কেৱল পথ্যৰ দ্বাৰা আৰােগ্য লাভ কৰিব পাৰি। কিন্তু পথ্য নােখােৱাকৈ শ-শ বিধৰ ঔষধ সেৱন কৰিলেও ৰােগ আৰােগ্য নহয়।
👉 আয়ুর্বেদ শাস্ত্র।
১০৬.“ভাৰতীয় দর্শনৰ সকলাে বিষয় বিজ্ঞানে পৰীক্ষাতে প্রমাণ কৰিছে।”
👉 ৰাধানাথ ফুকন।
১০৭. “হিংসা, গর্ব আৰু ধনলিপ্সা ইহঁত তিনিটা জুইৰ ফিৰিঙতি। ইহঁতে হৃদয়খন সম্পূৰ্ণৰূপে দগ্ধ কৰে।”
👉 ডান্টে।
১০৮.“বাসনা মূৰ্খৰ স্থায়ী ক্ষয়ৰােগাক্রান্ত জ্বৰ।”
👉 ইয়ং।
১০৯.“প্রেমিক প্রেমিকাই কেতিয়াও পৰস্পৰৰ সম্পৰ্কত ক্লান্ত নহয়, কাৰণ তেওঁলােকে অনর্গল নিজৰ কথা কোৱাৰ সুযােগ পায়।”
👉 লা ৰােশফুকু।
১১০.“প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্রেমৰ বেদনা চিৰস্থায়ী।”
👉 ৰবীন্দ্রনাথ ঠাকুৰ।
১১১. “পৰােপকাৰেই পূণ্য আৰু পৰৰ ওপৰত অত্যাচাৰেই পাপ।”
👉 বেদব্যাস।
১১২.“কোনাে কামত ভৱিষ্যত নাই। ভৱিষ্যত নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰত।”
👉 ড° জি, ডব্লিউ, ক্রেৰন।
১১৩.“সমাজৰ বাকীবােৰ সুখী নােহােৱাকৈ এজনাে সুখী হ'ব নােৱাৰে।”
👉 হাবার্ট স্পেনচাৰ।
১১৪.“তুমি তােমাৰ জীৱন যাত্ৰাৰ কার্যক্রম বিলাক আগতে স্থিৰ কৰি লােৱা দেখিবা এসময়ত সিয়েই তােমাক মানুহ কৰি তুলিব।”
👉 বেনেভিক্ট।
১১৫.“জীৱনক ভয় নকৰিবা। জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা।এই বিশ্বাসে তােমাক উন্নতিৰ পথত আগুৱাই লৈ যাব।”
👉 উইলিয়াম জেমছ।
১১৬.“জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ঙ্কৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্রখৰ আৰু নির্মল।”
👉 হােমন বৰগােহাঞি ।
১১৭.“ধাত্ৰীয়ে প্ৰসৱ কৰায়, পৰিচালিকাই প্রতিপালন কৰে। গুৰু বা শিক্ষকে প্রশিক্ষণ দিয়ে, নিয়ন্ত্রণ কৰে আৰু গৰাকীয়ে শিকায়।”
👉 ভাৰু।
১১৮.“চিন্তাধাৰত অন্তদৃষ্টিৰ অভাৱ হ'লেই দেশৰ গুৰুত্বপূৰ্ণ সমস্যাবােৰলৈ আওকণীয়া ভাৱ আহি পৰে।” 👉 নলিনীবালা দেবী।
১১৯.“মাক বাপেকৰ অজ্ঞানতাই হৈছে ল'ৰা-ছােৱালীৰ কোমল মন বিকাশৰ হেঙাৰ স্বৰূপ আৰু শেষত নিজেই নিজৰ অজ্ঞানতাৰ কাৰণে অনুতপ্ত হ'ব লগীয়াত পৰে।” 👉 ৰাজা গােপালাচাৰী।
১২০.“সম সাময়িক সকলাে মুখ্য মুখ্য সমাজতে গ্রন্থ পাঠৰ ওপৰত মূল্য আৰোপ কৰা হয়। ইয়াৰ লক্ষ্য প্রধানকৈ অর্থনৈতিক। অর্থনৈতিক উন্নতি নিৰ্ভৰ কৰে জ্ঞানৰ ওপৰত। আৰু গ্রন্থ পাঠ হ’ল জ্ঞান আহৰণৰ আটাইতকৈ অধিক কার্যকৰী উপায়।” 👉 বি, লেনধিয়াৰ।
১২১.“উচ্চমান আৰু নিখুট খেল প্রদর্শন কৰিবলৈ হ'লে খেলুৱৈসকলৰ বাবে মদ একেবাৰেই বর্জনীয়।”
👉 পেলে।
১২৩."সাধুজন হিমালয়ৰ দৰে দূৰৰ পৰায়েই দৃশ্যমান। কিন্তু অসাধুজন ৰাতি নিক্ষেপ কৰা কাড়ৰ দৰে অদৃশ্য।” 👉 পালি সাহিত্য।
১২৪.“হিন্দুয়েই হওঁক বা মুছলমানেই হওঁক লুণ্ঠনকাৰী আৰু গুণ্ডাবিলাক, লুণ্ঠনকাৰী আৰু গুণ্ডায়েই।”
👉 নবীনচন্দ্ৰ বৰদলৈ।
১২৫.“অন্ধ শক্তিৰ দ্বাৰা পৰিচালিত হােৱাতকৈ যুক্তিৰ দ্বাৰা পৰিচালিত হলে বেছি লাভবান হব পাৰি।”
👉 সালুক।
১২৬.“ধৰ্মৰ বুৰঞ্জী ভুল আৰু ভ্ৰান্তিৰ বাহিৰে একো নহয় আৰু ইয়াৰ ফলত মানুহৰ জীৱনত বিশেষ লেখত ল'বলগীয়া মাজে মাজে অন্যায়কাৰী কামাে ঘটিছে আৰু ভৱিষ্যতৰ গণতন্ত্ৰত ধৰ্মৰ কোনাে নাম নাথাকিব।” 👉 এম. ৰােনাক।
১২৭."সকলাে ধর্ম সমন্বয় অনাত ধর্মীয় দর্শনবােৰৰ এটা ভূমিকা আছে। সম্প্রদায়গত ধর্মতত্ববােৰতকৈ এনে ধর্মীয় দর্শন বহল।”
👉 ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।
১২৮."সকলােকে সমান দেখে এনে পুৰুষ সকলহে পণ্ডিত।”
👉 গীতা।
১২৯.“যি তলত আছে সি পৰি যােৱাৰ ভয় নাই।”
👉 বুলিয়ান।
১৩০."মই সংগ্রামহীন জীৱন কল্পনাকে কৰিব নােৱাৰাে। সংগ্রাম আৰু সংঘাট মােৰ জীৱনৰ শ্বাসপ্রশ্বাস।”
👉 কলম্বাচ।
১৩১. “গােলােক ওপৰে মানুষত্ব বসতি ইহাৰ ওপৰে নাই। মানুষ ভাবেতে মানুষ পূজিলে তবেতাে মানুষ পায়।” 👉 চণ্ডি দাস।
১৩২. “প্রতিজন লােকে নিজে কাম কৰি গ'লেই দহৰ আৰু দেশৰ সেৱা কৰা হ'ব।”
👉 ৰাজা ৰামমােহন ৰায়।
১৩৩.“তােমাৰ মনটো যদি একেবাৰে খুলি দিয়া তেতিয়া বাহিৰা বহুত মানুহে তাৰ ভিতৰত নানা ধৰণৰ আজে-বাজে বস্তু পেলাই দিয়াৰ সম্ভাৱনা আছে।”
👉 উইলিয়াম মর্টন।
১৩৪.“এলেহুৱা মানুহৰ শৰীৰ পেলাই থােৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগােৱা শৰীৰতাে সেইদৰে ৰােগ হয়।"
👉 জ্ঞানী বিচার্ড।
১৩৫.“প্রকৃত মানুহজন তিনিটা লক্ষণেৰে চিনা যায়, উদ্দেশ্যত উদাৰতা, কার্য সম্পাদনত মানৱতা আৰু কৃতকার্যতাত আত্ম সংযম।”
👉 বিস্মার্ক।
১৩৬. “নিজৰ চিন্তাধাৰাক নিয়ন্ত্রণ কৰি ৰখাটোৱেই নৈতিক সংস্কৃতিৰ সর্বোচ্চ ধাৰা।"
👉 ডাৰউইন।
১৩৭.“জৰুৰী অৱস্থা সৃষ্টি হােৱাৰ আগতেই সমস্যাৰ বুজ পােৱাৰ ওপৰতেই নেতৃত্বৰ যােগ্যতা নির্ভৰ কৰে।”
👉 আর্নল্ড গ্রাচগু।
১৩৮.“সচেতনতা আৰু জাগৰণৰ মাজত পার্থক্য হল— সচেতনতা হ’ল ইন্ধন, জাগৰণ হ'ল এক প্ৰকাৰ অগনি যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালী গজাত সহায় কৰে।”
👉 ভূপেন হাজৰিকা।
১৩৯.“আটাইতকৈ বেয়া কথাটো অতি সুন্দৰ ভাৱেই কোৱাটোৱেই ডিপ্লমেচি।”
👉 আইজাক গুলবার্গ।
১৪০.“ক্ষমতাৰ প্ৰতি লালসা সাহসীকতাৰ পৰিচায়ক নহয়, দুর্বলতাৰহে চানেকি।”
👉 ইক্রম।
(বিভিন্ন কিতাপৰ পৰা সংগৃহীত)
Comments
Post a Comment