ভাৰতীয় ৰাজনীতি। প্ৰশ্নোত্তৰ (Q&A) General Knowledge

                                ভাৰতীয় ৰাজনীতি 

                     প্ৰশ্নোত্তৰ (Questions & Answers)


১। ৰাজ্যসভাৰ অধ্যক্ষ কোন?

উ: উপ-ৰাষ্ট্ৰপতি।

২। ৰাষ্ট্রপতিয়ে লােকসভাত সংখ্যাগৰিষ্ঠতা অর্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে?

উ: প্ৰধান মন্ত্ৰী।

৩। কেবিনেট মন্ত্রী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী?

উ: লোকসভা।

৪। ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে?

উ: ৰাষ্ট্ৰপতি।

৫। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উ: ৰাজ্যপাল।

৬। কেন্দ্রীয় মন্ত্রী পৰিষদৰ মুৰব্বী কোন?

উ: প্ৰধান মন্ত্ৰী।

৭। চহৰ এখনৰ কোনটো প্রশাসনীয় গােটক স্থানীয়ভাৱে নির্বাচন কৰা হয়?

উ: নগৰপালিকা নিগম বা পৌৰ নিগম।

৮। ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?

উ: ৰাজ্যপাল।

৯। ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি ?

উ: লোকসভা আৰু ৰাজ্যসভা।

১০। লােকসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হােৱা প্রয়ােজন?

উ: ২৫ বছৰ।

১১। ভাৰতৰ ৰাষ্ট্রপতিয়ে লােকসভালৈ কিমানজন সদস্য মনােনীত কৰিব পাৰে?

উ: দুজন সদস্য।

১২। লােকসভাৰ অধ্যক্ষ কোনে নির্বাচিত কৰে ?

উ: লোকসভাৰ সদস্যসকলে।

১৩। কেন্দ্রীয় কেবিনেট মন্ত্রীসকলক কোনে নিযুক্তি দিয়ে?

উ: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

১৪। ভাৰতবৰ্ষৰ কেন্দ্রীয় লােকসেৱা আয়ােগ (UPSC) ৰ অধ্যক্ষ আৰু সদস্যসকলৰ কার্যকাল কিমান?

উ: ৬ বছৰ।

১৫। ৰাজ্যসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান?

উ: ২৫০ জন।

১৬। লােকসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ?

উ: ৫৫২ জন (সৰ্বাধিক)

১৭। ভাৰতৰ সাধাৰণ নির্বাচন পােনপ্ৰথমে কোন চনত অনুষ্ঠিত হৈছিল ?

উ: ১৯৫২ চনত।

১৮। ভাৰতত ৰাষ্ট্ৰপতি নতুবা উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতত কোনে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰে?

উ: উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে।

১৯। ৰাজ্যৰ ৰাজ্যপালৰ মৃত্যু হলে বা তেওঁ পদত্যাগ কৰিলে, নতুন ৰাজ্যপাল এজনক নিযুক্তি প্রদান নকৰালৈকে ৰাজ্যপালৰ

দায়িত্ব ভাৰ কোনে পালন কৰে ?

উ: উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

২০। ড° বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ অন্তৰ আত্মা’ আখ্যা দিছিল ?

উ: সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

২১। লােকসভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উ: জি ভি মাভালাংকাৰ ।

২২। ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে?

উ: ২১ খন।

২৩। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিল ?

উ: সৰোজিনী নাইডু।

২৪। পােন প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশােধন কৰা হৈছিল ?

উ: ১৯৫১ চনত।

২৫। ভাৰতীয় জাতীয় পতাকাখনৰ দীঘ আৰু প্রস্থৰ অনুপাত কিমান?

উ: ২:৩

২৬। ২৪ নং অনুচ্ছেদে শিশু শ্ৰমৰ বাধা দিয়া ক্ষেত্র টো কি? 

উ: বিপদসংকুল উদ্যোগত।

২৭। ভাৰতবৰ্ষৰ্ক কিয় গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয় ?

উ: ৰাষ্ট্ৰৰ মূৰব্বী জনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয় বাবে।

২৮। ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত ?

উ: নতুন দিল্লী।

২৯। ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা বলৱৎ কৰা হয় ?

উ: ২৬ জানুৱাৰী , ১৯৫০

৩০। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কার্যকাল কিমান ?

উ: ৫ বছৰ।

৩১। ভাৰতৰ জাতীয় পতাকাত থকা অশােক চক্ৰত কিমানডাল দণ্ড আছে?

উ: ২৪ ডাল ।

৩২। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উ: চি ৰাজাগোপালাচাৰী।

৩৩। ভাৰতৰ সংবিধানত বর্তমান কিমানটা অনুসূচী আছে?

উ: ১২ টা।

৩৪। ভাৰতত হিন্দীৰ পিছতে সর্বাধিক কথিত ভাষাটো কি?

উ: তেলেগু।

৩৫। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট গঠিত হৈছিল? 

উ: বাংলাদেশ।

৩৬। ভাৰতবৰ্ষত এজন নাগৰিকে কিমান বছৰ বয়সত ভােটাধিকাৰ লাভ কৰে?

উ: ১৮ বছৰ।

৩৭। ভাৰতীয় সংবিধানৰ পিতৃ স্বৰূপ কাক আখ্যা দিয়া হয় ?

উ: ড° বি আৰ আম্বেদকাৰ।

৩৮। ভাৰতৰ ৰাষ্ট্রপতি পদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ প্রার্থী ন্যূনতম বয়স কিমান হ'ব লাগে ?

উ: ৩৫ বছৰ।

৩৯। এতিয়ালৈ মুঠ কেইটা আঞ্চলিক ভাষাক ভাৰতীয় সংবিধানে স্বীকৃতি প্রদান কৰিছে?

উ: ২২ টা ভাষা।

৪০। কোনখন বিধেয়ক কেৱল লােকসভাতহে উত্থাপন কৰিব পাৰি?

উ: বিত্তীয় বিধেয়ক।

৪১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘােষণা কৰিছে?

উ: ৩৪৩ নং অনুচ্ছেদ।

৪২। ভাৰতৰ সংবিধানে নাগৰিকসকলৰ বাবে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰিছে?

উ: ৬ টা।

৪৩। কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্রপতিয়ে কোনাে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রবর্তন কৰিব পাৰে ?

উ: ৩৫৬ নং অনুচ্ছেদ।

৪৪। উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান ?

উ: ৬৫ বছৰ।

৪৫। কোনখন উচ্চ ন্যায়ালয়ে সর্বাধিক ৰাজ্যত ক্ষেত্ৰাধিকাৰ সাব্যস্ত কৰে?

উ: গুৱাহাটী উচ্চ ন্যায়ালয় ( অসম)

৪৬। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভাৰ কার্যকাল ৬ বছৰ ?

উ: জম্মু আৰু কাশ্মীৰ।

৪৭। নির্বাচকমণ্ডলীৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্রতম লােকসভা নির্বাচনী সমষ্টি কোনটো ?

উ: লাক্ষাদ্বীপ।

৪৮। ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ১৯৮২ চনত পােন প্ৰথমবাৰৰ বাবে ইলেক্ট্রনিক ভােট গ্রহণ যন্ত্র (EVM)

ব্যৱহাৰ কৰা হৈছিল ?

উ: কেৰালা ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন।

৪৯। ভাৰতৰ পৰিকল্পনা আয়ােগৰ সভাপতি কোন?

উ: ভাৰতৰ প্ৰধান মন্ত্ৰী।

৫০। ভাৰতৰ কোনখন ৰাজ্যই লােকসভালৈ সৰ্বাধিক সদস্য নির্বাচিত কৰি পঠিয়ায়?

উ: উত্তৰ প্ৰদেশ।

৫১। ভাৰতীয় সংবিধানখন সংশােধনৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰা হৈছে?

উ: ভাৰতীয় সংসদক হাতত ন্যস্ত কৰা হৈছে।

৫২। ভাৰতৰ কোনখন ৰাজ্যই ১৯৫৯ চনত পােন প্রথমে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্রবর্তন কৰিছিল ?

উ: ৰাজস্থান।

৫৩। ভাৰতৰ কেৱল এখন কেন্দ্রীয় শাসিত অঞ্চলৰ নিজা উচ্চ ন্যায়ালয় আছে। এই কেন্দ্রীয় শাসন অঞ্চলৰ নাম কি ?

উ: দিল্লী।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।


Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।