সাধাৰণ জ্ঞান বিশ্বৰ কেইবাগৰাকী বাটকটীয়া সকল। General knowledge

             বিশ্বৰ কেইবাগৰাকী বাটকটীয়া সকল

            

১.মিছ ৱৰ্ল্ডৰ মুকুট অর্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি ?

উ: ৰীতা ফাৰিয়া।

২.ভূগৰ্ভৰ পৰা তেল সংগ্রহ কৰা প্রথম ব্যক্তিগৰাকী কোন?

উ: এডুইন ড্ৰেক।

৩.ৰেডিঅ’ তৰংগ প্রথমে কোনে আৱিষ্কাৰ কৰিছিল ?

উ: হেইনৰিচ হাৰ্টজ।

৪.মহাকাশলৈ যােৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা পর্যটকগৰাকীৰ নাম কি ?

উ: আনুছেহ আনছাৰী।

৫.ইছলাম ধৰ্মৰ প্ৰৱর্তক কোন?

উ: হজৰত মহম্মদ।

৬.মহাকাশলৈ যােৱা প্রথম ব্যক্তিজনৰ নাম কি ?

উ: য়ুৰি গাগাৰিণ।

৭.হৃদযন্ত্র সংৰােপণৰ অস্ত্রোপচাৰ সম্পন্ন কৰা প্রথম ব্যক্তিজন কোন?

উ: ডাঃ খ্ৰীষ্টিয়ান বাৰ্ণাড।

৮.উত্তৰ মেৰুত উপনীত হােৱা প্রথম ব্যক্তিজনৰ নাম কি?

উ: ৰবাৰ্ট পিয়েৰী।

৯. উত্তৰ মেৰুত উপনীত হােৱা প্রথম মহিলাগৰাকী কোন আছিল ?

উ: মিছেছ কেৰ'লিন মাইকেনছন।

১০.চীন ভ্রমণ কৰা প্রথম ইউৰােপীয় ব্যক্তিজন কোন?

উ: মাৰ্ক' প'ল'।

১১. মহাকাশলৈ যােৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি ?

উ: কল্পনা চাওলা (১৯৯৭ চনৰ, নৱেম্বৰত)

১২.মহাকাশত খােজকঢ়া প্রথম মহিলাগৰাকী কোন?

উ: ৰাছিয়াৰ ষ্টেটলানা ছেভিৎষ্কায়া (১৯৮২)

১৩. বৈদ্যুতিক কম্পিউটাৰৰ জনক কাক আখ্যা দিয়া হয় ?

উ: ব্ৰিটেইনৰ ড° এলাম এম টুৰিং (১৮২৪)

১৪. সফলতাৰে দেহত কিডনী পুনৰ স্থাপন কৰা বিশ্বৰ প্রথম ব্যক্তিজন কোন?

উ: ৰিচাৰ্ড ল'টাৰ।

১৫. ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাৰ বিশ্বৰ প্রথম মহিলা সভানেত্রীগৰাকী কোন?

উ: বিজয়লক্ষ্মী পণ্ডিত (প্ৰথম ভাৰতীয় মহিলা)

১৬. বিশ্ব প্রথম কোনগৰাকী মহিলাই সাতখন সাগৰ সাঁতুৰি পাৰ হৈ বিশ্ব অভিলেখ গঢ়িছিল?

উ: বুলা চৌধুৰী।

১৭. মহাকাশলৈ যােৱা আমেৰিকাৰ প্ৰথমজন ব্যক্তিৰ নাম কি?

উ: এলেন বাৰলেট শ্বেফাৰ্ড।

১৮. বিশ্বৰ সর্বপ্রথম কোনগৰাকী মহিলাই ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অসামৰিক উপদেষ্টা হিচাপে নিযুক্তি পাইছিল ?

উ: কিৰণ বেদী (ভাৰত)

১৯. বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত পদার্পণ কৰা প্রথম মহিলা পর্বতাৰােহীগৰাকী কোন?

উ: বাচেন্দ্ৰী পাল (ভাৰত)

২০. সমুদ্র পথেৰে পৃথিৱী পৰিভ্ৰমণ কৰা প্রথম ব্যক্তিজনৰ নাম কি?

উ: ফাৰ্ডিনাণ্ড মেগেলান।

২১.চন্দ্ৰত পদার্পণ কৰা প্রথম ব্যক্তিগৰাকী কোন?

উ: নীল আৰ্মষ্ট্রঙ।

২২. সমুদ্ৰেৰে ভাৰতলৈ আহিব পৰা জলপথ কোনে আৱিষ্কাৰ কৰিছিল ?

উ: ভাস্কো ডা-গামা (১৪৯৮ খ্ৰীষ্টাব্দ)

২৩. দুবাৰকৈ এভাৰেষ্ট বগােৱা প্রথম মহিলাগৰাকীৰ নাম কি ?

উ: সন্তোষ যাদৱ।

২৪. কোনগৰাকী ব্যক্তিয়ে মহাকাশত প্রথম খােজ দিছিল?

উ: এলেক্সি লিঅ'নভ।

২৫. দক্ষিণ মেৰুত উপস্থিত হােৱা প্রথম ব্যক্তিগৰাকী কোন?

উ: ৰোনাল্ড আমুণ্ডছেন।

২৬. দক্ষিণ মেৰুত উপস্থিত হােৱা প্রথম মহিলাগৰাকীৰ নাম কি?

উ: মিছেছ ফ্ৰানপিপছ।

২৭.কোনজন প্রসিদ্ধ কবিয়ে পাটীগণিতৰ নেওতা আৱিষ্কাৰ কৰিছিল ?

উ: আমিৰ খুছৰু।

২৮. ভাৰতত কোনে পােন প্রথমে ৰেলপথৰ প্রচলন কৰিছিল ?

উ: লৰ্ড ডেলহাউচি।

২৯. ভাৰতৰ সর্বপ্রথম মহিলা তবলাবাদক গৰাকী কোন?

উ: ড° অবন মিস্ত্ৰী।

৩০.কোনজন ব্যক্তিক ভাৰতবৰ্ষৰ মিছাইল কাৰ্যসূচীৰ পিতৃ’ বুলি জনা যায় ?

উ: ড° এ পি জে আব্দুল কালাম।

৩১. পর্যটক হিচাপে মহাকাশলৈ যােৱা প্রথম ব্যক্তিজন কোন?

উ: ডেনিছ টিটো।

৩২. ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী কোন?

উ: ৰাকেশ শৰ্মা (১৯৮৪)

৩৩. ইংলিছ চেনেল সাঁতুৰি পাৰ হােৱা প্রথম ভাৰতীয় পুৰুষ সাঁতােৰবিদ গৰাকী কোন?

উ: মিহিৰ সেন (১৯৬৬)

৩৪. ইংলিছ চেনেল সাঁতুৰি পাৰ হােৱা প্ৰথম ভাৰতীয় মহিলা সাঁতােৰবিদ গৰাকী কোন?

উ: আৰতি সাহা (১৯৫৯)

৩৫. ভাৰতৰ প্রথম মহিলা ৰাষ্ট্রপতিগৰাকীৰ নাম কি?

উ: শ্ৰীমতী প্ৰতিভা পাটিল সিং।

৩৬. ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী কোন আছিল?

উ: সুচেতা কৃপালনি।

৩৭. অক্সিজেন বিহীনভাৱে এভাৰেষ্টশৃংগত আৰহণ কৰা ভাৰতৰ প্রথম আৰহণকাৰীজন কোন?

উ: ফু দৰ্জি (১৯৮৪)

৩৮. বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে বিল গেটছে একেৰাহে কেবাবছৰ শীর্ষস্থান দখল কৰি আছিল। তেওঁৰ প্রকৃত নাম কি ?

উ: উইলিয়াম হেনৰী গেটছ।

৩৯. বিশ্ব বিখ্যাত সংগীতজ্ঞ ওস্তাদ বিছমিল্লা খান কোনবিধ বাদ্যযন্ত্ৰৰ লগত জড়িত আছিল ?

উ: ছেহনাই।

৪০. গােষ্ঠী নিৰপেক্ষ আন্দোলন (Non-Aligned Movement) প্রতিষ্ঠাপক ৰাষ্ট্রনেতা তিনিগৰাকী কোন কোন আছিল?

উ: নাছেৰ, টিট' আৰু নেহৰু।



বিভিন্ন কিতাপৰ পৰা সংগৃহীত


Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

এটা শব্দত প্ৰকাশ কৰা

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ