সাধাৰণ জ্ঞান বিশ্বৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ General Knowledge

                বিশ্বৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰ



১.কিমান চনৰ পৰা ন'বেল বঁটা প্ৰদান কৰি অহা হৈছে?

উ: ১৯০১ চনৰ পৰা।

২.সাহিত্যৰ ন'বেল বঁটা লাভ কৰা প্রথম মহিলাগৰাকী কোন?

উ: ছেলমা লাগৰল'ফ।

৩.বর্তমান ন'বেল পুৰস্কাৰৰ বাবে কিমানটা বিভাগ অন্তর্ভুক্ত কৰা হৈছে?

উ: ৬ টা।

৪.প্রথম ন'বেল বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি ?

উ: ১৯০১ চনত ফ্ৰান্সৰ কবি তথা গল্পকাৰ ৰেণে এফ এ চ্যালি প্ৰড হোম।

৫.মৰণােত্তৰভাৱে ন'বেল বঁটা লাভ কৰা একমাত্র ব্যক্তিগৰাকীৰ নাম কি ?

উ: ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান ডাগ হেমাৰ্চহল্ড (১৯৬৭)

৬.ন'বেল বঁটা অর্জন কৰা প্রথম আফ্রিকান মহিলাগৰাকী কোন?

উ: ২০০৪ চনত পৰিৱেশবিদ, ৱাংগাৰি মথাই (শান্তি)

৭। ভাৰতবৰ্ষৰ প্রথম ন'বেল বঁটা বিজয়ী কোন?

উ: ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰ। (গীতাঞ্জলি পুথিৰ বাবে, সাহিত্যত)।

৮.পদার্থ বিজ্ঞানত প্ৰথমবাৰৰ বাবে কোনজন বিজ্ঞানীক ন'বেল বঁটা প্ৰদান কৰা হৈছিল ?

উ: উইলিয়াম কনৰাড ৰন্টজেন (জাৰ্মানী)।

৯.শান্তিৰ ন'বেল বঁটা পােৱা একমাত্র ভাৰতীয়জন কোন?

উ: মাদাৰ টেৰেছা (১৯৭৯)

১০। দুবাৰকৈ ন'বেল বঁটা প্রাপ্ত ব্যক্তিগৰাকী কোন?

উ: ফ্ৰান্সৰ মেৰী কুৰী(১৯০৩ চনত পদাৰ্থ বিজ্ঞান আৰু ১৯১১ চনত ৰসায়ন বিজ্ঞান)

১১। মেগছেছে বঁটা কাৰ স্মৃতিত প্রদান কৰা হয়?

উ: ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ স্মৃতিত (১৯৫৮ চনৰ পৰা)।

১২। মেগছেছে বঁটা লাভ কৰা ভাৰতৰ প্রথম ব্যক্তিগৰাকীৰ নাম কি?

উ: আচাৰ্য বিনোৱা ভাবে।

১৩। প্রথম জ্ঞানপীঠ বঁটা বিজয়ী কোন?

উ: জি শংকৰা কৰুপ, (১৯৬৫ চন)।

১৪। অস্কাৰ বঁটা পােৱা প্রথম ভাৰতীয়গৰাকী কোন?

উ: ভানু আথাইয়া।

১৫.কোনজন অসমীয়াই প্রথম ভাৰতৰত্ন’ উপাধি লাভ কৰিছিল ?

উ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ (১৯৯৯ চনত মৰণোত্তৰভাৱে)

১৬। ভাৰতৰত্ন উপাধি পােৱা প্রথম ব্যক্তিগৰাকী কোন?

উ: চি ৰাজাগোপালাচাৰী।

১৭। শ্রেষ্ঠ কণ্ঠশিল্পী হিচাপে ‘ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড' লাভ কৰা প্রথম অসমীয়াজন কোন?

উ: জুবিন গাৰ্গ (গেংষ্টাৰ ছবিৰ 'য়া আলী' শীৰ্ষক গীতটোৰ বাবে)।

১৮। দাদা চাহেব ফাল্কে বঁটা’ পােৱা সর্বপ্রথম ব্যক্তিগৰাকী কোন?

উ: দেৱীকা ৰাণী (১৯৬৯ চন)

১৯.ভাৰতৰ ক্রীড়া জগতৰ সর্বোচ্চ বটা ৰাজীৱ গান্ধী খেলৰ বঁটা’ গােন প্রথমে কোনজন খেলুৱৈক প্ৰদান কৰা হৈছিল ?

উ: বিশ্বনাথ আনন্দ (১৯৯২)

২০.চলচ্চিত্ৰৰ ক্ষেত্ৰত আগবঢ়োৱা জীৱনজোৰা সাফল্যৰ বাবে পােনপ্ৰথম কোনগৰাকী ভাৰতীয়ই অস্কাৰ বঁটা লাভ কৰিছিল ?

উ: সত্যজিৎ ৰায়।

২১। কিমান চনত কফি আন্নান আৰু ৰাষ্ট্ৰসংঘক যুটীয়াভাৱে শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়?

উ: ২০০১ চনত।

২২। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি ?

উ: বনফুল (১৯৫৫), যতীন্দ্ৰনাথ দুৱৰা।

২৩। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ নাম কি?

উ: মৃত্যুঞ্জয় (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

২৪। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম মহিলাগৰাকী কোন?

উ: আশাপূৰ্ণা দেৱী (১৯৭৬ প্ৰথম প্ৰতিশ্ৰুতি)

২৫.সন্মানীয় পুলিৎজাৰ বঁটা লাভ কৰা একমাত্র ভাৰতীয় বংশােদ্ভৱগৰাকীৰ নাম কি?

উ: ঝুম্পা লাহিড়ী (২০০০চন) 'দি ইন্টাৰপ্ৰেটাৰ অৱ মেল'ডিজ গল্প সংকলনৰ বাবে।

২৬.বুকাৰ বঁটা প্রাপ্ত একমাত্র ভাৰতীয় সাহিত্যিকগৰাকী কোন?

উ: অৰুন্ধতী ৰয় (১৯৯৭) 'দি গড অব স্মল থিংছ' গ্ৰন্থ খনৰ বাবে।

২৭। সাহিত্য ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে অসমৰ প্রথম কোনগৰাকী মহিলা সাহিত্যিক জ্ঞানপীঠ বঁটা প্ৰান কৰা হয়?

উ: ড° মামণি ৰয়ছম গোস্বামী। (২০০০ চন)

২৮ | প্রথম আৰু একমাত্ৰ অসমীয়া হিচাপে সংগীতজ্ঞ তথা শিল্পী ড° ভূপেন হাজৰিকাক ভাৰতীয় চলচ্চিত্র জগতৰ সর্বোচ্চ কি বঁটাৰে সন্মানিত কৰা হৈছে?

উ: দাদা চাহেব ফাল্কে বঁটা (১৯৯২)

২৯। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্রথমগৰাকী ব্যক্তি কোন?

উ: কীৰ্তিনাথ হাজৰিকা (১৯৮৬ চন)

৩০। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্রথম ব্যক্তিগৰাকীৰ নাম কি?

উ: নলিনীবালা দেৱী।

৩১। সন্মানীয় ন'বেল বঁটা লাভ কৰা একমাত্র পিতা-পুত্র দুগৰাকী কোন?

উ: পিতৃ উইলিয়াম ব্ৰেগ (১৯১৫ চন) আৰু পুত্ৰ উইলিয়াম লৰেন্স ব্ৰেগ (১৯২৬চন) দুয়োগৰাকীয়ে পদাৰ্থ বিজ্ঞানত।

৩২। নবেল বঁটাটো কোনজন বিজ্ঞানীৰ নামেৰে নামকৰণ কৰা হৈছে?

উ: আলফ্ৰেড বাৰ্ণাড ন'বেল (ছুইডেন)

৩৩। নবেল বঁটা অর্জন কৰা প্রথম মহিলাগৰাকীৰ নাম কি?

উ: মেৰী কুৰী।

৩৪। ২০০৮ চনৰ মেন বুকাৰ বঁটা কোনগৰাকী লেখকে লাভ কৰিছে?

উ: অৰবিন্দ আদিগা।

৩৫। বিজ্ঞানক জনপ্রিয় কৰি তুলিবৰ বাবে ইউনেস্কো (UNESCO) ই আগবঢ়োৱা বঁটাটোৰ নাম কি?

উ: কলিংগ বঁটা।

৩৬। বিশ্ব সাহিত্য-সংস্কৃতি আৰু সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে উপযুক্ত ব্যক্তিক এটা বঁটা প্ৰদান কৰা হয় এই বঁটাটোৰ নাম কি ?

উ: পুলিৎজাৰ বঁটা।

৩৭। অস্কাৰ বঁটা কিহৰ লগত জড়িত?

উ: চলচ্চিত্ৰ।

৩৮। ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰা প্রথম বিদেশী লােকজনৰ নাম কি?

উ: খান আব্দুল গফৰ খান।

৩৯। ১৯৬৫ চনত কোনটো আন্তর্জাতিক সংস্থাই শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল ?

উ: বিশ্ব স্বাস্থ্য সংস্থা।

৪০। ২০০৯ চনৰ সন্মানীয় ৰমন মেগছেছে বঁটা লাভ কৰা ভাৰতীয়জনৰ নাম কি?

উ: দ্বীপ যোশী।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত



Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

এটা শব্দত প্ৰকাশ কৰা

অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ