অব্যয়, অব্যয়ৰ প্ৰকাৰ, ব্যৱহাৰ। অসমীয়া ব্যাকৰণ।
অব্যয়ঃ
যিবােৰ শব্দৰ লিঙ্গ, বচন, বিভক্তি আদি কোনাে পৰিৱৰ্তন নহয়, তাক অব্যয় শব্দ বােলে।
অব্যয় শব্দ সাত প্রকাৰৰঃ
(১) সংযােজক বা যােজক অব্যয়
(২) বিয়ােজক অব্যয়
(৩)ভাববােধক অব্যয়
(4) সম্বােধনবােধক অব্যয়
(5) প্রশ্নবােধক অব্যয়
(৬) সমিধানবােধক অব্যয় আৰু
(৭) আনুষঙ্গিক অব্যয়।
১। সংযােজক বা যােজক অব্যয়ঃ যি অব্যয়ে দুটা বা তাতকৈ বেছি পদ বা বাক্যক যােগ কৰে, তাকে যােজক অব্যয় বােলে। যেনেঃ আৰু, এতেকে, কাৰণ, কাৰণে আদি।
ব্যৱহাৰঃ
আৰুঃ তেওঁ আৰু মই যাম। সি ভাত খাই আছিল আৰু মই পঢ়ি আছিলোঁ।
এতেকেঃ বিদ্যাই পৰম ধন এতেকে কায়মনােবাক্যে বিদ্যা শিক্ষা কৰা।
কাৰণঃ মই নাযাওঁ, কাৰণ মােৰ বিশেষ কাম আছে।
কাৰণেঃ মই যাব নােৱাৰাে কাৰণে তাকেই পঠাইছাে।
২।বিয়ােজক অব্যয়ঃ যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়ােজক অব্যয় বােলে।
যেনেঃ বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি।
ব্যৱহাৰঃ
বাঃ ৰাম বা মই যাম। তুমি ইয়ালৈ আহিবা বা সিয়ে তােমাৰ ওচৰলৈ যাব।
নাইবা, নতুবাঃ এটা পদুমফুল নাইবা (নতুবা) এটা কচুপাত আঁকা। ভিতৰলৈ আহা নইবা (নতুবা) ঘৰলৈ যােৱা।
অথবাঃ চাকৰি-বাকৰিকে কৰা অথবা খেতিকে ধৰা।
কিম্বাঃ মন্ত্রৰ সাধন কিম্বা শৰীৰ পতন।
অথচঃ তেওঁ দুখীয়া অথচ সাধু।
তেওঁঃ মই মাতিছােহে মাতিছাে তেও তেওঁৰ কাণ সাৰ নাই।
তথাপিঃ মােৰ জ্বৰেই তথাপি জৰুৰী সভা বুলি আহিছাে।
কিন্তুঃ মই যাম কিন্তু একো নাখাম।
৩।ভাববােধক অব্যয়ঃ যি অব্যয়ে মানুহৰ মনৰ নানা ভাব প্রকাশ কৰে, তাক ভাববােধক অব্যয় বােলে। যেনেঃ আহা, আঃ, উস, ইস, বাঃ বাঃ বেচ বেচ, চাবাচ ইত্যাদি।
ব্যৱহাৰঃ
(ক) হর্ষ আদি ভাবঃ আঃ (আহা), আঃ কি সুন্দৰ সুৰ! কি অপৰূপ ৰূপ! ইত্যাদি।
(খ) বিষাদ, খেদ, আদি ভাবঃ হায় হায়, কি মােৰ পােৰা কপাল! উস্ কি অসহ্য গৰম!
হা, মােৰ ভাগ্য ? ইত্যাদি।
(গ) ঘৃণা আদি ভাবঃ ছিঃ ছিঃ কি অকার্য কৰিলা! ধিক্ তােৰ জীৱন!
(ঘ) পুতৌৰ ভাবঃ দেহিঐ, কেনে জীৱৰ বিলায়!
(ঙ) প্রশংসা, অনুমােদন আদি ভাবঃ চাবাচ, প্রথম হ’লা ! বাঃ বাঃ জিকিলা! ধন্য ধন্য কলি কাল!
(চ) ভয়, আশ্চর্য আদি ভাবঃ আই ঔ, খালে ঔ! বাপৰে বা, কি ভয়ঙ্কৰ সাপ! ইত্যাদি।
৪। সম্বােধনবােধক অব্যয়ঃ যিবােৰ অব্যয় সম্বােধন কৰােতে ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বােধনবােধক অব্যয় বােলে। যেনেঃ অ, ঐ, ঔ, হেৰ, হেৰা, হেৰি, হেৰি, হেৰৌ, হে, হ'য়ে হ'য়েবা ইত্যাদি।
ব্যৱহাৰঃ
অ'ঃ অ' দেউতা, গা ধােৱক! অ' আঃ ৰাম, এই ফালে আহ।
ঐঃ ঐ মৰতী, বেগতে আহ! ময়াে যাম ঐ !
ঐঃ ৰাম ঔ, আহচোন! ক'লৈ গলি ঔ এই ৰাতিখন।
হেৰঃ হেৰ বােপাই, মােৰ কথা শুন! হেৰ দুষ্ট, মােৰ ওচৰৰ পৰা গুচ !
হেৰাঃ হেৰা ভাই, কিতাপখন দিয়ানা ! হেৰা, ঘৰলৈ যােৱাচোন !
হেৰৌঃ হােৰৌ বান্দৰহঁত! গছত উঠিছ কিয় ?
হেঃ হে ৰাম, হে হৰি!
হয়ে, হ'য়েৰাঃ হ'য়ে (হ'য়েৰা) হঞে, হঞেৰা, জেতুকী, মােৰ কামটো হ’ল নে ?
৫।প্রশ্নবােধক অব্যয়ঃ কোনাে কথা সােধাত বা প্রশ্ন কৰাত যিবােৰ অব্যয় ব্যৱহাৰ হয়, সেইবােৰক প্রশ্নবােধক অব্যয় বােলে। যেনেঃ নে, নেকি, কি, জানাে, কোনে, বােলে, ইত্যাদি।
ব্যৱহাৰঃ
নেঃ তুমি সভালৈ যাবা নে ? আপুনি মােৰ তালৈ আহিব নে?
নেকিঃ তেওঁ পুৰস্কাৰ পালে নেকি? খেলা চাবলৈ যাবা নেকি ?
জানােঃ আজি সভা বহিব জানাে? তেওঁৰ অসুখ ভাল হৈছে জানাে?
কিঃ তােমাৰ দেউতাৰাৰ নাম কি ? তেওঁৰ হৈছে কি ?
কেনেঃ এতিয়া দেউতাৰাৰ স্বাস্থ্য কেনে?
বােলেঃ তেওঁ বােলে বিলাতলৈ যাব?
কোনঃ অজাতশত্রু কোন আছিল? সেইজন কোন ?
৬।সমিধানবােধক অব্যয়ঃ কথাৰ বা প্রশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হােৱা অব্যয়ক সমিধানবােধক অব্যয় বােলে। যেনেঃ ওঁ, ওঁহাে, এৰা, হয়, বাৰ ইত্যাদি।
ব্যৱহাৰঃ
ওঁঃ ভাত খালানে ? উত্তৰ = ওঁ।
বস্তুটো চালানে? উওৰ = ওঁ ।
ওহােঃ (নােহােৱা অৰ্থত): মিটিঙলৈ যাবা জানাে। উত্তৰ = ওঁহাে।
এৰাঃ তুমি এতিয়াই আহিলা? উত্তৰ= এৰা।
হয়ঃ তুমি তালৈ গৈছিলা নে? উওৰ = হয়।
ভালঃ সভাৰ দায়িত্ব তােমাৰ ওপৰত দেই। উত্তৰ= ভাল। আয়ােজন কৰিম বাৰু।
বাৰুঃ সময় পালে আমাৰ ফালে এপাক মাৰিবাচোন। উত্তৰ= বাৰু।
৭।আনুষঙ্গিক অব্যয়ঃ যিবােৰ অব্যয় অন্য পদৰ পাছত যােগ হৈ সিহঁতৰ অৰ্থ বেলেগ, কৰে, সেইবােৰক আনুষঙ্গিক অব্যয় বােলে। যেনেঃ এ, এই, ও, হি, হে, তা, দেই ইত্যাদি।
ব্যৱহাৰঃ
এ (য়ে): আমটো তুমিয়ে নিয়া। ভাতখিনি সিয়ে খাওক।
ওঃ ময়াে যাওঁ, তুমিও আহা। আইৰাে বার্তা, গঙ্গাৰাে যাত্রা।
হিঃ মই এইমাত্র পাইছোহি। দৰা আহি পালেহি।
হেঃ মই হে যাম। তুমি হে কামটো কৰিব লাগিব।
চোনঃ তুমি এবাৰ মােৰ তালৈ আহিবাচোন। মইচোন খবৰকে পােৱা নাই।
হলেঃ মই হলে যাব নােৱাৰিম। তুমি হলে আহি থাকিবা।
তােঃ মইতাে যাম বুলি কোৱা নাই! তুমিয়েতাে কৈছিলা যে সি আহিব।
কৈঃ দেশতকৈ মােমাই ডাঙৰ নহয়। ধনতকৈ বিদ্যা শ্রেষ্ঠ ইত্যাদি।
তলৰ অব্যয়বােৰ বিভিন্ন অর্থত ব্যৱহাৰ হয়।
অর্থাৎ , উপৰি, জানােচা, দৰে, বাজে, বাহিৰে, বাদে, অনুসাৰে, অনুসৰি, নিচিনা, সৈতে নিমিত্তে, প্রায়, পিনে, ফালে, বৰং, বৰঞ্চ, বিনা, বিনে, যদি, যদিও, যদ্যপি, কদাপি, যেন, যেনে, যে, যথা, সুতৰাং, সাধাৰণতঃ, আপাততঃ, মূলতঃ, অন্ততঃ, হঠাৎ অকস্মাৎ, ক্ৰমাৎ, ক্রমে, যথাক্রমে,
পুনঃ দৈৱাৎ, ইতি, ইত্যাদি ইত্যাদি।
সংগৃহীত ৰচনা বিচিত্ৰা
ধৰ্ম সিংহ ডেকা।
Comments
Post a Comment