ভাৰতৰ ভূগোল। সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ (General Knowledge)

                                 ভাৰতৰ ভূগোল

                 প্ৰশ্নোত্তৰ (Questions & Answers)

                 


১। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে?

উ: কৰ্ণাটক।

২। ভাৰতবৰ্ষৰ কোনখন চহৰক পিং চিটি বুলি জনা যায়?

উ: জয়পুৰ।

৩। ভাৰত-পাক সীমান্তত অৱস্থিত বিশ্বৰ দীর্ঘতম তুষাৰ নদীখনৰ নাম কি ?

উ: চিয়াচেন হিমবাহ।

৪। ভাৰত উপমহাদেশে মাটিকালিৰ হিচাপত কিমান ঠাই আগুৰি আছে?

উ: ৩২,৮৭,২৬৩ বৰ্গ কিঃমিঃ (প্ৰায়)।

৫। ভাৰতবৰ্ষৰ সমুদ্রতট ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?

উ: ৭,৫১৬.৫ বৰ্গ কিঃমিঃ (প্ৰায়)

৬। ভাৰতৰ চেন্নাইত অৱস্থিত দীর্ঘতম সমুদ্র তীৰ (বীচ্ছ)টোৰ নাম কি?

উ: মেৰীনা বীচ্চ।

৭। ভাৰতবৰ্ষৰ বৃহত্তম লুণীয়া পানীৰ হ্রদটোৰ নাম কি?

উ: চিল্কা হ্ৰদ।

৮। ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যােৱা অক্ষৰেখাডালৰ নাম কি ?

উ: কৰ্কটক্ৰান্তি ৰেখা।

৯। ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি?

উ: নাৰকোণ্ডম আৰু বেৰেন।

১০। আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

উ: ম্যানমাৰ।

১১। কাঞ্চীপুৰম ঠাইডােখৰ কোনখন ৰাজ্যত অৱস্থিত?

উ: তামিলনাডু।

১২। ভাৰতবৰ্ষৰ পশ্চিম উপকূলত অৱস্থিত মাহে অঞ্চল কোন কেন্দ্রীয় শাসিত অঞ্চলৰ এটা অংশ ?

উ: পুডুচেৰী।

১৩। ভৌগােলিক ইতিহাসমতে ভাৰতবৰ্ষৰ প্রাচীনতম পর্বতমালাৰ নাম কি?

উ: আৰাৱলী।

১৪। শিৱমুদ্রম জলপ্রপাত ক'ত অৱস্থিত?

উ: কাবেৰী নদীত।

১৫। ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে?

উ: গোদাবৰী।

১৬। ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্রদ অৱস্থিত?

উ: ৰাজস্থান।

১৭। কোনখন নদীয়ে এলাহাবাদ গংগা নদীৰ লগত মিলিত হৈছে?

উ: যমুনা।

১৮। মৌচুমী বতাহৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত ৰাজ্যখনৰ নাম কি?

উ: তামিলনাডু।

১৯। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক প্রাকৃতিক ৰবৰ উৎপাদন কৰে?

উ: কেৰালা।

২০। ৰবি কৃষিকালত ভাৰতবৰ্ষত কোনটো খাদ্যশস্য গােটৰ উৎপাদন কৰা হয়?

উ: ঘেঁহু, বার্লি, বুট।

২১। ভাৰতবৰ্ষৰ সর্বাধিক কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্য কোনখন?

উ: উত্তৰ প্ৰদেশ।

২২। ভাৰতবৰ্ষৰ প্ৰধানকৈ কোন কোন ৰাজ্যত কপাহ উৎপাদন কৰা হয় ?

উ: মহাৰাষ্ট্ৰ আৰু গুজৰাটত।

২৩। ভাৰতবৰ্ষৰ কোনখন ঠাইক 'আলফেনচো’আমৰ গৃহ বুলি কোৱা হয়?

উ: ৰত্নগিৰি (মহাৰাষ্ট্ৰ)

২৪। কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীর্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে?

উ: চীন।

২৫। ভাৰতৰ দীর্ঘতম পথটোৰ নাম কি ?

উ: গ্ৰেণ্ড ট্ৰাংক পথ।

২৬। ভাৰতৰ কোনখন ৰাজ্যই সর্বাধিক বনাঞ্চল আগুৰি আছে?

উ: মধ্যপ্ৰদেশ।

২৭। ভাৰতৰ উচ্চতম জলপ্রপাতটোৰ নাম কি ?

উ: জগ জলপ্ৰপাত।

২৮। ভাৰতৰ সৰ্বোচ্চ বিমানঘাটিটো কি?

উ: চাশ্বাল (লাডাখ)

২৯। বিশ্বৰ ভিতৰতে সর্বাধিক বৃষ্টিপাত হােৱা ভাৰতৰ ঠাইখন কি ?

উ: মৌচিনৰাম।

৩০। ভাৰতৰ কোনখন হ্ৰদৰ পানী আটাইতকৈ বেছি লুণীয়া ?

উ: সম্ভাৰ।

৩১। ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মান পার্থক্য কিমান সময়ৰ? 

উ: ৫ ঘন্টা ৩০ মিনিট।

৩২। ভাৰত আৰু লংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম কি?

উ: পক প্ৰণালী।

৩৩। ভাক্রা নাংগল বান্ধটো কোনটো নদীত অৱস্থিত?

উ: ছুটলেজ।

৩৪। ভাৰতৰ কোনখন নদী বংগৰ দুখ বুলি জনা যায় ?

উ: দামোদৰ নদী।

৩৫। ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃৎপিণ্ড বুলি কোৱা হয়?

উ: যোধপুৰ।

৩৬। ভাৰতৰ সৈতে কিমানখন দেশৰ সমূহীয়া আন্তর্জাতিক সীমাৰেখা আছে?

উ: সাত।

৩৭। প্ৰাক-ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশ (Super Continent)-ৰ অংশ আছিল? 

উ: গ'নৱানালেণ্ড ।

৩৮। ভাৰতবৰ্ষৰ বৃহত্তম বদ্বীপটোৰ নাম কি?

উ: সুন্দৰবন।

৩৯। বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰৰ পানীভাগ কোন ঠাইত লগ লাগিছে?

উ: কন্যাকুমাৰী।

৪০। ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি ?

উ: হীৰাকুড বান্ধ (উৰিষ্যা)

৪১। ভাৰতবৰ্ষৰ সর্বোচ্চ বান্ধটোৰ নাম কি?

উ: ভাক্ৰা নাংগল বান্ধ।

৪২। ভাৰতৰ কোনখন ৰাজ্যত সর্বাধিক সংখ্যক চহৰ আছে?

উ: উত্তৰ প্ৰদেশত।

৪৩। ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত অঞ্চলটোৰ নাম কি?

উ: লাক্ষাদ্বীপ ৩২ কিঃমিঃ।

৪৪। মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ?

উ: ৰাজস্থান।(৩,৪২,২৩৯ বৰ্গ কিঃমিঃ)

৪৫। বাংলাদেশ আৰু ম্যানমাৰ উভয়ৰে ভূমি সীমাৰ লগত ভাৰতৰ কোনখন একমাত্র ৰাজ্য সংলগ্ন হৈ আছে?

উ: মিজোৰাম।

৪৬। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্রক্ষেত্ৰ অৱস্থিত ?

উ: গুজৰাট।

৪৭। জৱাহৰলাল নেহৰুৱে ভাৰতৰ কোনখন চহৰক ভাৰতৰ অক্সফ'ৰ্ড আৰু কেম্ব্রিজবুলি আখ্যা দিছে?

উ: পুনে।

৪৮। ভাৰতৰ ক'ত একমাত্র সক্রিয় আগ্নেয়গিৰিটো অৱস্থিত?

উ: বেৰেণ দ্বীপত (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)

৪৯। ভাৰতৰ বৃহত্তম মানৱসৃষ্ট হ্ৰদ কোনটো ?

উ: গোবিন্দ সাগৰ হ্ৰদ (ভাক্ৰা নাংগল)

৫০। ভাৰতবৰ্ষৰ দীর্ঘতম নলা (কেনেল) টোৰ নাম কি ?

উ: ৰাজস্থান কেনেল বা ইন্দিৰা গান্ধী কেনেল।

৫১। ভাৰতবৰ্ষৰ উচ্চতম প্রৱেশদ্বাৰ কোনটো ?

উ: বুলন্দ দৰৱাজা (আগ্ৰা) 

৫২। ভাৰতবৰ্ষৰ সর্ববৃহৎ চিৰিয়াখানা কোনখন?

উ: জু'লজিকেল গাৰ্ডেন (কলকাতা)

৫৩। উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ’গুৱাহাটী কোনখন নদীৰ পাৰত অৱস্থিত?

উ: ব্ৰহ্মপুত্ৰ।

৫৪। ভাৰতৰ কোনখন ৰাজ্য খনিজ পদার্থত আটাইতকৈ চহকী ?

উ: ঝাৰখণ্ড।

৫৫। ভাৰতৰ উচ্চতম দূৰদৰ্শন স্তম্ভ কোনটো ?

উ: নতুন দিল্লীস্থ প্ৰিতমপুৰ দূৰদৰ্শন স্তম্ভ (২৩৫ মিটাৰ ওখ)

৫৬। ভাৰতৰ ক্ষুদ্রতম ৰাজ্য ৰাজ্য গোৱাৰ মাটিকালি কিমান ?

উ:৩৭০২ বৰ্গ কিঃমিঃ

৫৭। বিশ্বৰ উচ্চতম ৰণক্ষেত্ৰখন ভাৰতৰ ক'ত অৱস্থিত ?

উ: চিয়াছেন গ্লেচিয়েৰ।

৫৮। বিশ্বৰ উচ্চতম বান্ধটো হিমাচল প্রদেশত অৱস্থিত। ইয়াৰ নামটো কি ?

উ: ভাক্ৰা নাংগল বান্ধ (৭৪১ ফুট)

৫৯। ভাৰতৰ বৃহত্তম উদ্যোগ কোনটো ?

উ: বয়ন উদ্যোগ।

৬০। এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য কোনখন?

উ: জম্মু আৰু কাশ্মীৰ।

৬১। ভাৰতৰ সর্ববৃহৎ মৰুভূমি কোন ঠাইত অৱস্থিত?

উ: ৰাজস্থান।

৬২। ভাৰতৰ দীর্ঘতম ৰে'লৱে প্লেটফর্মটোৰ নাম কি?

উ: খড়গপুৰ।

৬৩। কিমানটা দ্বীপ লগ লাগি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ গঠিত?

উ: ৫০০ টা।

৬৪। চণ্ডীগড় চহৰখনৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল ?

উ: লে কোৰবাছিয়াৰ।

৬৫। জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি ?

উ: ছিকিম।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।


Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।