চলচ্চিত্ৰ জগতৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ: General Knowledge:
চলচ্চিত্ৰ জগতৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ:
১. উইলিয়াম ছেক্সপীয়েৰৰ কোনখন নাটকক একাধিক চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছে?
উ: ৰোমিঅ' এণ্ড জুলিয়েট।
২. কোনগৰাকী চলচ্চিত্র অভিনেতাৰ জীৱনৰ ওপৰত ভিত্তি কৰি অধিক গ্রন্থ লিখিত হৈছে?
উ: চাৰ্লি চেপলিন।
৩.কোনটো কার্টুনৰ দ্বৈত চৰিত্ৰৰ প্রথম চলচ্চিত্ৰখনৰ নাম ‘Puss Gets the Boat' আছিল ?
উ: টম এণ্ড জেৰী।
৪. ‘ৰিছৰ্ট চিটি অৱ কাঁ’ (য’ত প্রতি বছৰে কাঁ চলচ্চিত্র মহােৎসৱ অনুষ্ঠিত হয়) কোনখন দেশত অৱস্থিত?
উ: ফ্ৰান্স।
৫.বিশ্বৰ প্রথম নির্বাক ছবি কোনখন?
উ: দ্যা গ্ৰেট ট্ৰেইন ৰ'বাৰী (১৯০৩)
৬. ভাৰতৰ প্রথম চলচ্চিত্ৰখনৰ নাম কি ?
উ: ৰাজা হৰিশ্চন্দ্ৰ (১৯০৩, ৩ মে)
৭. পৃথিৱীৰ বৃহৎ চিনেমা হলটোৰ নাম কি ?
উ: ৰক্সি (আমেৰিকা নিউয়ৰ্কত)
৮.ভাৰতৰ প্রথম সবাক চলচ্চিত্ৰখনৰ নাম কি?
উ: আলম আৰা (১৯৩১)
৯. বিশ্বৰ ভিতৰত প্ৰতি বছৰে সৰ্বাধিক চলচ্চিত্র নির্মাণকাৰী দেশখনৰ নাম কি ?
উ: ভাৰত।
১০. ভাৰতবৰ্ষৰ প্ৰথম চিনেমা হ’লটো ক’ত অৱস্থিত ?
উ: মুম্বাই ১৯০৭ চনত (এলফিন্সটন পিকচাৰ পেলেচ)
১১. ভাৰতৰ বৃহত্তম চিনেমা হলটোৰ নাম কি?
উ: মাদুৰাইৰ 'থাংগাম'।
১২. ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান অর্জন কৰা প্রথম মহিলাগৰাকী কোন?
উ: নাৰ্গিছ দত্ত (ৰাত ঔৰ দিন)
১৩. ভাৰতৰ প্রথম চলচ্চিত্র নির্মাতা কোন?
উ: দাদা চাহেব ফাল্কে।
১৪. ভাৰতীয় চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয়?
উ: দাদা চাহেব ফাল্কে।
১৫. শ্রেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্রথম ভাৰতীয় ছবিখনৰ নাম কি?
উ: দো বিঘা জমিন।
১৬. কোনখন আন্তঃৰাষ্ট্ৰীয় ছবিত শ্বাবানা আজমীয়ে প্রথম অভিনয় কৰিছিল ?
উ: চিটি অৱ জয়।
১৭. মেগাষ্টাৰ অমিতাভ বচ্চনে প্রথম অভিনয় কৰা ছবিখনৰ নাম কি ?
উ: সাত হিন্দুস্থানী (১৯৬৯)
১৮. অস্কাৰ বঁটা বিজয়ী প্রথম অভিনয় শিল্পীগৰাকী কোন?
উ: ছুইডেনৰ অভিনেত্ৰী গেট' গাৰ্বো (১৯৫৫)
১৯. বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে অভিনয় কৰা চলচ্চিত্ৰখনৰ নাম কি?
উ: বাল্মীকি প্ৰতিভা।
২০. ভাৰতৰ প্রখ্যাত কণ্ঠশিল্পী কিশােৰ কুমাৰৰ প্রকৃত নামটো কি আছিল ?
উ: আভাষ কুমাৰ গাংগুলী।
২১. ‘মেগছেছে বঁটা’ পােৱা প্রথম ভাৰতীয় বােলছবিখনৰ নাম কি?
উ: মেইনে প্যাৰ কিয়া।
২২. ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ’ কাক আখ্যা দিয়া হয় ?
উ: ধুন্দীৰাজ গোবিন্দ ফাল্কে।
২৩. ‘ছিণ্ডেলৰছ লিষ্ট’ আৰু ‘ছেভিং প্রাইভেট' ছবি দুখনৰ বাবে কোনে দুবাৰ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা লাভ কৰিছিল ?
উ: ষ্টিভেন স্পিলবাৰ্গ।
২৪. কোনখন চলচ্চিত্ৰৰ বাবে এ. আৰ. ৰহমানে ২০০৯ চনত শ্রেষ্ঠ সংগীতকাৰৰ অস্কাৰ বঁটা লাভ কৰে ?
উ: শ্লামড'গ মিলিয়'নেৰী।
২৫. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
উ: পিয়লি ফুকন।
২৬. বিদেশৰ (বার্লিন) ছবি মহােৎসৱলৈ আমন্ত্রণ পােৱা প্রথম অসমীয়া ছবিখনৰ নাম কি?
উ: পূবেৰুণ (১৯৫৯)
২৭. হিন্দী ছবি জগতৰ প্রখ্যাত অভিনেতা দিলীপ কুমাৰৰ প্রকৃত নামটো কি?
উ: ইউছুফ খান।
২৮. মহম্মদ ৰফীয়ে গীত গােৱা প্ৰথম চিনেমাখনৰ নাম কি ?
উ: গুল বালচ।
২৯. বিশ্বৰ সন্মানীয় অস্কাৰ বঁটা লাভ কৰা প্রথম ভাৰতীয় হ’ল ভানু আথাইয়া। তেওঁ কোন ছবিৰ বাবে এই বঁটা পাইছিল ?
উ: 'গান্ধী' ছবিৰ বাবে (১৯৮২)
৩০. ভাৰতৰ কোকিল কণ্ঠী গায়িকা লতা মাংগেশকাৰে কোনখন ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্রকাশ কৰিছিল ?
উ: আপ কি সেৱা মে (১৯৪৭)
৩১. এছিয়াৰ শ্ৰেষ্ঠ মহিলা পৰিচালকৰ বটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?
উ: ডা: সান্তনা বৰদলৈ।
৩২. ২০০৪ চনত কোনখন চলচ্চিত্রই অস্কাৰ বঁটাৰ বাবে মনােনীত হােৱা ১১ টা শাখাতেই বটা লাভ কৰিছিল ?
উ: দ্যা লৰ্ড অৱ দ্যা ৰিংচঃ দ্যা ৰিটাৰ্ণ অৱ দ্যা কিং।
৩৩. বিদেশত (নেপালত) দৃশ্যগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
উ: যুগান্তৰৰ তেজাল পুৱা। (২০০১)
৩৪. গান্ধী নামৰ চলচ্চিত্ৰখনে কিমানটা অস্কাৰ বঁটা লাভ কৰিছিল ?
উ: আঠটা।
৩৫. লােকার্ণো চলচ্চিত্র মহােৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰা প্রথম অসমীয়া ছবি কোনখন ?
উ: জাহ্নু বৰুৱাৰ 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭)
৩৬. হলিউডৰ কোনখন ছবিত অভিনেত্রী মল্লিকা স্বেৰাৱটে জেকী চানৰ সৈতে অভিনয় কৰাৰ সুযােগ পাইছিল ?
উ: দ্যা মিথ।
৩৭. প্রখ্যাত কণ্ঠশিল্পী কিশােৰ কুমাৰে সংগীত পৰিচালনা কৰা প্রথম চলচ্চিত্ৰখনৰ নাম কি ?
উ: দূৰ গগন কি চাও মে।
৩৮. বর্তমান সময়ৰ বলিউডৰ কোনজন জনপ্রিয় কণ্ঠশিল্পীয়ে এদিনত অভিলেখ সংখ্যক ২৮ টা গানৰ ৰেকর্ডিং কৰি গ্ৰিনীজ বুক অৱ ৱর্ল্ড ৰেকৰ্ডচ গ্ৰন্থত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ
সক্ষম হৈছে?
উ: কুমাৰ শানু।
৩৯. এম. এফ হুচেইনে নির্মাণ কৰা প্রথম চলচ্চিত্ৰখনে ১৯৬৭ চনৰ বার্লিন চলচ্চিত্র মহােৎসৱত গােল্ডেন বিয়েৰ বঁটা লাভ
কৰিছিল। চলচ্চিত্ৰখনৰ নাম কি?
উ: থ্ৰু' এ পেইন্টাৰ্চ আই।
৪০. পৃথিৱীৰ কোন ঠাইত প্রথম চলচ্চিত্র প্রদর্শনী অনুষ্ঠিত হৈছিল ?
উ: নিউয়ৰ্ক চহৰত (১৮৯০)
৪১. ভাৰতীয় চলচিত্ৰত অভিনয় কৰা প্রথম বিদেশী অভিনেত্রীগৰাকীৰ নাম কি?
উ: শ্ৰীলংকাৰ ডৰোথী কিংডম।
৪২. ভাৰতৰ কোনখন চলচ্চিত্রক পােন প্রথমে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছে?
উ: মুন্নাভাই এম বি বি এছ।
বিভিন্ন কিতাপৰ পৰা সংগৃহীত।

Comments
Post a Comment