আমাৰ দেশৰ কিছু তথ্যৰ প্ৰশ্নোত্তৰ (Questions and Answers) সাধাৰণ জ্ঞান।

                      আমাৰ দেশৰ কিছু তথ্যৰ

           প্ৰশ্নোত্তৰ (Questions and Answers)


১। ভাৰতবৰ্ষৰ সর্বপ্রথম পাৰমাণবিক শক্তি কেন্দ্ৰটো কোনখন ঠাইত অৱস্থিত?

উ: তাৰাপুৰ (মহাৰাষ্ট্ৰ)

২। ভাৰতবৰ্ষৰ সর্ববৃহৎ সংগ্রহালয় কোনটো ?

উ: ইণ্ডিয়ান মিউজিয়াম (কলকাতা)

৩। ভাৰতৰ বিলাসী ৰে'ল The Palace on Wheels-এ ক’ৰ পৰা যাত্ৰা আৰম্ভ কৰে ?

উ: দিল্লীৰ কেন্টনমেন্টনৰ পৰা ।

৪। কর্ণাটকৰ শ্ৰাৱণবেলাগােলাত অৱস্থিত ভাৰতবৰ্ষৰ সর্বোচ্চ মূর্তিটোৰ নাম কি ?

উ: শ্ৰীগোমতেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী।

৫। ভাৰতবৰ্ষৰ দীর্ঘতম সুৰংগ কোনটো ?

উ: জৱাহৰ সুৰংগ।

৬। মাউন্ট এভাৰেষ্ট আৰােহণ কৰা প্রথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি ?

উ: বাচেন্দ্ৰী পাল ( ১৯৮৪)

৭। কিমানটা গুহা লগলাগি অজন্তা গুহা গঠিত হৈছে?

উ: ২৯ টা।

৮। ভাৰতীয় বৈদেশিক বাণিজ্য প্রতিষ্ঠান ক'ত অৱস্থিত ?

উ: নতুন দিল্লী।

৯। ভাৰতবৰ্ষত এক টকীয়া কাগজী মুদ্রা ছপাকৰণৰ একচেটিয়া স্বত্ব কাক প্রদান কৰা হৈছে?

উ: ভাৰত চৰকাৰ।

১০। সর্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ?

উ: ছত্তীছগঢ়

১১। ভাৰতবৰ্ষত বীমা ব্যৱসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটো কি? 

উ: ইঞ্চিউৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ'ৰিটি।

১২। ভাৰতৰ সবাতােকৈ বৃহৎ জেট লাইনাৰ (Jet Liner) কোনখন?

উ: ভাৰতৰ নতুন বোয়েয়িং - ৭৪৭-৪০০ (Boeing 747-400) ৪০০ জন যাত্ৰী লৈ একেৰাহে ৮,৩০০ মাইল‌ উৰিবলৈ সক্ষম।

১৩। ভাৰতৰ দীর্ঘতম পথ দলং কোনখন ?

উ: মহাত্মা গান্ধী সেতু।

১৪। সর্বোচ্চ স্থানত অৱস্থিত অল ইণ্ডিয়া ৰেডিঅ'ৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ নাম কি?

উ: লেহ।

১৫। ভাৰতৰ এখন ৰাজ্যক ঈশ্বৰৰ ৰম্যভূমি’(The Abode of God) নামে জনা যায়। ৰাজ্যখন কি ?

উ: হাৰিয়ানা।

১৬। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি ?

উ: গোৱা।

১৭। নদীৰ ওপৰত নির্মিত পৃথিৱীৰ ব্যস্ততম দলঙখন ভাৰতত অৱস্থিত। এই দলং (সেতু) খনৰ নাম কি ?

উ: হাওৰা ব্ৰীজ (ৰবীন্দ্ৰ সেতু)

১৮। ভাৰতত জনসংখ্যা গণনাৰ বাবে এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে লােকপিয়ল অনুষ্ঠিত হয়। কিমান বছৰৰ মূৰে মূৰে এই লােকপিয়ল অনুষ্ঠিত হয়?

উ:  প্ৰতি ১০ বছৰৰ মূৰে মূৰে।

১৯। ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত সীমাৰেখাডালক কি বুলি জনা যায় ?

উ: ৰেডক্লিফ লাইন।

২০। ভাৰতবৰ্ষৰ উত্তৰ-পূর্বাঞ্চলত অৱস্থিত নাগালেণ্ড ৰাজ্যৰ চৰকাৰী ভাষা কি?

উ: ইংৰাজী।

২১। সত্ৰীয়া নৃত্য’ ভাৰতৰ কোন ৰাজ্যৰ সৈতে জড়িত?

উ: অসম।

২২। ভাৰতৰ উচ্চতম ন্যায়ালয় কোনখন ঠাইত অৱস্থিত?

উ: নতুন দিল্লী।

২৩। উত্তৰ প্ৰদেশৰ মাজেদি বৈ যােৱা কোনখন নদীক ‘মুক্তিদায়িনী আৰু পৱিত্ৰ নদী বুলি জনা যায়?

উ: গংগা নদী।

২৪। উত্তৰ প্ৰদেশৰ হৰিদ্বাৰৰ ওচৰৰ কোনখন ঠাইক ‘পৃথিৱীৰ যােগী সকলৰ ৰাজধানী’ (Yogi Capital of the World) বুলি জনা যায় ?

উ: ঋষিকেশ।

২৫। গুজৰাট ৰাজ্যৰ কোনখন চহৰ হীৰা কটা উদ্যোগৰ বাবে জনাজাত?

উ: চুৰাট।

২৬। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইডােখৰ কিমানটা দ্বীপ লগ লাগি গঠিত হৈছে?

উ: সাতটা।

২৭। পশ্চিম বংগৰ লােকসকলে সবাতােকৈ উৎসাহ উদ্দীপনাৰে। পালন কৰা উৎসৱটোৰ নাম কি?

উ: দুৰ্গা পূজা।

২৮। উৰিষ্যা ৰাজ্যৰ কোন ঠাই ৰথ যাত্ৰাৰ বাবে প্রসিদ্ধ ?

উ: পুৰী।

২৯। ভাৰৰ কোনখন চহৰক ছিলিকন ভেলী (Silicon Valley) বুলিও জানা যায় ?

উ: বেংগালুৰু।

৩০। ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত? 

উ: কেৰালা।


বিভিন্ন কিতাপৰ পৰা সংগৃহীত।




Comments

Popular posts from this blog

অনুৰূপ, অনুকাৰ শব্দ। অসমীয়া ব্যাকৰণ।

অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

বিপৰীত শব্দ (Opposite words) অসমীয়া জ্ঞান।