ভাৰতৰ ইতিহাস ( মধ্যযুগীয় ভাৰতৰ ইতিহাস) সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ।

                                মধ্যযুগীয়া ভাৰত

                               

১। কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ প্রথম যুদ্ধ সংঘটিত হৈছিল ?

উ: ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত।

২। কোনজন চুলতানে অশােক স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল ?

উ: ফিৰোজ শ্বাহ টোগলক।

৩। দাস বংশৰ চুলতানসকলে ভাৰতবৰ্ষৰ ক'ত ৰাজধানী স্থাপন কৰিছিল?

উ: দিল্লী।

৪। খিলিজী বংশৰ প্রথম চুলতানজনৰ নাম কি?

উ: জালালুদ্দিন খিলিজী।

৫। আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্রমণ কৰা আফ্রিকীয় ভ্রমণকাৰীজনৰ নাম কি আছিল ?

উ: ইবন বতুতা।

৬। টোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উ: গিয়াছুদ্দিন টোগলক।

৭৷ গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল ?

উ: মহম্মদ বিন টোগলক।

৮। দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?

উ: বাহল'ল লোডী।

৯। আগ্রাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লােডীৰ নামেৰে নামকৰণ কৰা হয়?

উ: ছিকন্দৰবাদ।

১০। ব্রিটিছ ইষ্টইণ্ডিয়া কোম্পানীয়ে তেওঁলােকৰ প্রথম বাণিজ্যিক কেন্দ্র ক’ত স্থাপন কৰিছিল ?

উ: চুৰাট।

১১। কেতিয়া আৰু কাৰ কাৰ মাজত প্রথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল ?

উ: ১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহীম লোডী আৰু বাবৰৰ মাজত।

১২। বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰন্থত লিপিবদ্ধ কৰিছিল। গ্রন্থখনৰ নাম কি?

উ: বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।

১৩। বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল ?

উ: বাবৰৰ পুত্ৰ হুমায়ুন।

১৪। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উ: ১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।

১৫। নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল ?

উ: অম্বৰৰ ৰজা বিহাৰীমল।

১৬। আকবৰে প্ৰৱৰ্তন কৰা ধর্মীয় শাখাটোৰ নাম কি ?

উ: দীন- ই- ইলাহি।

১৭। কোনজন পণ্ডিতে আইন-ই-আকবৰী নামৰ গ্ৰন্থখন লিখিছিল ?

উ: আবুল ফজল।

১৮। জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল ?

উ: তুজক-ই-জাহাংগীৰি।

১৯। সম্রাট ছাহজাহানে কোনখন নগৰ নিৰ্মাণ কৰিছিল ?

উ: ছাহজাহানাবাদ।

২০। কোন খ্রীষ্টাব্দত ছাহজাহানে আগ্রাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল ?

উ: ১৬৪৮ খ্ৰীষ্টাব্দত।

২১। শিবাজীক ঔৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল ?

উ: জয় সিং।

২২। ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্রপথ আৱিষ্কাৰ কৰিছিল ?

উ: ১৪৯৮ খ্ৰীষ্টাব্দত।

২৩। কোনজন মােগল সম্রাটৰ ৰাজত্বকালক মােগল বংশৰ সােণালী যুগ হিচাপে আখ্যা দিয়া হৈছে?

উ: ছাহজাহান।

২৪। কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনীত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছে?

উ: আবুল ফজল।

২৫। ভাৰতত কোনে প্রথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল ?

উ: মহম্মদ বিন টোগলক।

২৬। ময়ুৰ সিংহাসনত বহা অন্তিমজন মােগল সম্রাটৰ নাম কি ?

উ: মহম্মদ শ্বাহ।

২৭। বাবৰে প্ৰথমবাৰ ভাৰত আক্রমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল ?

উ: ইব্ৰাহিম লোডী।

২৮। ভাৰতবৰ্ষত দাস বংশ কোনে প্রতিষ্ঠা কৰিছিল ?

উ: কুতুবুদ্দিন আইবাক।

২৯। মহম্মদ ঘজনীৰ ৰাজসভাত থকা বিখ্যাত পণ্ডিতজনৰ নাম কি আছিল ?

উ: আলবেৰুণী।

৩০। বিখ্যাত গ্রন্থ ৰামচৰিতমানসৰ লেখক কোন?

উ: তুলসী দাস।

৩১। আকবৰে নিৰ্মাণ কৰা আগ্রাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল ?

উ: ফতেহপুৰ চিক্ৰী।

৩২। মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলি গ্ৰেণ্ড ট্রাংক ৰােড নির্মাণ কৰিছিল ?

উ: শ্বেৰ শ্বাহ ছুৰী।

৩৩। দিল্লীৰ কোনটো ৰাজবংশই ১০২৬ আৰু ১২৯০ খ্রীষ্টাব্দৰ মাজত শাসনকার্য চলাইছিল ?

উ: দাস বংশ।

৩৪। ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উ: ৰেজিয়া চুলতানা।

৩৫। কোনগৰাকী মােগল সম্রাটে তাজমহল সাজিছিল?

উ: ছাহজাহান।

৩৬। কাৰ শাসন কালত তুলসীদাসে ৰামচৰিতমানস ৰচনা কৰিছিল।

উ: আকবৰৰ।

৩৭। মােগল সাম্রাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল ?

উ: বাহাদুৰ শ্বাহ জাফৰ।

৩৮। কোনজন সম্রাটে ভাৰতত মােগল সাম্রাজ্যৰ ভেটি স্থাপন কৰিছিল ?

উ: বাবৰ।

৩৯। ইংৰাজসকলক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্রদান কৰা প্রথম মােগল সম্রাটজনৰ নাম কি ?

উ: জাহাংগীৰ।

৪০। কোনখন যুদ্ধৰ জৰিয়তে মােগল সাম্রাজ্যৰ ভেটি তৈয়াৰ কৰিছিল ?

উ: পানিপথৰ প্ৰথম যুদ্ধ।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত



Comments

Post a Comment

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।