সাধাৰণ জ্ঞান (বুৰঞ্জী) General knowledge
বুৰঞ্জীৰ প্ৰশ্নোত্তৰ
১. ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট্র গঠিত হৈছিল ?
উ: বাংলাদেশ।
২.পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?
উ: মেগেলান।
৩.কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক-ঐতিহাসিক যুগৰ অৱসান সূচায় ?
উ: লিখন সঁজুলি।
৪.আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লােক আছিল ?
উ: খ্ৰী: পূ: ৩২৭, মেচিড'নিয়াৰ।
৫.ভাস্কো-ডা-গামাই কোন চনত ভাৰতলৈ আহিব পৰা সমুদ্রপথৰ আৱিষ্কাৰ কৰিছিল ?
উ: ১৪৯৮ চনত।
৬.কিমান চনত হিটলাৰে জাৰ্মানৰ শাসকৰ পদবী লাভ কৰিছিল ?
উ: ১৯৩৩
৭.বিশ্বৰ প্রথম সংস্থা জাতিসংঘৰ কিমান চনত জন্ম হৈছিল ?
উ: ১৯২০ চনত।
৮.চীন দেশৰ প্ৰথম অপিয়াম যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?
উ: ১৮৩৯ খ্ৰী:ত।
৯.১৪৯২ খ্রীষ্টাব্দত কোনে প্রথমে আমেৰিকাৰ মাটিত ভৰি দিছিল ?
উ: খ্ৰিষ্টফাৰ কলম্বাছ।
১০. দ্বিতীয় মহাসমৰ চলি থকা সময়ত জাপানে ধবংস কৰা ব্রিটিছ জাহাজ দুখনৰ নাম কি?
উ: প্ৰিন্স অব ওৱেলছ আৰু ৰিপালছ।
১১. ১৯৪৫ চনত জাপানৰ দুখন ঠাইত দুটা শক্তিশালী আণৱিক বােমা বিস্ফোৰণ ঘটোৱা হৈছিল। ঠাই দুখনৰ নাম কি?
উ: হিৰোছিমা আৰু নাগাছাকি।
১২. ভাৰতীয় নৱজাগৰণৰ জনক কোন?
উ: ৰাজা ৰামমোহন ৰায়।
১৩. ফৰাচী বিপ্লৱ কিমান চনত সংঘটিত হৈছিল ?
উ: ১৭৮৯ চনত।
১৪. ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহৰ প্রথম শহীদ কোন আছিল ?
উ: মংগল পাণ্ডে।
১৫. দ্বীপ ৰাষ্ট্র শ্রীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল ?
উ: ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰী।
১৬. ১৯৯৪ চনত স্বাধীনতা লাভ কৰা আফ্রিকীয় দেশখনৰ নাম কি?
উ: নামিবিয়া।
১৭. আফ্রিকাৰ কোনজন স্বাধীনতা সংগ্রামীক ২৭ বছৰ কাৰাগাৰত ৰখা হৈছিল ?
উ: নেলছন মেণ্ডেলা।
১৮. ভাৰত-চীনৰ মাজৰ সীমাৰেখালৰ নাম কি ?
উ: মেকমোহন লাইন।
১৯. ইৰাকৰ পুৰণি নাম কি আছিল ?
উ: মেছ'পটেমিয়া।
২০. ইতিহাসৰ জনক’ বুলি কাক আখ্যা দিয়া হয়?
উ: গ্ৰীচৰ হিৰডটাছ।
২১. ভাৰতৰ কোনজন স্বাধীনতা সংগ্রামীৰ মৃত্যুৰ পিছত গান্ধীজী স্বাধীনতা সংগ্রামৰ নেতা নির্বাচিত হয়?
উ: লোকমান্য বাল গঙ্গাধৰ তিলক।
২২. চীনৰ ৰাজধানী বেইজিঙৰ পুৰণি নাম কি আছিল ?
উ: পিকিং।
২৩. চীনাসকলৰ মতে তেওঁলােকৰ ৰজা পৃথিৱীৰ ভিতৰত সর্বশ্রেষ্ঠ ৰজা৷ তেওঁলােকৰ ৰজা কাৰ বংশধৰ ?
উ: ড্ৰেগনৰ।
২৪. প্রথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ?
উ: ১৯১৪ চনত।
২৫. সংযুক্ত আৰৱ গণতন্ত্র তথা ইউনাইটেড আৰব ৰিপাব্লিক দেশখনৰ প্রাচীন নাম কি আছিল ?
উ: ইজিপ্ট।
২৬. সংযুক্ত ছােভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক’বুলি কেতিয়া ঘােষণা কৰা হয়?
উ: ১৯২৪ খ্ৰীষ্টাব্দত।
২৭. ছােভিয়েট ৰাছিয়াৰ কমিউনিষ্টদলৰ মুখ্য নেতা লেনিনৰ প্রকৃত নাম কি আছিল ?
উ: ভাদিমিৰ ইলিচ উলিয়ানভ।
২৮. ভাৰতীয় জাতীয় কংগ্ৰেছপ্রতিষ্ঠাৰ মুখ্য উদ্যোক্তা কোন আছিল ?
উ: এলেন অক্টেভিয়ান হিউম।
২৯. দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল ?
উ: ১৯৩৯ চনত।
৩০. কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল?
উ: ১৯৪৫ চনত।
বিভিন্ন কিতাপৰ পৰা সংগৃহীত

Comments
Post a Comment