ভাৰতৰ ইতিহাস (আধুনিক ভাৰত) সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ।


                              আধুনিক ভাৰত
                              
১। কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বর্জনৰ দৰে পদক্ষেপৰ সূচনা কৰিছিল?
উ: ১৯০৫ চনৰ বংগ বিভাজন।
২। ভাৰতবৰ্ষত ব্রিটিছশাসিত ভূখণ্ডৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
উ: ৱাৰেণ হেষ্টিংছ।
৩। ৰবার্ট ক্লাইভ কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল ?
উ: ১৭৬৪ খ্ৰীষ্টাব্দত।
৪। টিপুচুলতান কোন আছিল?
উ: তেওঁ মহীশূৰৰ চুলতান আছিল।
৫। ভাৰত স্বাধীন হােৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল ?
উ: জে বি কৃপালানি।
৬। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্রাট হিচাপে আনুষ্ঠানিকভাৱে ঘােষণা কৰিছিল ?
উ: বাহাদুৰ শ্বাহ জাফৰ।
৭। অন্তিমজন মােগল সম্রাটৰ নাম কি আছিল ?
উ: বাহাদুৰ শ্বাহ জাফৰ।
৮। ১৮৫৭ চনৰ বিদ্রোহত কাক পেছােৱা হিচাপে ঘােষণা কৰা হৈছিল ?
উ: নানা চাহেব।
৯। কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ?
উ: উমেশ চন্দ্ৰ বেনাৰ্জী।
১০। বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্রাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল ?
উ: ১৮৭৭ খ্ৰীষ্টাব্দত।
১১। ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্রদান কৰিছিল। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল ?
উ: লৰ্ড কেনিং
১২। উত্তৰ-পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল ?
উ: লৰ্ড কাৰ্জন।
১৩। সংবাদ মাধ্যমক স্বতন্ত্র প্রদানকাৰী’হিচাপে কাক জনা যায় ?
উ: লৰ্ড চাৰ্লছ মেটকাফে।
১৪। ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ?
উ: ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।
১৫। মুছলিম লীগ কেতিয়া গঠন হৈছিল ?
উ: ১৯০৬ চনত।
১৬। কলিকতাত (বর্তমানৰ কলকাতাত) ভাৰতীয় এচ'ছিয়েচন কোনে প্রতিষ্ঠা কৰিছিল ?
উ: সুৰেন্দ্ৰনাথ বেনাৰ্জী।
১৭। বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্রীষ্মকালীন ৰাজধানী আছিল?
উ: ছিমলা।
১৮। কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ?
উ: ১৯১১ চনত।
১৯। কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?
উ: ১৯১৯ চনত।
২০। জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল ?
উ:  ১৯১৯ চনৰ ১৩ এপ্ৰিলত, জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।
২১। কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূর্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰে?
উ: লৰ্ড আৰু আৰউইন।
২২। গান্ধীজীয়ে কেতিয়া প্রথম সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল ?
উ: ১৯১৭ চনত।
২৩। ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযােগ আন্দোলন আৰম্ভ কৰিছিল ?
উ: ১৯২০ চনত।
২৪। ভাৰতবৰ্ষত হােম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল ?
উ: ড° এনি বেছান্ত।
২৫। গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?
উ: ১৯২৩ চনত।
২৬। ভাৰতীয় জাতীয় কংগ্ৰেছে সর্বসম্মতভাৱে পূর্ণ স্বাধীনতাৰ দাবী কেতিয়া উত্থাপন কৰিছিল ?
উ: ১৯২৯ চনত লাহোৰ অধিবেশনত।
২৭। ১৯৩০ চনৰ ৬ এপ্রিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল ?
উ: মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।
২৮। গান্ধীজীয়ে ক'ৰ পৰা ঐতিহাসিক দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ?
উ: আহমেদাবাদৰ সবৰমতী আশ্ৰম।
২৯। ভাৰতীয় জাতীয় কংগ্রেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নির্বাচিত কৰা হৈছিল ?
উ: ১৯২৪ চনৰ বেলগাম অধিবেশনৰ বাবে।
৩০। মহাত্মা গান্ধীয়ে অসহযােগ আন্দোলন (১৯২০-২২) কিয় প্রত্যাহাৰ কৰিছিল ?
উ: চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।
৩১। বিখ্যাত গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উ: ১৯৩১ চনত।
৩২। ১৯৪৬ চনৰ ১৯ মার্চত কেবিনেট আয়ােগক ভাৰতলৈ কিয় প্রেৰণ কৰা হৈছিল ?
উ: ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।
৩৩। গান্ধী যুগৰ প্ৰাৰম্ভিক কালছােৱাত সৰােজিনী নাইডুৱে ‘ হিন্দু-মুছলমান একতাৰ ৰাষ্ট্রদূত’বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি ?
উ: মহম্মদ আলী জিন্না।
৩৪। ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ কৰিছিল ?
উ: ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।
৩৫। ভাৰতলৈ কেবিনেট মিছন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল ?
উ: ১৯৪৬ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক ল'ৰেন্স।
৩৬। ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পর্কে কোনে ঘােষণা কৰিছিল ?
উ: ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেন।
৩৭। বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল ?
উ: ১৯৪৯ চনৰ জুলাইত।
৩৮। ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি ?
উ: চি ৰাজাগোপালাচাৰী।
৩৯। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল ?
উ: ১৬০০ খ্ৰীষ্টাব্দত।
৪০। ভাৰতবৰ্ষত স্বত্ব বিলােপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল ?
উ: লৰ্ড ডেলহাউচি।
৪১। ভাৰত এচ'ছিয়েচন কেতিয়া গঠন হৈছিল ?
উ: ১৮৭৬ খ্ৰীষ্টাব্দত।
৪২। চৌৰা-চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উ: ১৯২১ চনত।
৪৩। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উ: ১৯৩০ চনত।
৪৪। স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি ?
উ: স্বামী বিবেকানন্দ।
৪৫। জয়হিন্দ’ আৰু ‘ দিল্লী চলাে' শ্লোগান দুটা প্রথমে কোনে ব্যৱহাৰ কৰিছিল ?
উ: সুভাষচন্দ্ৰ বসু।
৪৬। জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল ?
উ: অমৃতসৰ।
৪৭। কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল?
উ: লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত।
৪৮। সীমা গান্ধী বুলি কাক জনা যায় ?
উ: খান আব্দুল গফৰ খান।
৪৯। ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্বকৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি?
উ: বিজয়া লক্ষ্মী পণ্ডিত।
৫০। কোনে পােন প্রথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল ?
উ: পণ্ডিত জৱাহৰলাল নেহৰুৱে।
৫১। ভাৰতবৰ্ষত সর্বপ্রথম সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উ: ১৯৫২ চনত।
৫২। উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পােষকতাকৰিছিল?
উ: লৰ্ড মেক'লে।
৫৩। আর্য সমাজ কোনে প্রতিষ্ঠা কৰিছিল?
উ: স্বামী দয়ানন্দ সৰস্বতী।
৫৪। ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?
উ: লৰ্ড মাউণ্টবেটেন।
৫৫। ১৮৫৭ চনৰ বিদ্রোহত ব্রিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?
উ: ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।
৫৬। কোনটো ঘটনা বিফল হােৱাৰ পিছত ভাৰতীয় জাতীয়কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ?
উ: ক্ৰিপছ মিছন।
৫৭। কোনখন আইনে ভাৰতবৰ্ষত পােন প্রথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নির্বাচন বিধি প্ৰৱৰ্তন কৰিছিল?
উ: ১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন।
৫৮। মহাত্মা গান্ধীৰ কোনবিধ সামগ্রী দাণ্ডি যাত্রাৰ লগত জড়িত?
উ: নিমখ।
৫৯। মার্গাৰেট এলিজাবেথ ন'বেলক কোনে নিবেদিতা’ আখ্যা দিছিল ?
উ: স্বামী বিবেকানন্দ।
৬০। বৃটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপােলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল ?
উ: টিপু চুলতান।
৬১। তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?
উ: ড° বি আৰ আম্বেদকাৰ।
৬২। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?
উ: ২ অক্টোবৰ, ১৮৭৯।
৬৩। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল?
উ: মহাত্মা গান্ধী।
৬৪। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে?
উ: ১৫ আগষ্ট, ১৯৪৭
৬৫। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী কোন আছিল ?
উ: ক্লিমেন্ট এটলী।
৬৬। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল ?
উ: অসহযোগ আন্দোলন।
৬৭। ভাৰতত ৰাজপথ’ নিৰ্মাণৰ সূচনা কৰা প্ৰথম বৃটিছ গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি ?
উ: লৰ্ড ডেলহাউচি।
৬৮। স্বামী বিবেকানন্দই অংশ গ্রহণ কৰা বিশ্ব ধৰ্মৰ প্রসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল ?
উ: চিকাগোত।
৬৯। কিমান চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰা হৈছিল?
উ: ১৯৩৬ চনত।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।