সধাৰণ জ্ঞান general knowledge in Assamese

                         সধাৰণ জ্ঞান (Gk in Assamese)


 ১। লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত?

উ: গোমতী।

২। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্রীনগৰ কোনখন নদীৰ পাৰত অবস্থিত?

উ: ঝিলাম।

৩। সৰযু নদীৰ পাৰত কোনখন পবিত্র নগৰ অৱস্থিত ?

উ: অযোধ্যা।

৪। অসী আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে?

উ: বাৰানসী (বৰুন আৰু অসী)


৫। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্র পার্বত্য ঠাইডােখৰৰ নাম কি?

উ: মাউণ্ট আবু।

৬। যমুনা নদীৰ সোঁপাৰত অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ বাবেও বিখ্যাত?

উ: আগ্ৰা।

৭। চালাৰ জং মিউজিয়াম চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব ?

উ: হায়দৰাবাদ।

৮। শ্বাজা-মইন-উদ-দিন ছিষ্টিৰ কবৰ ক'ত অৱস্থিত?

উ: আজমীৰ।

৯। কাশ্মীৰত প্রায় ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীর্থস্থানখনৰ নাম কি ?

উ: অমৰনাথ।

১০। উত্তৰাঞ্চলৰ হিমালয়ৰ গংগােত্রী হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীর্থস্থান কোনখন ?

উ: বদ্ৰীনাথ।

১১। এছিয়াৰ প্ৰথমটো ৰংগমণ্ডল এম্ফিথিয়েটাৰ (Amphitheatre) ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি ?

উ: ৰংঘৰ।

১২। আগ্রাৰ ওচৰৰ ফতেহপুৰ চিক্রী কিহৰ বাবে বিখ্যাত?

উ: বুলন্দ দৰৱাজা।

১৩। চাহৰ বাবে বিশ্ববিখ্যাত পশ্চিমবঙ্গস্থিত ঠাইখনৰ নাম কি?

উ: দাৰ্জিলিং।

১৪। ভাৰতৰ কোনখন ঠাইত পােনপ্রথমে তেল উদঘাটন কৰা হৈছিল ?

উ: ডিগবৈ, অসম।

১৫। বন্ধৰ দিনত নাক্কি হ্রদ অথবা চানচেট পইন্ট চাবৰ ইচ্ছা থাকিলে কোন ঠাইলৈ যাব লাগিব ?

উ: মাউণ্ট আবু।

১৬। বাণিজ্যিক আৰু ঔদ্যোগীক ক্ষেত্ৰত যথেষ্ট আগবঢ়া ভাৰতৰ সর্বপ্রথম মেট্র চহৰখনৰ নাম কি?

উ: মুম্বাই।

১৭। মহাৰাষ্ট্ৰৰ কোনখন ঠাই সুমথিৰাৰ বাবে বিখ্যাত?

উ: নাগপুৰ।

১৮। হুন্দ্ৰু জলপ্রপাত ভাৰতৰ কোনখন চহৰৰ ওচৰত আছে?

উ: ৰাঁচী।

১৯। চাৰমিনাৰ ক’ত অৱস্থিত ?

উ: হায়দৰাবাদ।

২০। ইন্দিৰা গান্ধীৰ সমাধি কত অৱস্থিত ?

উ: শক্তিস্থল, দিল্লী।

২১। ভাৰতবৰ্ষৰ কোনখন চহৰ হ্ৰদৰ চহৰ’ নামে জনাজাত ?

উ: উদয়পুৰ।

২২। কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী’ বুলি কোৱা হয়?

উ: মুম্বাই।

২৩। যদি ৰােম সপ্তপাহাৰৰ চহৰ হয়, তেন্তে ভাৰতৰ সপ্তদ্বীপৰ চহৰ কোনখন?

উ: মুম্বাই।

২৪। ৰে'ল পৰীক্ষা আৰু গৱেষণা কেন্দ্র ক'ত অৱস্থিত ?

উ: লক্ষ্ণৌ।

২৫। মধ্যপ্রদেশৰ কোনখন চহৰ কুম্ভমেলাৰ এখন অন্যতম স্থলী ?

উ: উজ্জেয়ন।

২৬। ভাৰতীয় পেট্রলিয়াম প্রতিষ্ঠান ক'ত অৱস্থিত ?

উ: ডেৰাডুন।

২৭। প্রথমটো সোঁৱৰণিমূলক ডাক টিকটত কোনখন ভাৰতীয় চহৰৰ উদ্বোধনৰ তথ্য সন্নিবিষ্ট আছে?

উ: নতুন দিল্লী।

২৮। ভাৰতৰ কোনখন চহৰত বিখ্যাত ‘হাৱা মহল’অৱস্থিত ?

উ: জয়পুৰ।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।