মহৎ লোকৰ বাণী ( ১ম খণ্ড )
মহৎ লোকৰ বাণী ( ১ম খণ্ড )
১. “পখিলাতকৈ পৰুৱাৰ লগত মানুহৰ মিল বেছি। বেছি সময় কাম নকৰাকৈ বহি থকাটো মানুহৰ পক্ষে সম্ভৱ নহয়।”
👉 জেল্ড ব্রেনান।
২.“ভদ্রলােক হৈ জন্ম গ্রহণ কৰাটো আকস্মিক ঘটনা মাত্র। কিন্তু ভদ্রলােক হৈ মৰিব পৰাটো নিজৰ সাধনাৰ ফল।”
👉 বব গর্ডাও।
৩."মই টোপনি গৈছিলোঁ আৰু সপােনত দেখিলাে যে জীৱন মানে সৌন্দর্য। মই সাৰ পালাে আৰু দেখিলাে যে জীৱন মানেই কর্তব্য।”
👉 এলেন টার্গিজহুপাৰ।
৪."বৰ দুখৰ কথা যে এই সংসাৰৰ নিয়মবােৰ বিপৰীত ধৰণৰ। যি কামত শ্রেষ্ঠ মানৱজন লজ্জিত হয়, সেই কামত অসাধুজন সন্তুষ্ট হয়।”
👉 ব্যাস।
৫."সাহিত্যৰ অন্যতম উদ্দেশ্য হ’ল দেশৰ মানুহৰ মাজত সৃষ্টি হােৱা অনৈক্যৰ বীজাণুসমূহ ধ্বংস কৰি জাতিটোক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি গঢ়ি তােলা।”
👉 ড° মহেন্দ্র মােহন চৌধুৰী।
৬.“যি মানুহে আনৰ দ্বাৰা শাসিত হৈ ভাল পায়, তেওঁলােকৰ বাবে কঠিন হ’ল নিজকে শাসন কৰাটো।”
👉 মেক্স লার্ণাৰ।
৭."নতুন নতুন শব্দ জানি গৈ থকাটো বিদ্যাৰ নৱ নৱ দুৱাৰ মুকলি কৰি গৈ থকাৰ দৰে।”
👉 উদ্র উইলচন।
৮."সংসাৰত কৃতকার্যতাৰে দুটা পথ খােলা আছে। প্রথমটো নিজৰ শ্ৰমৰ জৰিয়তে, আনটো আনৰ মূৰ্খামিৰ সুযােগ গ্রহণৰ জৰিয়তে।”
👉 লাব্ৰুইৰে।
৯.“অধিক বাক্যত অপৰাধৰ অভাৱ নাই। কিন্তু যিজনে নিজৰ ওঁঠক দমন কৰে তেওঁ বুদ্ধিমান।”
👉 চলােমান।
১০.“এজন অসৎ লােকৰ কাৰণে কেতিয়াবা ৰাষ্ট্ৰই কষ্ট ভুগিব লগীয়াত পৰে।”
👉 হােছিবৎ।
১১.“ধৰ্মৰ সাৰ বস্তু হ’ল ঈশ্বৰৰ ওচৰত পৰম নিৰ্ভৰশীলতাৰ অনুভূতি।”
👉 শ্রেয়াৰ।
১২.“সাহসেৰে থিয় হােৱা এজনেই সংখ্যা গৰিষ্ঠতাৰ সৃষ্টি কৰে।”
👉 এ, জেকচন।
১৩.“তুমি আনতকৈ নীচ এনে এটা ধাৰণা তােমাৰ সন্মতি অবিহনে কোনেও তােমাৰ মনৰ মাজত সুমুৱাই দিব নােৱাৰে।”
👉 ৰুছভেল্ট।
১৪.“পৃথিৱীত ইমান বস্তু আছে যে এইবােৰ মই সমূলি নিবিচাৰো।”
👉 চক্রেটিছ।
১৫.“সৰু সৰু ত্যাগবােৰেই জীৱনটোক চহকী কৰে।”
👉 লর্ড চেষ্টাৰ ফিল্ড।
১৬.“পৃথিৱীৰ নানা জাতিৰ নানা ভাষাৰ ভাল ভাল কথা সংগ্রহ কৰি সেইবােৰ পাৰিলে একেবাৰে নিজা সম্প্রত্তি কৰি জাতীয় সর্বসাধাৰণৰ সহজ বােধগম্য কৰি প্ৰচাৰ কৰাটো উচ্চ শিক্ষিতসকলৰ কাম। অসমত আজিও এই কাম হৈছে বুলি ভালকৈ ক'ব নােৱাৰাে।”
👉 বেজবৰুৱা।
১৭.“মানুহে এতিয়ালৈকে উচ্চাৰণ কৰা মহান শব্দটো হ’ল কিতাপ।”
👉 বার্ণাড লেভিন।
১৮.“সৃষ্টিকর্তাৰ হাতত পৰা সকলাে বস্তুৱেই সম্পূর্ণ । মানুহৰ হাতত পৰিলেই সেইবােৰ নষ্ট হয়।”
👉 ৰুছো।
১৯.“অজ্ঞতা আৰু শৃংখলাৰ অভাৱেই মানুহৰ দুখকষ্টৰ কাৰণ।”
👉 কৌটিল্য।
২০.“মই মানুহক ঘিণ কৰাে, অথচ মই নিজকে ভাল মানুহৰ ভিতৰতেই এজন বুলি ভাবাে আৰু মই নিজে কিমান বেয়া সেইটোও ভালদৰে জানাে।”
👉 ডঃ জনচন।
২১.“আল্লাহ একক আৰু অদ্বিতীয়। তেওঁ অসীম, অনন্ত আৰু অক্ষয়। তেওঁৰ সমকক্ষ কোনাে নাই। জগত তেওঁৰেই সৃষ্টি আৰু সৃষ্টজীৱ তেওঁৰেই সেৱক। তেওঁৰ পৰাই প্রতিটি বস্তুৰে, প্রতিটি প্রাণীৰ উৎপত্তি আৰু দেহত্যাগৰ পাছত সকলােৱে তেওঁৰ ওচৰলৈ ফিৰি যায়।”
👉 কোৰাণ।
২২.“পিয়াে পিয়াে অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। দূৰতে তেজিয়াে থৈয়াে আন যত মনকাম ৰাম ৰাম।”
👉 মহাপুৰুষ মাধৱদেৱ।
২৩.“যিবােৰ বস্তু তুমি লাগতিয়াল আৰু সুন্দৰ বুলি বিশ্বাস নকৰা তেনে কোনাে বস্তুৱেই তােমাৰ ঘৰত নাৰাখিবা।”
👉 উইলিয়াম মৰিছ।
২৪.“যি ব্যক্তিয়ে নিজকে ঘিন কৰিবলৈ আৰম্ভ কৰিছে তেওঁৰ অৱনতিৰ দুৱাৰৰ লাহে লাহে খােল খাইছে। ব্যক্তি সম্মন্ধে এই কথা যেনেকৈ সত্য জাতি সম্বন্ধেও একে।”
👉 স্বামী বিবেকানন্দ।
২৫.“আসামৰ সমান মূখ দেশ ক’তাে নাই। ইয়াৰ ঘাই কাৰণ এই দেশত মাতৃভাষাৰ সাহিত্যৰ উন্নতি হােৱা নাই।”
👉 কমলাকান্ত ভট্টাচার্য।
২৬.“ইন্দ্রীয় সুখৰ বাবে চেষ্টা কৰি থাকিবৰ বাবে বহু বহু জনম লাভ কৰাৰ পাছতহে কোনােবাজন মহাত্মাই ক্ষোভৰ শেষ বিন্দুত উপস্থিত হ'বলৈ পাই নিজকে বাসুদেৱৰ ওচৰত সমর্পিত কৰিব পাৰে। এইদৰে ভগৱান কৃষ্ণৰ ওচৰত আত্মসমর্পণ কৰিলেহে পৰম সত্য লাভ কৰাৰ বাবে নিজক প্রস্তুত কৰিব পাৰি।”
👉 গীতা।
২৭.“যুদ্ধত পােন প্রথমে নিহত হয় সত্য।”
👉 ইস্ফাইলাছ।
“সকলাে ধর্ম সম্প্রদায়েই বেলেগ বেলেগ, কাৰণ সেইবােৰ মানুহৰ সৃষ্টি; কিন্তু নৈতিকতা সকলােতে একে, কাৰণ সি ভগৱানৰ সৃষ্টি।”
👉 ভল্টেয়াৰ।
২৮.“অজ্ঞনতা মনৰ নিশা, কিন্তু জোন আৰু তৰাবিহীন নিশা।”
👉 কনফুছিয়াছ।
২৯.“ভালদৰে কটোৱা দিন এটাৰ পাচত কেনেকৈ সুখৰ নিদ্ৰা আহে, ভালদৰে কটোৱা জীৱন এটাৰ পিচতাে সুখৰ চিৰনিদ্ৰা আহে।”
👉 লিঅ’ণার্ড দা ভিন্সি।
৩০.“সন্দিগ্ধ মনে সদায় সকলাে বস্তুৰ ক'লা ফালটোৱে দেখে।”
👉 পাবলিলিয়াছ ছিৰাছ।
৩১.“ক্ষন্তেক ধৈর্য ধৰা অপমান দীর্ঘজীৱি নহয়। সত্য সময়ৰ সন্তান। এদিন সি তােমাক উদ্ধাৰ কৰিবই।”
👉 ইমানুৱেল কান্ট।
৩২.“তুমি যি ভাবা, যি কোৱা আৰু যি কৰা সেইবােৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ।”
👉 মহাত্মা গান্ধী।
৩৩.“আনৰ যদি সুখ হােৱাটো বিচৰা, তেন্তে দয়ালু হ’বলৈ যত্ন কৰা। যদি নিজে সুখী হ'ব খােজা তেতিয়াও দয়ালু হ’বলৈ যত্নকৰা।”
👉 দালাই লামা।
৩৪.“এতিয়ালৈকে কোৱা কথাৰ ভিতৰত আটাইতকৈ বেয়া হ'ল- যিষাৰ কথা নােকোৱাকৈ থকা হৈছে।”
👉 অস্কাৰ বাইন্ড।
৩৫.“যি মানুহে নিজকে একো কথা শিকোৱা নাই তেওঁক আন কোনেও একো দৰকাৰী কথা শিকাব নোৱাৰে।”
👉 ছাৰ জণ্ডৱা ৰে'নগুছ।
৩৬.“আমাৰ যুগৰ আটাইতকৈ ভয়ংকৰ ঘটনা হ’ল দেশ বিভাজন। এই ঘটনাৰ পিচত আৰম্ভ হৈছিল সীমান্তৰ দুয়ােপাৰে অপহৃত হােৱা ছােৱালীবেৰৰ অনুসন্ধান আৰু পুনৰ সংস্থাপনৰ কাম।”
👉 অমৃতা প্রীতম।
৩৭.“বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছাে।”
👉 আলেকজেণ্ডাৰ দা গ্রেট।
৩৮.“ধন-সম্পত্তি সাগৰৰ পানীৰ দৰে ; যিমানে খাওঁ সিমানে বেছিকৈ পিয়াহ লাগে। একে কথা যশস্যাৰ ক্ষেত্ৰতাে খাটে।”
👉 আর্থাৰ স্বপেনহাৱাৰ।
৩৯.“মােৰ মন্ত্ৰীসকলে যেতিয়ালৈকে মই কোৱামতে কাম কৰি থাকে তেতিয়ালৈকে তেওঁলােকে মুখেৰে কি কৈ থাকে মই মন নকৰাে।”
👉 মার্গাৰেট থেচাৰ।
৪৯.“মই কেতিয়াও ডায়েৰী লগত নিনিয়াকৈ ভ্রমণ নকৰাে। ট্রেইনত পঢ়িবলৈ কিবা এটা আমােদজনক বস্তু মােক লাগে।”
👉 অস্কাৰ বাইল্ড।
৪১.“পৃথিৱীৰ সকলাে মহৎ সৃষ্টি অহৌবলিয়া লােকৰ তেওঁলােকেই আমাৰ ধর্ম আৰু মহৎ গ্রন্থবােৰৰ সৃষ্টি কৰিছে।”
👉 মার্চেল প্ৰুষ্ট।
৪২.“সত্য দুই প্রকাৰৰ । মামুলি সত্য আৰু মহৎ সত্য। মামুলি সত্যৰ বিপৰীতটো নির্ঘাট অসত্য হ’বলৈ বাকী কিন্তু মহৎ সত্যৰ বিপৰীতটোও সত্য।”
👉 নীলছ ব'ৰ।
৪৩.“স্বাধীন হােৱা মানেই মুক্ত হােৱা নহয়।”
👉 ৰবীন্দ্রনাথ ঠাকুৰ।
৪৪.“ধৰ্মৰ দ্বাৰা মানুহৰ কল্যান সাধন হয়। কিন্তু সেই ধর্ম অহিংসা, সংযম আৰু তপস্যাৰ ওপৰত প্রতিষ্ঠিত হ'ব লাগিব।”
👉 ভগৱান মহাবীৰ।
৪৫.“বিবাহিত জীৱন কেৱল তেতিয়াহে সফল হ'ব পাৰে যেতিয়া স্বামী স্ত্রী দুয়ােজন ইজনে সিজনক নিজৰ নির্জনতা ৰক্ষা কৰাৰ দায়িত্ব দিব
পাৰে।”
👉 বাইনাৰ মাৰয়া বিলকে।
৪৬.“প্ৰতিভাৰ কণ্ঠস্বৰ অতি কোমল, কিন্তু তাৰ বিশেষত্ব হ'ল এইটোৱেই যে নিজৰ অভীষ্ট সিদ্ধি নােহােৱালৈকে সি কেতিয়াও স্তব্ধ নহয়।”
👉 ছিগমণ্ড ফ্রয়েড।
৪৭. “জীৱন বুলি ক'লে কেৱল খাই-বৈ জীয়াই থকাটোকে নুবুজায়। মানব মনৰ ইচ্ছা আকাংক্ষাবিলাক সুপথেৰে পৰিচালিত কৰি ইন্দ্রিয় সমূহক কার্যক্ষম কৰাই মনৰ অনুভূতিবােৰৰ বিকাশেৰে মানৱীয় গুণ সম্পন্ন হৈ চলাটোহে প্রকৃত জীৱন।”
👉 জ্যাঁ জেক ৰুচো।
৪৮."মধ্যযুগত মানুহে মৃত্যুক বিমানে ভয় কৰিছিল, এতিয়া তাতকৈ বেছি ভয় কৰে। ইয়াৰ দ্বাৰা প্রমাণিত হয় যে সভ্যতাৰ অগ্রগতিয়ে অন্ততঃ মৃত্যু ভয়ৰ পৰা মানুহক মুক্ত কৰিব পৰা নাই।”
👉 পিটাৰ বাটছন।
৪৯."মই ভাবাে, সংগীত অনুভৱৰ বস্তু। গতিকে আপুনি বিদেশী নে ভাৰতীয় সেইটো সিমান গুৰুত্বপূর্ণ কথা নহয়।”
👉 পণ্ডিত সতীশ ব্যাস।
৫৯.“পৰম চঞ্চল, লম্পটসকল, ধর্মকর্মতাৰ নাই। ইচ্ছা অনুসৰি সবে কর্ম কৰি অল্পকালে নাশ পায়।”
👉 গুণাভীৰাম বৰুৱা (ৰাম নৱমী)।
৬০.“দীক্ষা হৈছে প্রত্যক্ষভাৱে আধ্যাত্মিক জীৱনত প্ৰৱেশ।”
👉 স্বামী বিবেকানন্দ।
৬১.“এই বুলি তুমি আক্ষেপ নকৰিবা যে মানুহে তােমাক নাজানে, তুমি এনেভাৱে কাম কৰা যাতে তুমি মানুহে জানিবৰ যোগ্য হােৱা।”
👉 কনফুছিয়াছ।
৬২.“জীৱনৰ কোনাে কথাতে গৌৰৱ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত, তেন্তে তােমাৰ জ্ঞানবুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব।”
👉 ৰঘূনাথ চৌধাৰী।
৬৩."কঠোৰ পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্র, একমাত্র মূৰ্খইহে কামৰ পৰা বিৰত থাকে।”
👉 বাইবেল।
৬৪.“সৎ কর্ম অবিহনে মানুহে কেতিয়াও জীৱনত সুখী হ'ব নােৱাৰে।”
👉 উপনিষদ।
৬৫.“প্রবচন হৈছে দীঘল অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখা চুটি বাক্য।”
👉 কার্ভেন্টিছ।
৬৬.“মই শিকিবলৈ সদায় প্রস্তুত, কিন্তু আনে মােক শিকাবলৈ চেষ্টা কৰা কথাটো মই সকলাে সময়তে পছন্দ নকৰাে।”
👉 হেনৰী আডামছ।
৬৭.“মূৰ্খই ক্ষমাও নকৰে, নাপাহৰেও। সৰলমতি মানুহে ক্ষমা কৰে আৰু পাহৰে। জ্ঞানীয়ে ক্ষমা কৰে, কিন্তু নপাহৰে।”
👉 টমাছ মান।
৬৮.“যেতিয়াই আমি কৰ্মৰ সতে নিজকে অভিন্ন কৰি তুলিছো তেতিয়াই আমি দুখ অনুভৱ কৰাে। কিন্তু কর্মৰ স’তে সেইধৰণে একান্ত নহ'লে সেই দুখ অনুভৱ কৰা নাযায়।”
👉 স্বামী বিবেকানন্দ।
৬৯.“নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলােকে ভদ্ৰ বুলি ভাবিবা।”
👉 মহাত্মা গান্ধী।
৭০.“মৰিবা, কিন্তু নামাৰিবা।”
👉 মহাত্মা গান্ধী।
৭১.“দুখত কেতিয়াও ভাগি পৰিব নালাগে, কাৰণ দুখৰ পিছত সুখ অনিবার্য।”
👉 কোৰাণ। ৭২.“প্রতিভা নির্জনতাত নিজে নিজে বিকশিত হয়; চৰিত্ৰৰ বিকাশ ঘটে জীৱনৰ সোঁতত।”
👉 গ্যেটে। ৭৩.“মই ভাল পাওঁ কাৰণে সকলাে বুজি পাওঁ।”
👉 লিঅ' টলষ্টয়।
৭৪.“তুমি যিমান পাৰা সিমান উপার্জন কৰা, যিমান পাৰা সিমান সঞ্চয় কৰা অৰু যিমান পাৰা সিমান আনক দিয়া।”
👉 জন বেজলি।
৭৫.“হৃদয়ৰ নিজা যুক্তি আছে, যি কথা যুক্তিয়ে একেবাৰে নাজানে।”
👉 ব্রেইজ পাস্কেল।
৭৬. “মানুহৰ সম্পত্তিৰ প্ৰকৃত জোখ হ’ল, তেওঁ কি কি বস্তু নিকিনাকৈ থাকিব পাৰে।”
👉 ৰালফ ৱালডাে এমাৰছন।
৭৭.“প্ৰথম অৱস্থাত আপােনাৰ স্ত্ৰীয়ে ভয় খালেও কথা নাই, তেওঁৰ প্রশংসা কৰিবলৈ চেষ্টা কৰক।”
👉 বিলি ছামডে।
৭৮.“প্রেম স্বৰ্গৰ দৰে, কিন্তু ই নৰকৰ দৰে আঘাত দিবও পাৰে।”
👉 শ্বাৰ'ন ষ্টোন।
৭৯.“জীৱনে যেতিয়া তােমাক খুন্দিাই বগৰাই দিয়ে তেতিয়া পিঠি পাৰি পৰিবলৈ চেষ্টা কৰিবা। কাৰণ, তুমি যদি ওপৰলৈ চাব পাৰা, উঠিবও পাৰিবা।”
👉 লেছ ব্ৰাউন।
৮০.“সকলাে ধৰ্মই সুন্দৰ, কিন্তু প্রতিটোৱেই একোটা দ্বীপ। প্রেমেৰে সকলাে ধৰ্মৰ সেতুবন্ধন কৰাটোহে উত্তম কাম।”
👉 আব্দুল কালাম।
৮১.“কিতাপ আৰু চিনেমা বেলেগ। চিনেমাখন চাই কিতাপখন সম্পর্কে কোনাে ধাৰণা নকৰিব।”
👉 জে ডব্লিউ ইগেন।
৮২. “লাহে লাহে যােৱা। জীৱনটো উপভােগ কৰা। বেছি বেগাই গ'লে আপুনি যে কেৱল ৰাস্তাৰ কাষৰ ধুনীয়া দৃশ্যবােৰকে দেখা নাপাব এনে নহয়, আপুনি ক'লৈ আৰু কিয় গৈ আছে সেই কথাও মনৰ পৰা আঁতৰি যাব।”
👉 এডি কেন্টৰ।
৮৩.“জীৱনত সুখ উপভােগ কৰিবলৈ হ'লে আনকো সেই সুখত সমভােগী হবলৈ দিব লাগিব। এনে কৰাটো কেৱল উদাৰতাই নহয় বুদ্ধিমানৰাে কাম।”
👉 এ. পি. কিউৰাচ।
৮৪.“ধুনীয়া মহিলা হ’ল মূল্যবান অলংকাৰ। কিন্তু এগৰাকী মহান মহিলা হ’ল সম্পদ।”
👉 হাদি।
৮৫.“যি মানুহে নতুন নতুন দেশ আৱিস্কাৰ কৰিব খােজে তেওঁ বহুত দিনলৈকে সমুদ্র উপকুল নেদেখাকৈ থাকিবলৈ সাজু হ'ব লাগিব।”
👉 আৰ্দ্ৰেদিজ।
৮৬.“শিশুৰ অন্তর্নিহিত শক্তিৰ বাহ্যিক প্রকাশেই হ’ল শিক্ষা প্রক্রিয়া।”
👉 পেষ্টয়লজী আৰু ফ্ৰবেল।
৮৭.“ল’ৰা-ছােৱালীক প্রকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে। ভদ্রলোেক বাভদ্রমহিলা হ’বলৈ নহয়।”
👉 পদ্মনাথ গােহাঁই বৰুৱা।
৮৮.“আমাৰ মধ্যবিত্তসকলৰ সযত্নে পালিত শিশুবােৰৰ প্ৰকৃত শৈশৱ নাই।”
👉 নিৰুপমা বৰগােহাঞি।
৮৯.“পাপ, পূন্য একো নাই আছে মাথাে অজ্ঞতা।”
👉 স্বামী বিবেকানন্দ।
৯০.“সৰু ফুটাৰ মাজেদি যেনেকৈ সূৰ্যৰ পােহৰ দেখা যায়, তেনেকৈ সৰু সুৰা কথাৰ মাজেদিও এজন মানুহৰ চৰিত্ৰৰ মাহাত্ম্য প্রকাশ পায়”।
👉 লর্ড এভেবৰী।
(বিভিন্ন কিতাপৰ পৰা সংগৃহীত)
Comments
Post a Comment