ইতিহাসৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

 ইতিহাসৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ: 

(প্ৰাচীন ভাৰত)


১। হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উ: সিন্ধু উপত্যকাৰ সভ্যতা।

২। আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল ?

উ: খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত।

৩. আর্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ চাৰিটা শ্রেণী কি কি ?

উ: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ।

৪. মগধ সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উ: ৰজা বিম্বিসাৰ।

৫. চন্দ্রগুপ্ত মৌর্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহণ কৰে ?

উ: খ্ৰীষ্টপূৰ্ব ৩২১

৬. আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্রমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লােক আছিল ?

উ: খ্ৰীষ্টপূৰ্ব ৩২৭, মেচিডোনিয়া।

৭.শ্রেষ্ঠ মৌর্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছিল ?

উ: চন্দ্ৰগুপ্ত মৌৰ্য।

৮.ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্রাট হিচাপে কোনজন প্রাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয় ?

উ: চন্দ্ৰগুপ্ত মৌৰ্য।

৯. চাণক্যক চন্দ্রগুপ্ত মৌর্যৰ গুৰু হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্রণয়ন কৰা বিখ্যাত গ্রন্থখনৰ নাম কি?

উ: অৰ্থশাস্ত্ৰ।

১০. চন্দ্রগুপ্তৰ ৰাজসভা ভ্রমণ কৰা গ্ৰীক ৰাষ্ট্রদূতজনৰ নাম কি ?

উ: মেগাস্থেনিছ।

১১. অশােকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল?

উ: খ্ৰীষ্টপূৰ্ব ২৬১

১২. কলিংগ যুদ্ধই অশােকক বৌদ্ধ ধৰ্মৰ প্রতি অনুপ্রাণিত কৰিছিল কোনজন ব্যক্তিয়ে অশােকক বৌদ্ধ ধর্মত অন্তর্ভুক্ত কৰিছিল ?

উ: উপগুপ্ত।

১৩. গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল ?

উ: পাটলিপুত্ৰ।

১৪. মৌর্য সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উ: চন্দ্ৰগুপ্ত মৌৰ্য।

১৫. অশােকৰ শিলালিপি আৰু তাম্রলিপি ভাৰতবৰ্ষৰ ৪৫খন ঠাইত পােৱা গৈছে। এই শিলালিপিবােৰ কি ভাষাত লিখা হৈছে?

উ: প্ৰাকৃত।

১৬. কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল ?

উ: কনিষ্ক।

১৭. কণিষ্ক কোনটো বংশৰ লােক আছিল?

উ: কুষাণু।

১৮. সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্তবংশৰ ৰজাজনৰ নাম কি?

উ: সমুদ্ৰগুপ্ত।

১৯.  ভাৰতৰ নেপােলিয়ন বুলি কাক জনা যায়?

উ: সমুদ্ৰগুপ্ত।

২০. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সােণালী যুগ’আখ্যা দিয়া হয়?

উ: গুপ্তযুগক।

২১. গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উ: অজন্তা গুহা চিত্ৰ।

২২. ভাৰতবৰ্ষৰ প্রাচীনতম ৰাজবংশটো কি?

উ: মৌৰ্য বংশ।

২৩. বিক্রমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উ: দ্বিতীয় চন্দ্ৰগুপ্ত।

২৪. চীন দেশৰ কোনজন পব্রিাজকে হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল ?

উ: হিউয়েন চাং।

২৫. ভাৰতৰ কোনখন প্রাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আবাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয় ?

উ: নালন্দা বিশ্ববিদ্যালয়।

২৬. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ বুলি কোৱা হয়?

উ: গুপ্তযুগক।

২৭. ইংলেণ্ডলৈ গৈ সম্রাটৰ মােকর্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মােগল সম্রাটে ৰাজা ৰামমােহন ৰায়ক এটি পুৰষ্কাৰ

দিছিল। পুৰষ্কাৰটো কি আছিল?

উ: তেওঁক 'ৰাজা' উপাধি প্ৰদান কৰিছিল।

২৮. পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উ: চিমহা , বিষ্ণু।

২৯. পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্রতিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উ: ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰতিষ্ঠা কৰিছিল।

৩০. কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল ?

উ: খ্ৰীষ্টপূৰ্ব ৪৮৭

৩১. মহামতি আকবৰৰ ৰাজত্বকালত কোনে পার্টী ভাষাক মােগল সাম্রাজ্যৰ শাসকীয় ভাষা হিচাপে ঘােষণা কৰিছিল?

উ: ৰাজা টোডৰমল।

৩২. ভাৰতত কেতিয়া বিক্রমী যুগ আৰম্ভ হয় ?

উ: খ্ৰীষ্টপূৰ্ব ৫৮

৩৩. কোন শতিকাত সমুদ্রগুপ্তই ৰাজত্ব কৰিছিল?

উ: চতুৰ্থ শতিকাত।

৩৪. কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পােন প্ৰথমবাৰৰ বাবে সােণৰ মুদ্ৰাৰ প্রচলন হয়?

উ: গুপ্ত বংশৰ।

৩৫. চন্দ্রগুপ্ত মৌর্যই কোনজন গ্রীক শাসককপৰাজিত কৰিছিল ?

উ: চেলিউকছ।

৩৬. গৌতম বুদ্ধই সর্বপ্রথম ধর্মোপদেশমূলক বক্তৃতা ক’ত প্রদান কৰিছিল ?

উ: সাৰনাথ।

৩৭. সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হােৱাৰ প্ৰধান কাৰণ কি আছিল?

উ: বানপানী আৰু ধুমুহা।

৩৮. হিন্দ’ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে?

উ: সিন্ধু (নদী)

৩৯. দেৱনাগৰী লিপিৰ ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?

উ: বড়ো, ডগ্ৰি, হিন্দী, কংকনী, মাৰাঠী, নেপালী, সংস্কৃত।

৪০. ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্রঘাত অর্থাৎ শনিধক হিচাপে জনা যায়?

উ: বিন্দুসাৰ।

৪১. মহেঞ্জেদাৰাে ক’ত অৱস্থিত ?

উ: সিন্ধু প্ৰদেশ।

৪২. গুপ্ত বংশৰ শাসনকালত কোন ধর্মই অধিক প্রভাৱ বিস্তাৰ কৰিছিল ?

উ: হিন্দু ধৰ্ম।

৪৩। গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গােষ্ঠীয়ে ভাৰত আক্রমণ কৰিছিল ?

উ: শোন গোষ্ঠীৰ লোকসকলে।

বিভিন্ন কিতাপৰ পৰা সংগৃহীত।


Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

এটা শব্দত প্ৰকাশ কৰা

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ