সাধাৰণ জ্ঞান (ভূগোল) General knowledge

                               ভূগোলৰ প্ৰশ্নোত্তৰ


১. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?

উ: বৃহস্পতি।

২. পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি ?

উ: এছিয়া।

৩.পৃথিৱীৰ দীর্ঘতম নদীখন ক’ত অৱস্থিত ?

উ: ইজিপ্ট।

৪. ‘লেণ্ড অব মর্ণিং কাম’ বুলিলে কোনখন দেশক বুজায় ?

উ: কোৰিয়া।

৫.পৃথিৱীৰ ব্যাস কিমান ?

উ: ১২,৭২৫.৫ কি: মি:।

৬.পৃথিৱীৰ সর্বোচ্চ শৃংগটোৰ নাম কি ?

উ: মাউণ্ট এভাৰেষ্ট।

৭.পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হােৱা ঠাইখনৰ নাম কি?

উ: মৌচিনৰাম (মেঘালয়, ভাৰত)।

৮.সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্রহৰ সংখ্যা সর্বাধিক ?

উ:বৃহস্পতি।

৯.চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰিবলৈ কিমান দিন সময় লয়?

উ: ২৯ আৰু আধা দিন।

১০. সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উ: বুধ।

১১. হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায় ?

উ: ৭৬ বছৰ।

১২. সূৰ্যৰ পােহৰ পৃথিৱীলৈ আহােতে কিমান সময় লয় ?

উ: ৮ মিনিট।

১৩. কোনটো গ্রহক পৃথিৱীৰ যমজ বুলি কোৱা হয় ?

উ: শুক্ৰ।

১৪. পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি?

উ: প্ৰশান্ত মহাসাগৰ।

১৫. কোনখন মহাদেশক ক’লা মহাদেশ হিচাপে জনা যায়?

উ: আফ্ৰিকা মহাদেশক।

১৬. ভাৰতে পৃথিৱীৰ ভিতৰত কোনবিধ খনিজ পদার্থ সর্বাধিক আমদানি কৰে?

উ: সোণ।

১৭. বিশ্বৰ প্রাচীনতম ৰাজতন্ত্ৰ থকা দেশখন ?

উ: ব্ৰিটেইন।

১৮. কপাহী কাপােৰৰ উদ্যোগৰ বাবে বিশ্ব বিখ্যাত ঠাইখনৰ নাম কি?

উ: মানচেষ্টাৰ।

১৯. কোনখন দেশৰ সৈতে ভাৰতৰ আন্তর্জাতিক সীমা দীর্ঘতম ?

উ: চীন।

২০. বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি ?

উ:আফ্ৰিকা মহাদেশ।

২১. ভূগােল’ শব্দটো পােন প্রথমে কোনে ব্যৱহাৰ কৰিছিল ?

উ: গ্ৰীক পণ্ডিত ইৰাট'স্থেনিচ।

২২. সৌৰজগতৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ গ্রহ দুটাৰ নাম কি?

উ: শনি আৰু ইউৰেনাছ।

২৩. পৃথিৱীৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন কত গঠিত হৈছে?

উ: গংগা-ব্ৰহ্মপুত্ৰৰ সংযুক্ত মোহনাত।

২৪. কোন দেশত ভূগােলক বিজ্ঞানৰ মাতৃ বুলি গণ্য কৰা হয় ?

উ: ৰাছিয়া।

২৫. পৃথিৱীৰ উৎপত্তিৰ সময় কেতিয়া বুলি অনুমান কৰা হৈছে ?

উ: আজিৰ পৰা প্ৰায় ৪,৫০০ নিযুত বছৰ পূৰ্বে।

২৬. অহৰহ বায়ুৰ চাপ জোখা স্বয়ং লেখিত যন্ত্ৰটোৰ নাম কি?

উ: বেৰ'গ্ৰাফ।

২৭. হাৱাই দ্বীপ কোন উচ্চভূমিত অৱস্থিত?

উ: হাৱাই উচ্চ ভূমিত।

২৮. এস্কিম’সকলে যাতায়ত কৰা নাওঁখনক কি বুলি কোৱা হয় ?

উ: কায়াক।

২৯. কংগো অৱবাহিকাৰ অৰণ্য অঞ্চলত কিছুসংখ্যক চুটি চাপৰ মানুহ বাস কৰে। সিহঁতক কি বুলি কোৱা হয় ?

উ:পিগমি।

৩০. পৃথিৱীৰ চিৰ বসন্তৰ ৰাজ্য’ বুলি কাক কোৱা হয়?

উ: কুইটো।

৩১. বিশ্বৰ বিশ্রামকেন্দ্রিক বন্দৰটোৰ নাম কি ?

উ: লোহিত সাগৰৰ পাৰত অৱস্থিত এডেন।

৩২. বৃটেইনে কাগজ আৰু কপাহী কল চলাবলৈ কোনটো জলপ্রপাত সম্পদ হিচাপে ব্যৱহাৰ কৰে?

উ: নায়েগ্ৰা জলপ্ৰপাত।

৩৩. পৃথিৱীৰ প্রথম জলশক্তিৰ ষ্টেচনটো কেতিয়া আৰু ক'ত প্রতিষ্ঠা হৈছিল ?

উ: ১৮৮৩ চনত, ফ্ৰান্সত।

৩৪. পৃথিৱীৰ এন্ট্রেপ’ মহানগৰী কোনখন ?

উ: ছিংগাপুৰ।

৩৫.পােন প্রথমে ক'ত আৰু কেতিয়া জলশক্তি উৎপাদন কৰা হয় ?

উ: জাপানৰ বিৱা হ্ৰদত, ১৮৯২ চনত।

৩৬. ধান উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত চীনৰ স্থান কি?

উ: প্ৰথম।

৩৭. কফি উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশে প্রথম স্থান অধিকাৰ কৰিছে?

উ: ব্ৰাজিল।

৩৮. কেতিয়া আৰু ক’ত পােন প্রথমে কেঁচা লাে উৎপাদন কৰা হৈছিল ?

উ: ১৮৭৫ চনত আছানছোলৰ ওচৰৰ কুল্টীত।

৩৯. ব্রাজিলৰ ৰাজধানী কি?

উ: ব্ৰাছিলিয়া।

৪০. পৃথিৱীৰ সবাতােকৈ শীতল ঠাইখনৰ নাম কি?

উ: ছাইবেৰিয়াৰ ভাৰ্খুয়ানস্ক।

৪১. নতুন পৃথিবী’ বুলি কোনখন মহাদেশক কোৱা হয় ?

উ: আমেৰিকা মহাদেশ।

৪২. পৃথিৱীৰ দীঘল পর্বতমালাৰ নাম কি ?

উ: এণ্ডিজ পৰ্বতমালা।

৪৩. পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ দেশখনৰ নাম কি ?

উ: অষ্ট্ৰেলিয়া।

৪৪. মাটিকালিৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ?

উ: সপ্তম।

৪৫. উপকূল অৰণ্যক দক্ষিণ আমেৰিকাত কি বােলে ?

উ: ছেলভা।

৪৬. ভূমিকম্পৰ তীব্রতা জোখা যন্ত্ৰটোৰ নাম কি?

উ: Seismograph.

৪৭. পৃথিৱীৰ সুপ্ত জ্বালামুখীটোৰ নাম কি?

উ: জাপানৰ ফুজিয়ামা।

৪৮. পৃথিৱীৰ জাগ্রত জ্বালামুখীটোৰ নাম কি?

উ: ছিছিলিৰ মাউণ্ট এটনা।

৪৯. নদীৰ পার্বত্য অঞ্চলত সৃষ্টি কৰা গভীৰ থিয় উপত্যকাক কি বােলে ?

উ: গিৰিখাত বা বন্দৰ।

৫০. কার্বি মালভূমিক কি মালভূমি বুলি জনা যায় ?

উ: চেংহেই আৰনাম মালভূমি।

৫১. উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো পাহাৰৰ উচ্চ শৃংগটোৰ নাম কি?

উ: নৰকেক।

৫২. মিনিকয় দ্বীপ আৰু লাক্ষাদ্বীপক কোনটো চেনেলে পৃথক কৰিছে?

উ: ন ডিগ্ৰী খাল।

৫৩. মৌচিনৰামত বছৰি সৰ্বাধিক কিমান ছেণ্টিমিটাৰ বৰষুণ হয়?

উ: বছৰি ১১,৪১৯ ছেন্টিমিটাৰ।

৫৪. পৃথিৱীৰ ভিতৰত সৰ্বাধিক কুঁহিয়াৰ ক'ত উৎপন্ন হয়?

উ: ভাৰতবৰ্ষত।

৫৫. ভাৰতৰ সবাতােকৈ জনবহুল চহৰ কোনখন?

উ: মুম্বাই।

৫৬. বিশ্বৰ কোনখন ৰাষ্ট্ৰই কপাহ উৎপাদনত শীর্ষস্থান অধিকাৰ কৰিছে?

উ: মাৰ্কিন যুক্তৰাষ্ট্ৰ।

৫৭. সাগৰৰ তলি নাইবা নিম্নভূমি অঞ্চল ভূ-আন্দোলনৰ প্ৰভাৱত ওপৰলৈ উঠি আহি যি মালভূমিৰ সৃষ্টি হয় তাক কি মালভূমি বােলে ?

উ: মহাদেশীয় মালভূমি।

৫৮. নৌকা যাত্ৰাৰে পৃথিৱী ভ্ৰমণ কৰা প্রথম ব্যক্তিজন কোন আছিল ?

উ: ফাৰ্ডিনাণ্ড মেগেলান।

৫৯. কোনখন নৈৰ পৰা বিশ্ব বিখ্যাত জগ জলপ্রপাতৰ উৎপত্তি হৈছে?

উ: সাৰাৱতী।

৬০. ভাৰতৰ কোন ঠাইত বিশ্বৰ বৃহত্তম আৰু ক্ষুদ্রতম নদী দ্বীপ অবস্থিত ?

উ: অসমত অৱস্থিত [ মাজুলী (বৃহত্তম), উমানন্দ (ক্ষুদ্ৰতম) ]

৬১. নিৰক্ষৰেখাৰ মাজেৰে অতিক্রম হােৱা মহাদেশখন কি ?

উ: আফ্ৰিকা।

৬২. তলৰ কোনখন দেশে দ্বৈত-নাগৰিকত্বৰ প্ৰৱৰ্তন কৰিছে?

(ক) ফ্ৰান্স

(খ) ভাৰত

(গ) আমেৰিকা যুক্তৰাষ্ট্র

(ঘ) ইংলেণ্ড

উ: (গ)

৬৩. মালয়েছিয়াৰ ৰাজধানী কি?

উ: কুৱালালামপুৰ।

৬৪. কোন দেশৰ মুদ্রা পাউণ্ড ?

উ: ব্ৰিটিছ যুক্তৰাষ্ট্ৰ।

৬৫. ৰাছিয়াৰ মুদ্রা কি ?

উ: উ: ৰুবল।

৬৬. ছুইজাৰলেণ্ডৰ মুদ্রা কি ?

উ: ছুইছ ফ্ৰাংক।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত




Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

এটা শব্দত প্ৰকাশ কৰা

ছাত্ৰৰ কৰ্তব্য